--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহু লোকৰ বুকুৰ বিষৰ সমস্যা আছে। কেৱল হাৰ্ট এটেকৰ বাবে এনে নহয়। ইয়াৰ বাহিৰেও বহুতো কাৰণ আছে যাৰ বাবে হাৰ্টবাৰ্ণৰ সমস্যাটো স্থায়ী হৈ থাকে। যিসকল লোকৰ বুকুৰ অহৰহ বিষ থাকে তেওঁলোকে ইয়াক আওকাণ কৰা উচিত নহয় কাৰণ বুকুৰ বিষে বহু ৰোগৰ সৃষ্টি কৰে। এই বিষৰ পৰা সকাহ পাবলৈ আপুনি কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে, গতিকে বুকুৰ বিষ কিয় হয় আৰু ইয়াৰ চিকিৎসা কেনেকৈ কৰিব পাৰি জানো আহক।

বুকুৰ বিষৰ কাৰণ

বাৰে বাৰে হঠাৎ বুকুৰ বিষ হ’লে সহজভাৱে ল’ব নালাগে কাৰণ ই আন ৰোগৰো প্ৰসাৰ ঘটাব পাৰে। ইয়াৰ বাবে হাড় আৰু পেশীৰ বিষৰ উপৰিও এচিডিটি, হাৰ্ট এটেক আৰু এচিড ৰিফ্লাক্স আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

বুকুৰ বিষ নোহোৱা কৰাৰ ঘৰুৱা উপায়

তুলসীঃ তুলসীত বহুতো ঔষধি গুণ পোৱা যায়। তুলসীয়ে বুকুৰ বিষত উপশম দিয়ে। ইয়াৰ বাবে প্ৰতিদিনে পুৱা খালী পেটত ৪ৰ পৰা ৫ টা তুলসীৰ পাত চোবাই খাব লাগে। ইয়াৰ দ্বাৰা আপুনি বুকুৰ বিষৰ পৰা সকাহ পাব আৰু লগতে বুকু গধুৰ হোৱাৰ পৰাও মুক্তি পাব। চোবাই খোৱাৰ উপৰিও তুলসীৰ পাতৰ চাহো খাব পাৰে।

নহৰুঃ বুকুৰ বিষতো হালধি অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। ইয়াৰ বাহিৰেও নহৰু সেৱনৰ বহু উপকাৰ পোৱা যায়। যিহেতু ই কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস কৰে। ইয়াৰ বাবে কেৰাহীত একাপ পানী লৈ তাত ৩ ফুটা নহৰু দি গৰম হ’বলৈ গেছত ৰাখিব। এই পানী উতলিলে গেছ বন্ধ কৰি তাত নেমুৰ ৰস দিব। এনেদৰে সেৱন কৰিলে বুকুৰ বিষৰ পৰা সোনকালে সকাহ পাব। ইয়াৰ উপৰিও নহৰু সেৱন কৰিলেও হৃদযন্ত্ৰৰ বন্ধ হোৱা ৰোগ নিৰাময় হয়।

নেমুঃ নেমুত থকা ভিটামিন-চিৰ পৰিমাণ বেছি হয়, যিয়ে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। একাপ গৰম পানীত আধা নেমু চেপি খালে বুকুৰ বিষৰ পৰা উপশম পাব। কিন্তু বুকুৰ বিষ বেছি হ’লে তেতিয়া চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক