--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনলাইন খাদ্য ডেলিভাৰী কোম্পানী ছুইগিৰ ৮ৰ পৰা ১০ শতাংশ কৰ্মী ব্যৱসায়ৰ পৰা আঁতৰি যাব। এনে এক সৰ্বভাৰতীয় প্ৰেছৰ দাবী। কোৱা হয় যে ছুইগিৰ ধন কম হৈছে। আৰু সেইবাবেই এনে পদক্ষেপ। এই কথা দাবী কৰিছে বিষয়টোৰ বিষয়ে জ্ঞান থকা দুজন লোকে।

২০১৪ চনত ছুইগিয়ে তেওঁলোকৰ ব্যৱসায় যখত্ৰা আৰম্ভ কৰিছিল। কেইবছৰমানৰ ভিতৰতে কোম্পানীটো অতি জনপ্ৰিয় হৈ উঠিছিল। প্ৰায় ৫০০ ঠাইত ১ লাখ ৬০ হাজাৰ ৰেষ্টুৰেণ্টৰ সৈতে জড়িত ছুইগি । কিন্তু ক’ৰোনাৰ সময়ত ছুইগিৰ কৰ্মী সকলে চাকৰি হেৰুৱাছিল। অনলাইন ফুড ডেলিভাৰী কোম্পানী ছুইগিয়ে আকৌ সেই পথেৰে খোজ দিবলৈ ওলাইছে।

নিশ্চয় এই খবৰে ভয়ৰ সৃষ্টি কৰিছে। ছুইগিত প্ৰায় ৬ হাজাৰ কৰ্মচাৰীয়ে কাম কৰে। ৬০০ শ্ৰমিকে এবাৰতে চাকৰি হেৰুৱাব পাৰে। যোৱা ৬ মাহত ক্ৰমান্বয়ে কামৰ বোজা বৃদ্ধি পাইছে। কোম্পানীটোৱে যোৱা অক্টোবৰ মাহত কৰ্মচাৰীৰ কৰ্মক্ষমতাৰ পৰ্যালোচনা আৰম্ভ কৰিছিল। সেই পৰ্যালোচনা শেহতীয়াকৈ সম্পূৰ্ণ হৈছে। শুনা যায় যে এই চাকৰিচ্যুতিৰ সিদ্ধান্ত তাৰ পাছতেই লোৱা হৈছে।

যোৱা বছৰ আৰ্থিক সংকটৰ বাবে বহু কোম্পানীয়ে কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। তথ্য প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত এই ধাৰা দেখা গৈছিল। মুঠতে ১৭ হাজাৰ শ্ৰমিকে চাকৰি হেৰুৱালে। ইয়াৰ ভিতৰত আছিল জ’মেটোৰ দৰে অনলাইন ফুড ডেলিভাৰী কোম্পানী। যোৱা নৱেম্বৰ মাহত তেওঁলোকে প্ৰায় ৩ শতাংশ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। এইবাৰ ছুইগিও সেইদৰেই আগবাঢ়িছে। সূত্ৰসমূহে দাবী কৰিছে যে ছুইগিয়ে সকলো কৰ্মচাৰীকে ০ৰ পৰা ৫ৰ স্কেলত ৰেটিং দিছিল। ২ বা তাৰ তলৰ ৰেটিং পোৱাসকলেই কোম্পানীৰ এই সিদ্ধান্তৰ বলি হ’বলৈ গৈ আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ছুইগিৰ কোনো বক্তব্য দিয়া হোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু