--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশ্লীল ভংগীমাত ছবি পোষ্ট কৰি বিতৰ্কৰ মধ্যমণি হৈ পৰা অভিনেত্ৰী উৰ্ফি জাভেদ আৰু মহাৰাষ্ট্ৰ এগৰাকী বিজেপি নেত্ৰীৰ যুঁজ৷ এই যুঁজৰ প্ৰসংগই  এতিয়া আৰক্ষী থানা গৈ পাইছে৷ এনে সময়তে " অশ্লীলতা"ৰ অপবাদক প্ৰত্যাহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ প্ৰাচীন হিন্দু মহিলাৰ পোছাকৰ কথা উল্লেখ কৰিছে৷ 

এটা টুইটত উৰ্ফি জাভেদে কয় "প্ৰাচীন হিন্দু মহিলাসকলে এনেদৰেই পোছাক পিন্ধিছিল। হিন্দুসকল উদাৰ, শিক্ষিত, মহিলাসকলক তেওঁলোকৰ কাপোৰ বাছনি কৰিবলৈ অনুমতি দিয়া হৈছিল, ক্ৰীড়া, ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।  মহিলাৰ শৰীৰৰ প্ৰতি তেওঁলোকৰ ইতিবাচক মনোভাৱ আছিল। প্ৰথমে ভাৰতীয় সংস্কৃতিৰ বিষয়ে শিকক,"  ।

উৰ্ফিয়ে আনকি আৰক্ষীক দিয়া বিবৃতিতো প্ৰাচীন হিন্দু মহিলাই পিন্ধা পোছাকৰ কথা উল্লেখ কৰিছে৷ 
উৰ্ফিৰ বিবৃতিটো শনিবাৰে মুম্বাই আৰক্ষীয়ে লিপিবদ্ধ কৰে। ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী  চিত্ৰা ৱাঘে উৰ্ফিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এজন আৰক্ষী বিষয়াই কয়  যে তেওঁক সোধা-পোছাৰ বাবে মতাৰ  পিছত জাভেদে তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ আম্বোলি আৰক্ষী থানালৈ গৈছিল।জাভেদে আৰক্ষীক কয় যে প্ৰাচীন হিন্দু মহিলাসকলেও তেনেধৰণৰ  এনেদৰে পোছাকেই পিন্ধিছিল। 

সেয়া যদি অশ্লীল নাছিল, তেওঁ পিন্ধিলে অশ্লীল হয় কেনেকৈ? মহাৰাষ্ট্ৰৰ বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি চিত্ৰা ৱাঘে উৰ্ফিৰ বিৰুদ্ধে "অশ্লীলতা" বিয়পোৱা আৰু নগ্নতাৰ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এটা ভিডিঅ'ত চিত্ৰাই উৰ্ফিৰ পোছাকৰ শৈলীৰ ওপৰত ক্ষোভ  উজাৰি দিছিল। তেওঁ আনকি উৰ্ফিক গ্ৰেপ্তাৰ কৰিবলৈও তেওঁ  দাবী জনাইছিল। তাৰ পিছতে উৰ্ফিয়েও চিত্ৰাক উভতি ধৰিছিল৷  শুক্ৰবাৰে উৰ্ফিয়ে চিত্ৰাৰ বিৰুদ্ধে অভিযোগ লৈ মহাৰাষ্ট্ৰ মহিলা আয়োগৰ কাষ চাপিছিল। তেওঁ আয়োগৰ অধ্যক্ষা ৰূপালী চকংকৰক লগ কৰিছিল। উৰ্ফিয়ে দাবী কৰিছিল যে চিত্ৰাৰ মন্তব্যৰ বাবেই  তেওঁৰ ওপৰত  শাৰীৰিকভাবে  আক্ৰমণ আশংকা বৃদ্ধি পাইছে। উৰ্ফিৰ অধিবক্তা নীতিন সতপুতেও চিত্ৰা ৱাঘৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু