--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন। কিনো এই জীৱন? সকলোৰে দৃষ্টিত জীৱনে বেলেগ অৰ্থ লৈ ধৰা দিয়ে। জীৱনৰ অৰ্থ কিছুমানৰ বাবে বৰ মধুৰ আৰু কিছুমানৰ বাবে বৰ গধুৰ। কিয় হয় বাৰু এনেকুৱা? আচলতে জীৱনক যিয়ে সহজভাৱে লৈ যাপন কৰে তেওঁৰ বাবে জীৱন সদায়ে মধুৰ আৰু যিয়ে জীৱনক জটিল সূত্ৰৰে বান্ধিবলৈ চায় তেওঁৰ বাবে সদায়ে গধুৰ। অ' এটা কথা সঁচা যে জীৱনত কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰে, যাৰ বাবে জীৱনক জটিল যেন লাগিবলৈ ধৰে। এনে সময়ত এটা কথাই ভাবিব লাগে যে সমস্যা যিদৰে আছে ঠিক তেনেদৰে সমাধানৰ পথো আছে। মাত্ৰ কেতিয়াবা সেই পথ বিচাৰোতে অলপ সময় লাগে। এই সময়ত ধৈৰ্যৰ বৰ প্ৰয়োজন। জীৱনৰ ৰং বিচাৰি উলিওৱাত ধৈৰ্যই সহায় কৰে। 

আজি যে মই লিখি আছো আৰু এই সময়ত আপুনি যে পঢ়ি আছে সেয়াই সময়ৰ বৰ ডাঙৰ উপহাৰ। এই মুহূৰ্তত হয়তো কোনোবা মৃত্যুৰ শীতল কোলাত শুই পৰিছে বা জীৱন-মৃত্যুৰে যুঁজ দি আছে। আমি পুৱা দুচকু মেলি এটা নতুন দিন লাভ কৰো আৰু কোনোবাই হয়তো নিশা শোৱা ভাগেই শুয়ে থাকিল, তেওঁ শুই পৰিল চিৰ নিদ্ৰাত, তেওঁৰ দুচকু আৰু কেতিয়াও মেল নাখায়...এবাৰ ভাবক এই মুহূৰ্তলৈকে আমি বাৰু ভাগ্যৱান নহয়নে। উশাহ লৈ থকাটোৱে সময়ৰ বৰদান, ঈশ্বৰৰ আশীৰ্বাদ। আৰু এই বৰদান,আশীৰ্বাদক আমি কিছুমান সৰু সৰু চিন্তা, সৰু ভাৱনা, নেতিবাচক ভাৱধাৰাৰে বিক্ষিপ্ত কৰি তুলিব নালাগে। জীয়াই থকা দিনকেইটাত প্ৰতিজনে প্ৰতিজনৰহৈ জীয়াই থাকিব লাগে৷ 

আমি সদায় বৰ্তমানত জীয়াই থাকিবলৈ চাব লাগে। কালি যি হৈ গ'ল..হৈ গ'ল, সেয়া আমি হাজাৰ চেষ্টা কৰিলেও ঘূৰাই নাপাও বা সলনি কৰিব নোৱাৰো। ভৱিষ্যতটো আমাৰ হাতত নাই। কি হ'ব সেয়া আমি একেবাৰে গম নাপাও, কিন্তু আজিৰ দিনটো যে আমি হাতত পাইছো যাক আমি বৰ্তমান বুলি কওঁ সেয়া কিন্তু আমি নিজৰ ধৰণেৰে সজাই ল'ব পাৰো। বৰ্তমানটোক ধুনীয়া কৰিবলৈ চালে জীৱনটো আপোনাআপুনি ধুনীয়া হৈ উঠে। 

জীয়াই থাকিবলৈ নিশ্চয়কৈ টকাৰ প্রয়ােজন। কিন্তু ধন-দৌলতৰ পাহাৰ গঢ়িবলৈ গৈ মানুহে নিজকে মানসিকভাৱে হত্যা কৰাটো অনুচিত। কিছুমান মানুহে সকলোখিনি পায়ো তেওঁৰ মনত অনবৰতে 'আৰু লাগে...আৰু লাগে' ভাৱ এটাই খেলি থাকে। এনে মানুহ জীৱনত কেতিয়াও সুখী নহয়। সকলোখিনি পায়ো যদি 'আৰু লাগে' ভাৱৰ অন্ত নহয় তেন্তে তেওঁৰ মৃত্যু পৰ্যন্ত এই খকে পাছ নেৰিব। কিবা এটা পূৰণ হ'লেই অন্য এটা হাবিয়াসে গা কৰি উঠিব। তেনেস্থলত সেইজন মানুহে সুখী হ'বলৈ বা জীৱন জীয়াবলৈ সময় পাব ক'ৰ পৰা! জীৱনটো দেখোন টকা-পইচাৰ পাছত দৌৰোতেই গুচি গ'ল।মৃত্যুৰ পাছত ধোঁৱা হৈ উৰিবলৈ অথবা মাটিৰ লগত লীন যাবলৈ এক টকাৰাে প্রয়ােজন নহয়। এয়াইটো সত্য। গতিকে ধন, টকা-পইচাৰে জীৱনটোক তুলনা কৰা অনুচিত৷ যি পাইছো, যেনেকৈ আছো পোৱাখিনিৰে সন্তুষ্ট হ'বলৈ শিকিলে জীৱনে ৰং সিঁচিবলৈ ধৰে, যি ৰঙেৰে আপুনিও ৰঙীন হৈ উঠে। 

ভােগবাদী, বস্তুবাদী পৃথিৱীখনৰ পাছত দৌৰি ভাগৰি পৰিছে আজিৰ মানুহ। পার্থিব জগতৰ প্রতি অত্যধিক আসক্ত হৈ পৰিছে আজিৰ যুগৰ মানুহ। এনে জগতৰ লােভ-লালসাই যদি আপােনাক লালায়িত কৰিছে তেন্তে আপুনি কৰিছে নিজ জীৱনৰ প্রতি চৰম অন্যায়। এনে অৱস্থাত মানুহে অসৎ পথত ভৰি দি অথবা মানুহক ঠগি টকা ঘটিবলৈ অকণাে কুণ্ঠাবােধ নকৰে। এনে জীৱন মানুহে নিজে নজনাকৈ বিষাক্ত হৈ উঠে।

জীৱনত আটাইতকৈ ডাঙৰ কামটোয়ে হ’ল আনৰ দুখ মচিব পৰাটো, কাৰোবাৰ চকুলো মোহাৰি দিব পৰাটো৷ জীৱনত কেৱল নিজৰ বাবে জীয়াই থাকিবলৈ নিশিকি আনৰ বাবেও জীয়াইবলৈ শিকিলে জীৱন মহীয়ান হয়। আপুনি পাইছেনে আনৰ দুখত দুখী হৈ, পাইছেনে মোহাৰি আনৰ চকুলো? যদি পাইছে আপুনি প্ৰকৃততে জীয়াবলৈ শিকিছে। জীৱনক লৈ সুখী হােৱাৰ কচৰৎ কৰাে আহক। যি কাম কৰিলে আমি সুখ পাওঁ, শান্তি পাওঁ সেই কামত নিজক ব্যস্ত ৰাখিব পাৰিলে সুখৰ নিজৰা স্বত্বঃস্ফুৰ্তভাৱে বৈ আহে। আমি বৰ্তমানটোক লৈ সুখী হ'বলৈ শিকো আহক। আধ্যাত্মিক চিন্তা-চেতনা জাগ্ৰত কৰিব পাৰিলে, প্ৰকৃতিৰ সৈতে একাত্ম হ'ব জানিলে হাতেৰে ঢুকি পাব পৰাকৈ সুখে আহি অৱস্থান কৰেহি। এমােকোৰা উজ্জ্বল হাঁহিৰে প্রজ্জ্বলিত হওঁক আমাৰ সকলােৰে জীৱন।

কস্তুৰী বৰঠাকুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement