--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনলাইন খাদ্য ডেলিভাৰী কোম্পানী ছুইগিৰ ৮ৰ পৰা ১০ শতাংশ কৰ্মী ব্যৱসায়ৰ পৰা আঁতৰি যাব। এনে এক সৰ্বভাৰতীয় প্ৰেছৰ দাবী। কোৱা হয় যে ছুইগিৰ ধন কম হৈছে। আৰু সেইবাবেই এনে পদক্ষেপ। এই কথা দাবী কৰিছে বিষয়টোৰ বিষয়ে জ্ঞান থকা দুজন লোকে।

২০১৪ চনত ছুইগিয়ে তেওঁলোকৰ ব্যৱসায় যখত্ৰা আৰম্ভ কৰিছিল। কেইবছৰমানৰ ভিতৰতে কোম্পানীটো অতি জনপ্ৰিয় হৈ উঠিছিল। প্ৰায় ৫০০ ঠাইত ১ লাখ ৬০ হাজাৰ ৰেষ্টুৰেণ্টৰ সৈতে জড়িত ছুইগি । কিন্তু ক’ৰোনাৰ সময়ত ছুইগিৰ কৰ্মী সকলে চাকৰি হেৰুৱাছিল। অনলাইন ফুড ডেলিভাৰী কোম্পানী ছুইগিয়ে আকৌ সেই পথেৰে খোজ দিবলৈ ওলাইছে।

নিশ্চয় এই খবৰে ভয়ৰ সৃষ্টি কৰিছে। ছুইগিত প্ৰায় ৬ হাজাৰ কৰ্মচাৰীয়ে কাম কৰে। ৬০০ শ্ৰমিকে এবাৰতে চাকৰি হেৰুৱাব পাৰে। যোৱা ৬ মাহত ক্ৰমান্বয়ে কামৰ বোজা বৃদ্ধি পাইছে। কোম্পানীটোৱে যোৱা অক্টোবৰ মাহত কৰ্মচাৰীৰ কৰ্মক্ষমতাৰ পৰ্যালোচনা আৰম্ভ কৰিছিল। সেই পৰ্যালোচনা শেহতীয়াকৈ সম্পূৰ্ণ হৈছে। শুনা যায় যে এই চাকৰিচ্যুতিৰ সিদ্ধান্ত তাৰ পাছতেই লোৱা হৈছে।

যোৱা বছৰ আৰ্থিক সংকটৰ বাবে বহু কোম্পানীয়ে কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। তথ্য প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত এই ধাৰা দেখা গৈছিল। মুঠতে ১৭ হাজাৰ শ্ৰমিকে চাকৰি হেৰুৱালে। ইয়াৰ ভিতৰত আছিল জ’মেটোৰ দৰে অনলাইন ফুড ডেলিভাৰী কোম্পানী। যোৱা নৱেম্বৰ মাহত তেওঁলোকে প্ৰায় ৩ শতাংশ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। এইবাৰ ছুইগিও সেইদৰেই আগবাঢ়িছে। সূত্ৰসমূহে দাবী কৰিছে যে ছুইগিয়ে সকলো কৰ্মচাৰীকে ০ৰ পৰা ৫ৰ স্কেলত ৰেটিং দিছিল। ২ বা তাৰ তলৰ ৰেটিং পোৱাসকলেই কোম্পানীৰ এই সিদ্ধান্তৰ বলি হ’বলৈ গৈ আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ছুইগিৰ কোনো বক্তব্য দিয়া হোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক