--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ গধুৰ উদ্যোগ মন্ত্ৰালয়ে বৈদ্যুতিক বাহনৰ উৎপাদনৰ বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰিছে। প্ৰদূষণৰ দিশৰ পৰাই হওঁক বা আন দিশৰ পৰাই হওঁক বৈদ্যুতিক বাহনৰ জনপ্ৰিয়তা এতিয়া যথেষ্ট বৃদ্ধি পাইছে। ২০২৩ বৰ্ষত সেয়ে গধুৰ উদ্যোগ মন্ত্ৰালয়ে  বৈদ্যুতিক বাহনৰ উৎপাদনক উৎসাহিত কৰিবলৈ ৰাজসাহায্যৰ পৰিমাণ বৃদ্ধি কৰিছে। ভাৰত চৰকাৰে পৰিষ্কাৰ আৰু সেউজীয়া  পৰিবহন ব্যৱস্থা  প্ৰদান কৰিবলৈ জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।  সেই উদ্দেশ্যেই প্ৰদূষকৰ  নিৰ্গমন হ্ৰাস কৰাৰ   লক্ষ্যৰে  বৈদ্যুতিক বাহন (এফএএম-২) আঁচনিৰ দ্বিতীয় পৰ্যায় ৰূপায়ণ কৰি আছে৷

 আঁচনিখনত  ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা  পাঁচ বছৰৰ ভিতৰত ১০,০০০ কোটি টকা ব্যয় কৰা হৈছে। ভাৰতত বৈদ্যুতিক বাহনৰ  নিৰ্মাণ ব্যয় ১০,০০০ কোটি টকাৰ পৰা ১১,৫০০ কোটি টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱটো ব্যয় বিভাগে পৰীক্ষা কৰি সেই প্ৰস্তাৱত  অনুমোদন জনাইছে। এই পৰ্যায়ত মুখ্যতঃ ৰাজহুৱা আৰু অংশীদাৰী পৰিবহনৰ বৈদ্যুতিকৰণত সহায় কৰাৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে। লগতে  ই-বাছকে ধৰি চাহিদা থকা   ই-বাহনৰ জৰিয়তে পৰিবহন ব্যৱস্থাটোক প্ৰদূষণমুক্ত কৰাৰ প্ৰয়াস চলোৱা হৈছে।  ইয়াৰ উপৰি  চাৰ্জিং আন্তঃগাঁথনি সৃষ্টি কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হৈছে। 


ফেম ইণ্ডিয়া আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত, ২০২৩ চনৰ ১ ডিচেম্বৰলৈ  ১১, ৫৩,০৭৯ খন  ক বৈদ্যুতিক বাহন বিক্ৰী হৈছে আৰু  বৈদ্যুতিক বাহন নিৰ্মাতাসকলক চৰকাৰে ৫,২২২৮  কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰিছে। ফেমৰ অধীনত– আজিৰ তাৰিখলৈকে, বিভিন্ন এছটিইউ/চিটিইউ/পৌৰ নিগমে গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত পৰিমাণৰ বিপৰীতে ৩৩৯০ খন  ই-বাছৰ বাবে যোগানৰ ফৰমাইছ  আগবঢ়োৱা হৈছে। তাৰে ভিতৰত এতিয়ালৈকে ৩০৩৭  খন ই-বাছ সাজু হৈ উঠিছে। নীতি আয়োগৰ একত্ৰীকৰণ মডেলৰ অধীনত কনভাৰ্জেঞ্চ এনাৰ্জি চাৰ্ভিচেছ লিমিটেডৰ (চিইএছএল) জৰিয়তে আন ৩,৪৭২  খন  ই-বাছৰ চাহিদাৰ বিষয়টো সমাধানৰ চেষ্টা কৰা হৈছে।  এই ৩,৪৭২  খন ই-বাছৰ ভিতৰত ৪৫৪ খন  বৈদ্যুতিক বাছ ইতিমধ্যে সচল  কৰা হৈছে।  ফেম-২ আঁচনিৰ অধীনত, বিভিন্ন ৰাজ্যত মুঠ ৩৩৯০ +৩৪৭২=৬৮৬২ খন  ই-বাছ যোগান ধৰা হৈছে।  

বৈদ্যুতিক বাহন চাৰ্জিং ষ্টেচন:
দেশত শেহতীয়াকৈ মুঠ ১৪৮  টা ইভি পাব্লিক চাৰ্জিং ষ্টেচন (পিচিএছ) আৰম্ভ কৰা হৈছে। ২০২৩ চনৰ ২৮ মাৰ্চত গধুৰ উদ্যোগ মন্ত্ৰালয়ে সমগ্ৰ দেশত ৭৪৩২  টা ৰাজহুৱা ফাষ্ট চাৰ্জিং ষ্টেচন স্থাপনৰ বাবে ইণ্ডিয়ান অইল (আই.ও.চি.এল.), ভাৰত পেট্ৰ'লিয়াম (বি.পি.চি.এল.), আৰু হিন্দুস্তান পেট্ৰ'লিয়াম (এইচ.পি.চি.এল.)ক ফেম ২-ৰ অধীনত ৮০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে । অটোমোবাইল আৰু যন্ত্ৰাংশৰ  বাবে উৎপাদন-সংযোজিত ইনচেণ্টিভ (পিএলআই) আঁচনি গ্ৰহণ কৰা হৈছে। অটোমোবাইল খণ্ডত ভাৰতৰ উৎপাদন ক্ষমতা আৰু ৰপ্তানি বৃদ্ধি কৰাৰ লক্ষ্যৰে, চৰকাৰে ৫ বছৰৰ ভিতৰত মুঠ ২৫,৯৩৮  কোটি টকা ব্যয়ৰে  'উৎপাদন-সংযোজিত ইনচেণ্টিভ (পিএলআই) আঁচনি'ত অনুমোদন জনাইছে। পিএলআই আঁচনিয়ে 'এডভান্সড অটোমোটিভ টেকন'লজী' (এ.এ.টি.) সামগ্ৰীৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিবলৈ আৰু উৎপাদন মূল্য শৃংখলাত বিনিয়োগ আকৰ্ষিত কৰিবলৈ বিত্তীয় উদগনিৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ মুখ্য উদ্দেশ্যবোৰৰ ভিতৰত আছে ব্যয়ৰ সীমাবদ্ধতা অতিক্ৰম কৰা। 

 আঁচনিখনৰ অধীনত অনুমোদিত 'কম্পোনেন্ট চেম্পিয়ন' শ্ৰেণীৰ কোম্পানীবোৰে পিএলআই অটো কাৰ্যসূচী ৰূপায়ণ কৰি আছে। কাৰ্যকৰী প্ৰতিষ্ঠানসমূহে কৰিব লগা মুঠ আনুমানিক বিনিয়োগ হৈছে ৬৭,৬৯০  কোটি টকা। ঘৰুৱা মূল্য সংযোজনৰ প্ৰমাণপত্ৰৰ বাবে মানক অপাৰেটিং প্ৰক্ৰিয়া (এছ.ও.পি.)২০২৩ চনৰ ২৭ এপ্ৰিলত  অনুমোদিত পি.এল.আই. আবেদনকাৰীসকলৰ সৈতে বিনিময় কৰা হৈছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ দ্‌বিতীয়াৰ্ধলৈকে  মুঠ ১১,৯৫৮ কোটি টকা বিনিয়োগৰ খবৰ পোৱা গৈছে। টাটা মটৰ্চ আৰু এম এম-ক উন্নত অটোমোটিভ টেকন'লজী (এ.এ.টি.) আৰু ঘৰুৱা মূল্য সংযোজন (ডিভিএ) প্ৰমাণপত্ৰ প্ৰদান  কৰা হৈছে।

জিএছটি ৰেহাইৰ প্ৰমাণপত্ৰ

অৰ্থোপেডিকভাৱে অক্ষম ব্যক্তিসকলক জিএছটি ৰেহাইৰ প্ৰমাণপত্ৰ জাৰি কৰা হৈছে।   ডিজিটেল ইণ্ডিয়াৰ দিশত এক পদক্ষেপ হিচাপে ২০২০ চনৰ নৱেম্বৰত গধুৰ উদ্যোগ মন্ত্ৰালয়ে আধাৰ প্ৰমাণীকৰণ, জিএছটি ৰেহাই প্ৰমাণপত্ৰ জাৰি কৰাৰ বাবে এটা অনলাইন পৰ্টেল মুকলি কৰিছে। 
 
ভাৰতৰ মূলধন সামগ্ৰী খণ্ডত প্ৰতিযোগিতামূলকতা বৃদ্ধিৰ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এতিয়ালৈকে মুঠ ১৩৬৩.৭৮ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে  ৩২ টা প্ৰকল্পত অনুমোদন জনোৱা হৈছে ।   দ্বিতীয় পৰ্যায়ৰ অধীনত এতিয়ালৈকে অনুমোদিত প্ৰকল্পসমূহৰ বাবে ২৩২.১৭ কোটি টকা  মুকলি কৰা হৈছে৷  ২৪  মাৰ্চ, ২০২৩  তাৰিখে, 'প্ৰতিযোগিতামূলকতা বৃদ্ধি' আঁচনিৰ অধীনত গধুৰ উদ্যোগ মন্ত্ৰালয়ে  পুঁজি যোগান ধৰা এইচ.এম.টি.-ৰ সহযোগত আই.আই.টি.-বি.এইচ.ইউ.-ত মেচিন টুলছ ডিজাইন বিষয়ক  চেণ্টাৰ অফ এক্সেলেন্স (চি.ও.ই.)ৰ আধাৰশিলা স্থাপন কৰা হৈছে। এনেদৰে গধুৰ উদ্যোগ মন্ত্ৰালয়ে ২০২৩ বৰ্ষত কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান