--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে গাখীৰ উৎপাদনত ভাৰতে প্ৰথম স্থান দখল কৰিছে৷ ২০২৩ বৰ্ষটো পশুপালন আৰু দুগ্ধ পালন বিভাগৰ বাবে এক উজ্জ্বল বছৰ হিচাবে পৰিগণিত হৈছে। মুঠ কৃষি আৰু আনুষঙ্গিক খণ্ডত পশুধনৰ অৱদান মুঠ মূল্য সংযোজন (জিভিএ) ২৪.৩৯  শতাংশৰ (২০১৪-১৫ ) পৰা ৩০.১৯ শতাংশলৈ (২০২১-২২) লৈ বৃদ্ধি হৈছে। দেশত কণী উৎপাদন ২০১৪-১৫ বৰ্ষত ৭৮.৪৮ বিলিয়নৰ পৰা ১৩৮.৩৮ বিলিয়নটালৈ  বৃদ্ধি হৈছে। 

 ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত ৪ কোটিতকৈও অধিক কৃষক উপকৃত হৈছে। ৩৮৬৪  ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ অধীনত গাওঁ পৰ্যায়ৰ গাখীৰ সংগ্ৰহ কেন্দ্ৰত ৮৪.৪  লাখ লিটাৰ গাখীৰ  শীতলীকৰণৰ সুবিধাৰ সৈতে ৪ কোটিতকৈও অধিক কৃষক উপকৃত হৈছে। কৃষকসকলৰ বাবে ২৯.৮৭  লাখ তকৈও অধিক নতুন কেচিচি অনুমোদিত হৈছিল। দুগ্ধজাত সামগ্ৰী হৈছে ৰাষ্ট্ৰীয় অৰ্থনীতিৰ ৫ শতাংশ অৰিহণা যোগোৱা  সামগ্ৰী ৷ 

এই খণ্ডই ৮ কোটিতকৈও অধিক কৃষকক পোনপটীয়াকৈ সংস্থাপন দিছে৷ বিশ্বব্যাপী গাখীৰ উৎপাদনৰ ২৪.৬৪ শতাংশ অৰিহণা যোগাই ভাৰতে  গাখীৰ উৎপাদনত প্ৰথম স্থানত আছে। গাখীৰ উৎপাদন যোৱা ৯ বছৰত ৫.৮৫ %  বৃদ্ধি হৈছে৷ এয়া  ২০১৪-১৫  বৰ্ষত ১৪৬.৩১ নিযুত টনৰ পৰা ২০২২-২৩ বৰ্ষত ২৩০.৫৮  নিযুত টনলৈ বৃদ্ধি হৈছে। 

২০২১ বৰ্ষৰ তুলনাত ২০২২ চনত বিশ্বৰ গাখীৰ উৎপাদন ০.৫১ % বৃদ্ধি হৈছে (ফুড আউটলুক জুন ২০২৩)। ২০২২-২৩ বৰ্ষত ভাৰতত গাখীৰৰ জনমূৰি উপলব্ধতা হৈছে প্ৰতিদিনে ৪৫৯ গ্ৰাম, ২০২২ চনত বিশ্বৰ গড় জনমূৰি উপলব্ধতা আছিল প্ৰতিদিনে ৩২২ গ্ৰাম (ফুড আউটলুক জুন'২০২৩)।

খাদ্য আৰু কৃষি সংস্থা কৰ্পোৰেট ষ্টেটিষ্টিকেল ডাটাবেছ (ফাওষ্টেট)ৰ  উৎপাদন সম্পৰ্কীয়  তথ্য  অনুসৰি   ভাৰত বিশ্বৰ ভিতৰতে কণী উৎপাদনত দ্বিতীয় আৰু মাংস উৎপাদনত পঞ্চম স্থানত আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক