--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘গৰুড়পুৰাণ’ নাম শুনিলেই কেৱল মৃত্যুৰ ঘটনাৰ সৈতে জড়িত কিতাপ হিচাপেহে সকলোৱে জানে, যিখন গ্ৰন্থ আত্মীয়ৰ মৃত্যুৰ পাছত সম্পূৰ্ণ ১৩দিনটো ঘৰত পাঠ কৰা হয়। সনাতন ধৰ্মত বিশ্বাসীসকলে গৰুড়পুৰাণত উল্লেখ কৰা বাণীসমূহ বিশ্বাস প্ৰকাশ কৰে, য’ত মৃতকৰ মৃত্যুৰ পৰা মোক্ষ লাভলৈকে যাত্ৰাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা হৈছে।

 সনাতন ধৰ্মত মুঠ ১৮টা পুৰাণ আৰু উপপুৰাণ আছে। সকলো পুৰাণ মহাভাৰতৰ ৰচনা মহৰ্ষি বেদ্ব্যে ৰচনা কৰিছে। গৰুড়পুৰাণো তাৰ ভিতৰত অন্যতম। ইয়াত মুঠ ১৯ হাজাৰ শ্লোক আছে, য’ত ভগৱান বিষ্ণুৰ ২৪টা অৱতাৰৰ কথা কোৱা হৈছে। ইয়াত সূৰ্য্য, চন্দ্ৰ আৰু অন্যান্য গ্ৰহকে ধৰি অলৌকিক জগতৰ ৯টা শক্তিৰ বৰ্ণনাও কৰা হৈছে।

 * হিন্দুধৰ্মত কিমান পুৰাণ আছে?

হিন্দুধৰ্মৰ মুঠ ১৮খন পুৰাণ আছে, নামসমূহ ক্ৰমে–ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ, বিষ্ণুপুৰাণ, বায়ুপুৰাণ, ভাগৱতপুৰাণ, নাৰদপুৰাণ, মাৰ্কণ্ডেয়পুৰাণ, অগ্নিপুৰাণ, ভৱিষ্যপুৰাণ, ব্ৰহ্মবৈৱৰ্তপুৰাণ, লিংগপুৰাণ, বাৰাহপুৰাণ, স্কন্দপুৰাণ, বামণপুৰাণ, কুৰ্মাপুৰাণ, মৎস্যপুৰাণ, গৰুড়পুৰাণ, ব্ৰহ্মমাণ্ডপুৰাণ। ইয়াত ব্ৰহ্মপুৰাণক আটাইতকৈ পুৰণি আৰু স্কন্ধপুৰাণক আটাইতকৈ ডাঙৰ পুৰাণ বুলি গণ্য কৰা হয়।

 * ১৭ পুৰাণৰ পৰা গৰুড়পুৰাণ কেনেকৈ পৃথক?

হিন্দুধৰ্মত মুঠ ১৮খন পুৰাণৰ কথা কোৱা হৈছে, য’ত গৰুড়পুৰাণো এক। ১৮খন পুৰাণৰ ভিতৰত গৰুড়পুৰাণ ১৭তম পুৰাণ। কিন্তু ইয়াক আন ১৭ পুৰাণৰ পৰা পৃথক বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হ’ল এই পুথিখন অগ্নিপুৰাণৰ পাছত ৰচনা কৰা হৈছে আৰু ইয়াত আন পুৰাণৰ পৰা বিভিন্ন কথা কোৱা হৈছে। গৰুড়পুৰাণত ভগৱান বিষ্ণু আৰু গৰুড়ৰাজ (গৰুড় চৰাই)ৰ মাজত হোৱা জীৱন-মৃত্যুৰ কথা-বতৰাখিনি উল্লেখ আছে। গৰুদ্ৰাজে ভগৱান বিষ্ণুৰ পৰা জীৱন-মৃত্যুৰ লগত জড়িত জ্ঞান আহৰণ কৰি কাশ্যপ ঋষিক ক’লে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক