--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘গৰুড়পুৰাণ’ নাম শুনিলেই কেৱল মৃত্যুৰ ঘটনাৰ সৈতে জড়িত কিতাপ হিচাপেহে সকলোৱে জানে, যিখন গ্ৰন্থ আত্মীয়ৰ মৃত্যুৰ পাছত সম্পূৰ্ণ ১৩দিনটো ঘৰত পাঠ কৰা হয়। সনাতন ধৰ্মত বিশ্বাসীসকলে গৰুড়পুৰাণত উল্লেখ কৰা বাণীসমূহ বিশ্বাস প্ৰকাশ কৰে, য’ত মৃতকৰ মৃত্যুৰ পৰা মোক্ষ লাভলৈকে যাত্ৰাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা হৈছে।

 সনাতন ধৰ্মত মুঠ ১৮টা পুৰাণ আৰু উপপুৰাণ আছে। সকলো পুৰাণ মহাভাৰতৰ ৰচনা মহৰ্ষি বেদ্ব্যে ৰচনা কৰিছে। গৰুড়পুৰাণো তাৰ ভিতৰত অন্যতম। ইয়াত মুঠ ১৯ হাজাৰ শ্লোক আছে, য’ত ভগৱান বিষ্ণুৰ ২৪টা অৱতাৰৰ কথা কোৱা হৈছে। ইয়াত সূৰ্য্য, চন্দ্ৰ আৰু অন্যান্য গ্ৰহকে ধৰি অলৌকিক জগতৰ ৯টা শক্তিৰ বৰ্ণনাও কৰা হৈছে।

 * হিন্দুধৰ্মত কিমান পুৰাণ আছে?

হিন্দুধৰ্মৰ মুঠ ১৮খন পুৰাণ আছে, নামসমূহ ক্ৰমে–ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ, বিষ্ণুপুৰাণ, বায়ুপুৰাণ, ভাগৱতপুৰাণ, নাৰদপুৰাণ, মাৰ্কণ্ডেয়পুৰাণ, অগ্নিপুৰাণ, ভৱিষ্যপুৰাণ, ব্ৰহ্মবৈৱৰ্তপুৰাণ, লিংগপুৰাণ, বাৰাহপুৰাণ, স্কন্দপুৰাণ, বামণপুৰাণ, কুৰ্মাপুৰাণ, মৎস্যপুৰাণ, গৰুড়পুৰাণ, ব্ৰহ্মমাণ্ডপুৰাণ। ইয়াত ব্ৰহ্মপুৰাণক আটাইতকৈ পুৰণি আৰু স্কন্ধপুৰাণক আটাইতকৈ ডাঙৰ পুৰাণ বুলি গণ্য কৰা হয়।

 * ১৭ পুৰাণৰ পৰা গৰুড়পুৰাণ কেনেকৈ পৃথক?

হিন্দুধৰ্মত মুঠ ১৮খন পুৰাণৰ কথা কোৱা হৈছে, য’ত গৰুড়পুৰাণো এক। ১৮খন পুৰাণৰ ভিতৰত গৰুড়পুৰাণ ১৭তম পুৰাণ। কিন্তু ইয়াক আন ১৭ পুৰাণৰ পৰা পৃথক বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হ’ল এই পুথিখন অগ্নিপুৰাণৰ পাছত ৰচনা কৰা হৈছে আৰু ইয়াত আন পুৰাণৰ পৰা বিভিন্ন কথা কোৱা হৈছে। গৰুড়পুৰাণত ভগৱান বিষ্ণু আৰু গৰুড়ৰাজ (গৰুড় চৰাই)ৰ মাজত হোৱা জীৱন-মৃত্যুৰ কথা-বতৰাখিনি উল্লেখ আছে। গৰুদ্ৰাজে ভগৱান বিষ্ণুৰ পৰা জীৱন-মৃত্যুৰ লগত জড়িত জ্ঞান আহৰণ কৰি কাশ্যপ ঋষিক ক’লে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু