--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত দেশৰ পৰা অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ কথা বিভিন্ন জনে কৈ আহিছে সেই সময়তে ভাৰতৰ সম্পদ বিতৰণৰ ক্ষেত্ৰত হোৱা  বৈষম্য চকুত লগা ধৰণৰ হৈছে। লক্ষ্যণীয় কথাটো হ’ল  দেশৰ মাত্ৰ ১ শতাংশ অতি ধনী লোকৰ হাততেই  আছে ৪০.১ শতাংশ সম্পদ। 

১৯৯২ চনৰ পিছত দেশত বিদেশী বিনিয়োগৰ বাট মুকলি হোৱাৰ  পাছৰে পৰা  বিলিয়নেয়াৰৰ সংখ্যা বৃদ্ধি পাই গৈ আছে । প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত দ্ৰুত অৰ্থনৈতিক বিকাশৰ মাজতে ধনী-দৰিদ্ৰৰ  ব্যৱধানো বৃদ্ধি পাইছে। ভাৰতৰ জনসংখ্যাৰ আটাইতকৈ ধনী ১ শতাংশ লোকৰ মাজত কেন্দ্ৰীভূত সম্পদ ছয় দশকত সৰ্বাধিক হৈ পৰিছে । ৱৰ্ল্ড ইনইকুৱেলিটি লেব নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা শেহতীয়া অধ্যয়নত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ১৯৪৭ চনত ব্ৰিটিছৰ  পৰা স্বাধীনতা লাভ কৰা ভাৰতে ১৯৯২ চনত বিদেশী বিনিয়োগৰ বাবে ইয়াৰ বজাৰ মুকলি কৰি দিছিল। 

 ইয়াৰ ফলত ভাৰতত  বিলিয়নেয়াৰৰ সংখ্যা বৃদ্ধি পাইছে।২০২৩  চনৰ শেষলৈ ভাৰতৰ আটাইতকৈ ধনী 
নাগৰিকসকল  দেশৰ ৪০.১% সম্পদৰ মালিক হৈছে। ১৯৬১  চনৰ পিছত তেওঁলোকৰ মুঠ উপাৰ্জনৰ অংশ আছিল ২২.৬%।  ২০১৪  চনত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উন্নয়ন আৰু অৰ্থনৈতিক সংস্কাৰৰ বাবেই  নিৰ্বাচিত হৈছিল। তেওঁৰ সমালোচকসকলে কয় যে তেওঁৰ কাৰ্যকালৰ অন্তিম দুটা কাৰ্যকাল ধনী আৰু দৰিদ্ৰৰ মাজত বৰ্ধিত ব্যৱধানৰ বছৰ।  কিয়নো ভাৰতৰ অৰ্থনীতি ৮.৪ % হাৰত বৃদ্ধি পাইছে। 

 ফৰ্বছ বিলিয়নেয়াৰ ৰেংকিঙৰ তথ্যই দেখুৱাইছে যে মুঠ সম্পদ ১ বিলিয়ন ডলাৰ অতিক্ৰম কৰা ভাৰতীয়ৰ সংখ্যা ১৯৯১ চনৰ এজনৰ পৰা ২০২২ চনত ১৬২  লৈ বৃদ্ধি হৈছে। এছিয়াৰ দুই ধনী ব্যক্তি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানী আৰু আদানি গ্ৰুপৰ গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ লক্ষ্যণীয় ঙাৰত বৃদ্ধি পাইছে।  ৯২  নিযুত ভাৰতীয় প্ৰাপ্তবয়স্কৰ গড় সম্পদ ২২.৬  বিলিয়ন টকা (২৭১.৯১ নিযুত ডলাৰ) । আনহাতে   দেশৰ অতি ধনী ১ শতাংশ  লোকৰ গড় সম্পদ হৈছে  ৫৪ নিযুত টকা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান