--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভগৱান গণেশক হিন্দু ধৰ্মৰ প্ৰথমজন উপাস্য দেৱতা হিচাপে গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে গণেশৰ নামত যদি কোনো শুভ কাম আৰম্ভ কৰা হয়, তেন্তে সেই কামবোৰ সুচাৰুৰূপে সমাপ্ত হয়। গণেশৰ উপাসনাই সকলো বাধা-বিঘিনি দূৰ কৰাৰ উপৰি সকলো কামতে সফলতা লাভ কৰিব পাৰি। সেয়েহে ইয়াৰ বাবে বুধবাৰটো অতি বিশেষ বুলি গণ্য কৰা হয়। বুধবাৰৰ দিনটোত গণেশৰ আশীৰ্বাদৰ বাবে জ্যোতিষশাস্ত্ৰত বহুতো ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে।

 জ্যোতিষত বুধবাৰে দুটা বস্তু দান কৰাৰ বিশেষ গুৰুত্বৰ বিষয়ে কোৱা হৈছে। এই প্ৰতিকাৰে মানুহৰ সৌভাগ্য কঢ়িয়াই অনাৰ লগতে সকলো বিপদ দূৰ হয় বুলি কোৱা হয়। যদি কোনো ব্যক্তিৰ ৰাশিত বুধ গ্ৰহৰ অৱস্থিতি দুৰ্বল হয়, তেন্তে বুধবাৰে এই সামগ্ৰী দানে শুভ ফল প্ৰদান কৰে।

 * মগু দালি দান কৰক-

জ্যোতিষত বুধবাৰে মগু দালি বা মগু দান কৰাটো অতি শুভ। এই দিনটোত মগু দালি দান কৰিলে গণপতিৰ আশীৰ্বাদ পোৱা যায় আৰু ভক্তসকলৰ সকলো বাধা দূৰ হয়। আনহাতে এই দিনটোত গৰুক ঘিউ, চেনি মিহলি সেউজীয়া মুগুদালি খুৱালে এজন ব্যক্তিৰ সকলো কামনা পূৰণ হয় আৰু গণপতিৰ আশীৰ্বাদ লাভ কৰে।

 * কিন্নৰক দান কৰক-

কিন্নৰক দান দিয়াৰ বিশেষ গুৰুত্ব আছে। আজিৰ দিনটোত কিন্নৰক ধন আৰু প্ৰসাধন সামগ্ৰী দান কৰিলে শুভ ফল পোৱা যায়। এই দিনটোতে কিন্নৰসকলক দান দিয়াৰ পাছত তেওঁলোকৰ পৰা এটকা বা দুটকা উভতাই লৈ এই টকাখিনি পাৰ্চত ৰাখক। ইয়াৰ ফলত ৰাশিত বুধ গ্ৰহ শক্তিশালী হয় আৰু ব্যক্তিজনে ব্যৱসায় আৰু ধন-সম্পত্তি বৃদ্ধি হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক