--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে গাখীৰ উৎপাদনত ভাৰতে প্ৰথম স্থান দখল কৰিছে৷ ২০২৩ বৰ্ষটো পশুপালন আৰু দুগ্ধ পালন বিভাগৰ বাবে এক উজ্জ্বল বছৰ হিচাবে পৰিগণিত হৈছে। মুঠ কৃষি আৰু আনুষঙ্গিক খণ্ডত পশুধনৰ অৱদান মুঠ মূল্য সংযোজন (জিভিএ) ২৪.৩৯  শতাংশৰ (২০১৪-১৫ ) পৰা ৩০.১৯ শতাংশলৈ (২০২১-২২) লৈ বৃদ্ধি হৈছে। দেশত কণী উৎপাদন ২০১৪-১৫ বৰ্ষত ৭৮.৪৮ বিলিয়নৰ পৰা ১৩৮.৩৮ বিলিয়নটালৈ  বৃদ্ধি হৈছে। 

 ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত ৪ কোটিতকৈও অধিক কৃষক উপকৃত হৈছে। ৩৮৬৪  ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ অধীনত গাওঁ পৰ্যায়ৰ গাখীৰ সংগ্ৰহ কেন্দ্ৰত ৮৪.৪  লাখ লিটাৰ গাখীৰ  শীতলীকৰণৰ সুবিধাৰ সৈতে ৪ কোটিতকৈও অধিক কৃষক উপকৃত হৈছে। কৃষকসকলৰ বাবে ২৯.৮৭  লাখ তকৈও অধিক নতুন কেচিচি অনুমোদিত হৈছিল। দুগ্ধজাত সামগ্ৰী হৈছে ৰাষ্ট্ৰীয় অৰ্থনীতিৰ ৫ শতাংশ অৰিহণা যোগোৱা  সামগ্ৰী ৷ 

এই খণ্ডই ৮ কোটিতকৈও অধিক কৃষকক পোনপটীয়াকৈ সংস্থাপন দিছে৷ বিশ্বব্যাপী গাখীৰ উৎপাদনৰ ২৪.৬৪ শতাংশ অৰিহণা যোগাই ভাৰতে  গাখীৰ উৎপাদনত প্ৰথম স্থানত আছে। গাখীৰ উৎপাদন যোৱা ৯ বছৰত ৫.৮৫ %  বৃদ্ধি হৈছে৷ এয়া  ২০১৪-১৫  বৰ্ষত ১৪৬.৩১ নিযুত টনৰ পৰা ২০২২-২৩ বৰ্ষত ২৩০.৫৮  নিযুত টনলৈ বৃদ্ধি হৈছে। 

২০২১ বৰ্ষৰ তুলনাত ২০২২ চনত বিশ্বৰ গাখীৰ উৎপাদন ০.৫১ % বৃদ্ধি হৈছে (ফুড আউটলুক জুন ২০২৩)। ২০২২-২৩ বৰ্ষত ভাৰতত গাখীৰৰ জনমূৰি উপলব্ধতা হৈছে প্ৰতিদিনে ৪৫৯ গ্ৰাম, ২০২২ চনত বিশ্বৰ গড় জনমূৰি উপলব্ধতা আছিল প্ৰতিদিনে ৩২২ গ্ৰাম (ফুড আউটলুক জুন'২০২৩)।

খাদ্য আৰু কৃষি সংস্থা কৰ্পোৰেট ষ্টেটিষ্টিকেল ডাটাবেছ (ফাওষ্টেট)ৰ  উৎপাদন সম্পৰ্কীয়  তথ্য  অনুসৰি   ভাৰত বিশ্বৰ ভিতৰতে কণী উৎপাদনত দ্বিতীয় আৰু মাংস উৎপাদনত পঞ্চম স্থানত আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক