--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত দেশৰ পৰা অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ কথা বিভিন্ন জনে কৈ আহিছে সেই সময়তে ভাৰতৰ সম্পদ বিতৰণৰ ক্ষেত্ৰত হোৱা  বৈষম্য চকুত লগা ধৰণৰ হৈছে। লক্ষ্যণীয় কথাটো হ’ল  দেশৰ মাত্ৰ ১ শতাংশ অতি ধনী লোকৰ হাততেই  আছে ৪০.১ শতাংশ সম্পদ। 

১৯৯২ চনৰ পিছত দেশত বিদেশী বিনিয়োগৰ বাট মুকলি হোৱাৰ  পাছৰে পৰা  বিলিয়নেয়াৰৰ সংখ্যা বৃদ্ধি পাই গৈ আছে । প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত দ্ৰুত অৰ্থনৈতিক বিকাশৰ মাজতে ধনী-দৰিদ্ৰৰ  ব্যৱধানো বৃদ্ধি পাইছে। ভাৰতৰ জনসংখ্যাৰ আটাইতকৈ ধনী ১ শতাংশ লোকৰ মাজত কেন্দ্ৰীভূত সম্পদ ছয় দশকত সৰ্বাধিক হৈ পৰিছে । ৱৰ্ল্ড ইনইকুৱেলিটি লেব নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা শেহতীয়া অধ্যয়নত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ১৯৪৭ চনত ব্ৰিটিছৰ  পৰা স্বাধীনতা লাভ কৰা ভাৰতে ১৯৯২ চনত বিদেশী বিনিয়োগৰ বাবে ইয়াৰ বজাৰ মুকলি কৰি দিছিল। 

 ইয়াৰ ফলত ভাৰতত  বিলিয়নেয়াৰৰ সংখ্যা বৃদ্ধি পাইছে।২০২৩  চনৰ শেষলৈ ভাৰতৰ আটাইতকৈ ধনী 
নাগৰিকসকল  দেশৰ ৪০.১% সম্পদৰ মালিক হৈছে। ১৯৬১  চনৰ পিছত তেওঁলোকৰ মুঠ উপাৰ্জনৰ অংশ আছিল ২২.৬%।  ২০১৪  চনত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উন্নয়ন আৰু অৰ্থনৈতিক সংস্কাৰৰ বাবেই  নিৰ্বাচিত হৈছিল। তেওঁৰ সমালোচকসকলে কয় যে তেওঁৰ কাৰ্যকালৰ অন্তিম দুটা কাৰ্যকাল ধনী আৰু দৰিদ্ৰৰ মাজত বৰ্ধিত ব্যৱধানৰ বছৰ।  কিয়নো ভাৰতৰ অৰ্থনীতি ৮.৪ % হাৰত বৃদ্ধি পাইছে। 

 ফৰ্বছ বিলিয়নেয়াৰ ৰেংকিঙৰ তথ্যই দেখুৱাইছে যে মুঠ সম্পদ ১ বিলিয়ন ডলাৰ অতিক্ৰম কৰা ভাৰতীয়ৰ সংখ্যা ১৯৯১ চনৰ এজনৰ পৰা ২০২২ চনত ১৬২  লৈ বৃদ্ধি হৈছে। এছিয়াৰ দুই ধনী ব্যক্তি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানী আৰু আদানি গ্ৰুপৰ গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ লক্ষ্যণীয় ঙাৰত বৃদ্ধি পাইছে।  ৯২  নিযুত ভাৰতীয় প্ৰাপ্তবয়স্কৰ গড় সম্পদ ২২.৬  বিলিয়ন টকা (২৭১.৯১ নিযুত ডলাৰ) । আনহাতে   দেশৰ অতি ধনী ১ শতাংশ  লোকৰ গড় সম্পদ হৈছে  ৫৪ নিযুত টকা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু