--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে৷ ডাবৰ পানীৰ ক্ষেত্ৰতো এই কথাষাৰ খাটে৷ গৰমৰ দিনত পিয়াহ পলুৱাবলৈ অথবা দেহত পানীৰ পৰিমাণে সঠিক ৰাখিবলৈ আমি আন শীতল পানীয়ৰ লগতে ডাব নাৰিকৱৰ পানীও পান কৰো। ডাব নাৰিকলৰ পানী নিৰ্ভেজাল আৰু প্ৰাকৃতিক। নাৰিকল পানীৰ যথেষ্ট গুণ  আছে। কিন্তু সকলো ধৰণৰ  উপকাৰ স্বত্বেও অত্যাধিক নাৰিকল পানী খোৱাটো স্বাশ্ত্যৰ বাবে ক্ষতিকৰ হ'ব পাৰে।

সেয়ে ডাব নাৰিকলৰ পানী যিকোনো লোকেই যিমান ইচ্ছা সিমান পান কৰিব পাৰি বুলি আমি বহুতেই ধাৰণা কৰো। কিন্তু কথা বোৰ তেনে নহয়। কেতিয়াবা ডাব নাৰিকলৰ পানীয়েও বহুতৰ বাবে অপকাৰী হৈ উঠিব পাৰে।

যদি আপুনি অত্যাধিক নাৰিকল পানী খায় তেন্তে কি হ'ব?ডাব নাৰিকলৰ পানীয়ে শৰীৰত খনিজ পদাৰ্থৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। কিন্তু ইমান বোৰ স্বাস্থ্যজনিত গুণ থকা স্বত্বেও, অত্যাধিক নাৰিকল পানী খোৱাটো এনেবোৰ কাৰণত ক্ষতিকাৰক হ'ব পাৰে।

১. যদি বৃক্কৰ ৰোগ আছে

ডাব নাৰিকলৰ পানীত বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ থাকে, যেনে  কেলচিয়াম, পটাছিয়াম। বৃক্কৰ সমস্যাত ভুগি থকা সকলে   অত্যাধিক ডাব নাৰিকলৰ পানী খাই থাকিলে  খনিজ নিমখৰ ভাৰসাম্য নষ্ট হ'ব পাৰে। অত্যাধিক নাৰিকলৰ পানী খালে 'হাইপাৰকেলেমিয়া' হ'ব পাৰে। দেহত পটাছিয়াম বিশুদ্ধকৰণৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে। সেয়েহে, বৃক্কৰোগীসকলে ডাব নাৰিকলৰ পানী খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

২. যদি  ৰক্তচাপৰ  সমস্যা ভুগি আছে
ডাব নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে ছডিয়াম থাকে। অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ছডিয়ামৰ উপৰি নাৰিকলৰ পানীত পটাছিয়ামো থাকে। যি ৰক্তচাপ হ্ৰাস কৰিব পাৰে। ফলস্বৰূপে, যিসকলে ৰক্তচাপৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে অত্যাধিক নাৰিকল পানীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৩. ডায়েবেটিচত

ডায়েবেটিচত ভুগি থকা সকলে ডাব নাৰিকলৰ পানী খাব লাগে নে নাই সেই বিষয়ে বিশেষজ্ঞসকলৰ মতভেদ আছে। কিছুমানে কয় যে যেতিয়া শৰীৰত ডিহাইড্ৰেচন হয় তেতিয়া ডাব নাৰিকলৰ পানীয়ে চেনিৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব পাৰে। কিছুমানে কয় যে এক কাপ ডাব নাৰিকলৰ পানীত প্ৰায় ৬.২৬ গ্ৰাম কাৰ্বোহাইড্ৰেট থাকিব পাৰে। যি ৰক্তৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। অৱশ্যে, বিশেষজ্ঞসকলে কয় যে ডাব নাৰিকলৰ পানীত চেনীৰ পৰিমাণ  বজাৰৰ সাধাৰণ পানীয়তকৈ যথেষ্ট কম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত