--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জনতাৰ প্ৰাণৰ শিল্পী জুবিন গার্গে কৈছিল- 'মোতকৈ বেছি মোৰ কর্মখিনিক মানুহে মনত ৰাখিলে মই বেছি ভাল পাম।' ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিল্পীজনৰ আশা কৰাৰ দৰে তেওঁৰ কৰ্মৰাজিক স্থান দিলে শৈক্ষিক ক্ষেত্রত।

ডিজিটেল ডেস্ক: জনতাৰ আপোন শিল্পী জুবিন গার্গে স্থান পালে উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে যুগুত কৰা শৈক্ষিক দিনপঞ্জীত। ২০২৬-২৭ৰ শৈক্ষিক বৰ্ষৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (সংমণ্ডল-২) যুগুত কৰি উলিওৱা উচ্চতৰ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাবে প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জীত এই বছৰতো মানুহৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক 'থীম' হিচাপে গ্রহণ কৰিছে। 


আনহাতে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গার্গে কৈছিল- 'মোতকৈ বেছি মোৰ কর্মখিনিক মানুহে মনত ৰাখিলে মই বেছি ভাল পাম।' ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিল্পীজনৰ আশা কৰাৰ দৰে তেওঁৰ কৰ্মৰাজিক স্থান দিলে শৈক্ষিক ক্ষেত্রত। 


উল্লেখযোগ্য যে শৈক্ষিক দিনপঞ্জীত প্রতিবছৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকলৰ কিছু জ্ঞান আৰু তথ্যৰ শিক্ষা প্ৰদানৰ বাবে এটা বিষয় নির্বাচন কৰি আহিছে বিদ্যালয় শিক্ষা পৰিষদে। আগৰ বছৰসমূহত শৈক্ষিক দিনপঞ্জীত মহাত্মা গান্ধী, আজাদী কা অমৃত মহোৎসৱ, জি-২০ ইছৰ', কিতাপৰ বছৰ আদি বিষয়বস্তু শৈক্ষিক দিনপঞ্জীত প্রতিফলিত কৰা হৈছিল। এনে গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ লগত আৰম্ভ হোৱা শৈক্ষিক বর্ষটো প্রকৃতিক ভাল পোৱা অসমৰ কিংবদন্তি শিল্পী জুবিন গার্গক 'থীম' হিচাপে লৈ তেওঁৰ প্ৰকৃতি প্রেম, গ্রন্থ অধ্যয়ন, সাম্যবাদী আদৰ্শক, নতুন প্ৰজন্মৰ প্ৰতি জনোৱা আহ্বান, সমাজ সলনিত, প্রতিফলিত কৰিব পৰা উক্তিসমূহ শিক্ষক শিক্ষার্থীৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যৰে শিক্ষানুষ্ঠানসমূহৰ সকলো মুৰব্বী আৰু সকলো শিক্ষক-শিক্ষয়িত্রীকে পৰামৰ্শ দিয়া হৈছে শৈক্ষিক দিনপঞ্জীত। 


শৈক্ষিক দিনপঞ্জীত প্রথম পৃষ্ঠাত উল্লেখ কৰা হৈছে জুবিন গাৰ্গৰ উক্তি 'ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো মই চিৰদিন চিৰন্তন/আকাশ চুব খোজো মই/কিন্তু কিছুমান ভয়ানক শব্দই/মোৰ অস্তিতক বিলীন কৰি/মোক শেষ কৰি জন্ম দিব খোজে কিছুমানক/যাৰ কোনো জন্ম লোৱাৰ অধিকাৰ নাই, তথাপি/যুঁজাৰু মই, জন্মগত আমৰণ মোৰ সংকল্প অস্তিত্ব অপৰাজিত...' বিদ্যালয় শিক্ষা পৰিষদে প্ৰকৃতিৰ প্ৰতি শিল্পীজনৰ অনুৰাগ প্ৰতিফলিত কৰিব পৰা বিভিন্ন উক্তিও যুগুত কৰি দিনপঞ্জীত উল্লেখ কৰা হৈছে। 


উল্লেখযোগ্য যে যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল। শিল্পীজনক লৈ পৰিৱেশ সৃষ্টি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত কিংবদন্তি জুবিনৰ সৃষ্টিশীলতা আৰু মানৱতাবাদক জীয়াই ৰাখিবলৈ বিদ্যালয় শিক্ষা পৰিষদে শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু শিক্ষকসকলৰ প্ৰতি আহ্বান জনায়। মৃত্যুৰ দিনটোৰ পাছৰে পৰা ৰাইজৰ শ্ৰদ্ধাৰে কিংবদন্তি শিল্পী হিচাপে পৰিগণিত হৈ পৰা জুবিন গাৰ্গৰ আন ১২টা উক্তি শৈক্ষিক দিনপঞ্জীত উল্লেখ কৰা হৈছে। দিনপঞ্জীত উল্লেখ কৰা আন উক্তিসমূহৰ ভিতৰত আছে- 'কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে', 'যিকোনো শোষণ- নিষ্পেষণৰ পৰা প্ৰতিজন মানুহক মুক্তি লাগে। কিন্তু আমাক শান্তি লাগে। ৰাজনৈতিক বিশ্লেষণ সমীকৰণ মই নাজানো। কিন্তু আত্মাৰ নিৰ্দেশ মই অনুভৱ কৰে।' 


কায়িকভাৱে জনতাৰ মাজৰ পৰা প্ৰাণৰ শিল্পীজন আঁতৰি গ'লেও মানুহৰ মাজত তেওঁ আজিও জীয়াই আছে। জুবিন গাৰ্গৰ মৃত্যুক কোনোৱে মানি ল'ব পৰা নাই। কিংবদন্তি শিল্পীজনৰ আদর্শ, লক্ষ্য কোনো শিক্ষার্থীয়ে অজ্ঞ হৈ নাথাকে তাৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে 'থিম' হিচাপে লৈ তেওঁৰ উক্তি-'অর্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায় তেতিয়া কলা নিঃশেষ হয়', 'মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই, দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়'। মৃত্যুৰ পাছতে ঈশ্বৰপুত্ৰ হৈ পৰা শিল্পীগৰাকীৰ আন উক্তি 'নাম থাকিলে বদনাম থাকেই', 'কেতিয়াও নিজক ঢিলাই দিব নালাগে। যোদ্ধা মনোভাবটো সদায় মনৰ ভিতৰত থাকিব লাগে। সেইটো লৈয়েই মই আগুৱাই গৈ আছো সদায়', 'পৃথিৱীখন দুটা বস্তুৱেই চলায়। এটা হৈছে মগজু আৰু আনটো হৈছে হৃদয়', 'কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰো'। 


গ্রন্থ অধ্যয়নৰ, পাঠ্যক্রম বহির্ভূত শিক্ষা আহৰণৰ ক্ষেত্ৰত শিক্ষার্থী তথা নতুন প্রজন্মক উদ্দেশ্যি শিল্পী জুবিন গাৰ্গে কৰা উক্তি- 'নতুন প্রজন্মই যদি অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকে, তেন্তে তেওঁলোকে শিক্ষা ঠিকেই পাব, কিন্তু জ্ঞান নাপাব, চাকৰি পাব, কিন্তু জীৱনৰ সোৱাদ উপলব্ধি কৰিব নোৱাৰিব', 'ভগৱান আকাশত নাথাকে, ভগৱান সকলোৰে মাজত থাকে, ভগৱান ফুলত থাকে, গছত থাকে'। এনে উক্তিসমূহক আগত ৰাখি জুবিন গাৰ্গক 'থীম' হিচাপে গ্রহণ কৰিছে বিদ্যালয় শিক্ষা পৰিষদে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক