--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশ্লীল ভংগীমাত ছবি পোষ্ট কৰি বিতৰ্কৰ মধ্যমণি হৈ পৰা অভিনেত্ৰী উৰ্ফি জাভেদ আৰু মহাৰাষ্ট্ৰ এগৰাকী বিজেপি নেত্ৰীৰ যুঁজ৷ এই যুঁজৰ প্ৰসংগই  এতিয়া আৰক্ষী থানা গৈ পাইছে৷ এনে সময়তে " অশ্লীলতা"ৰ অপবাদক প্ৰত্যাহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ প্ৰাচীন হিন্দু মহিলাৰ পোছাকৰ কথা উল্লেখ কৰিছে৷ 

এটা টুইটত উৰ্ফি জাভেদে কয় "প্ৰাচীন হিন্দু মহিলাসকলে এনেদৰেই পোছাক পিন্ধিছিল। হিন্দুসকল উদাৰ, শিক্ষিত, মহিলাসকলক তেওঁলোকৰ কাপোৰ বাছনি কৰিবলৈ অনুমতি দিয়া হৈছিল, ক্ৰীড়া, ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।  মহিলাৰ শৰীৰৰ প্ৰতি তেওঁলোকৰ ইতিবাচক মনোভাৱ আছিল। প্ৰথমে ভাৰতীয় সংস্কৃতিৰ বিষয়ে শিকক,"  ।

উৰ্ফিয়ে আনকি আৰক্ষীক দিয়া বিবৃতিতো প্ৰাচীন হিন্দু মহিলাই পিন্ধা পোছাকৰ কথা উল্লেখ কৰিছে৷ 
উৰ্ফিৰ বিবৃতিটো শনিবাৰে মুম্বাই আৰক্ষীয়ে লিপিবদ্ধ কৰে। ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী  চিত্ৰা ৱাঘে উৰ্ফিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এজন আৰক্ষী বিষয়াই কয়  যে তেওঁক সোধা-পোছাৰ বাবে মতাৰ  পিছত জাভেদে তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ আম্বোলি আৰক্ষী থানালৈ গৈছিল।জাভেদে আৰক্ষীক কয় যে প্ৰাচীন হিন্দু মহিলাসকলেও তেনেধৰণৰ  এনেদৰে পোছাকেই পিন্ধিছিল। 

সেয়া যদি অশ্লীল নাছিল, তেওঁ পিন্ধিলে অশ্লীল হয় কেনেকৈ? মহাৰাষ্ট্ৰৰ বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি চিত্ৰা ৱাঘে উৰ্ফিৰ বিৰুদ্ধে "অশ্লীলতা" বিয়পোৱা আৰু নগ্নতাৰ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এটা ভিডিঅ'ত চিত্ৰাই উৰ্ফিৰ পোছাকৰ শৈলীৰ ওপৰত ক্ষোভ  উজাৰি দিছিল। তেওঁ আনকি উৰ্ফিক গ্ৰেপ্তাৰ কৰিবলৈও তেওঁ  দাবী জনাইছিল। তাৰ পিছতে উৰ্ফিয়েও চিত্ৰাক উভতি ধৰিছিল৷  শুক্ৰবাৰে উৰ্ফিয়ে চিত্ৰাৰ বিৰুদ্ধে অভিযোগ লৈ মহাৰাষ্ট্ৰ মহিলা আয়োগৰ কাষ চাপিছিল। তেওঁ আয়োগৰ অধ্যক্ষা ৰূপালী চকংকৰক লগ কৰিছিল। উৰ্ফিয়ে দাবী কৰিছিল যে চিত্ৰাৰ মন্তব্যৰ বাবেই  তেওঁৰ ওপৰত  শাৰীৰিকভাবে  আক্ৰমণ আশংকা বৃদ্ধি পাইছে। উৰ্ফিৰ অধিবক্তা নীতিন সতপুতেও চিত্ৰা ৱাঘৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক