--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বতৰ বিজ্ঞান বিভাগে মঙলবাৰে দক্ষিণ পশ্চিম বংগৰ একাংশ অঞ্চলত দুৰ্গা পূজাৰ সময়ত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। এই উৎসৱৰ সময়ত কলকাতাৰ একাংশ অঞ্চলত আংশিক ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বিজয়া দশমীলৈকে উত্তৰ-পশ্চিম বংগৰ কিছুমান অঞ্চলত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে কেৰালাৰ ৪ খন জিলাত কমলা সতৰ্কতা আৰু ৯ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰে। বৰ্তমান ৰাজ্যত মধ্যমীয়া বৰষুণ হৈছে। পাথানামথিত্তা, কোট্টায়াম, ইডুক্কি, আৰু মালাপ্পুৰম জিলাৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে, অৰ্থাৎ এই জিলাসমূহত ৬ৰ পৰা ২০ চে.মি. ধাৰাসাৰ বৰষুন হ’ব পাৰে ৷ ইয়াৰ উপৰিও কাছাৰাগোডৰ বাহিৰে বাকী জিলাসমূহৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে, অৰ্থাৎ এই অঞ্চলসমূহত ৬ৰ পৰা ১১ চে.মি. বৰষুণ হ’ব পাৰে। বতৰ বিজ্ঞান বিভাগে লগতে কয় যে অহা ৮ৰ পৰা ১১ অক্টোবৰৰ ভিতৰত কেৰেলা-লক্ষদ্বীপ উপকূলত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।


একে সময়তে ৰাজস্থানত আগন্তুক দুদিনত কিছু অংশত লঘু বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰ জয়পুৰে কয় যে ৰাজ্যৰ অধিকাংশ অঞ্চলৰ বতৰ মূলতঃ শুকান হ’ব। কিন্তু ৮ আৰু ৯ অক্টোবৰত উত্তৰ-পশ্চিম আৰু উত্তৰ ৰাজস্থানৰ কিছু অংশত সামান্য বৰষুণৰ সম্ভাৱনা আছে।

৮ অক্টোবৰত কেৰালাৰ ওপৰত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা অতি বেছি, আৰু লক্ষদ্বীপ, তামিলনাডু, দক্ষিণ অভ্যন্তৰীণ কৰ্ণাটক, উপকূলীয় কৰ্ণাটক, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অসম, আৰু মেঘালয়ৰ ওপৰতো প্ৰচণ্ড বৰষুণ হ’ব পাৰে ৷  অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ এই ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ