--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি সকলোৱে জানো যে ফল-মূল আৰু শাক-পাচলিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে উপকাৰী। কিন্তু, আপুনি জানেনে যে আমি প্ৰায়ে পেলাই দিয়া ইহঁতৰ খোলাবোৰো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। সম্ভৱতঃ অতি কম সংখ্যক লোকে এই বিষয়টোৰ বিষয়ে জানিব। বহু ফলৰ বাকলিও শৰীৰৰ বাবে উপকাৰী। ডালিমৰ বাকলিও ইয়াৰে অন্যতম। আজি এই লেখাটোৰ জৰিয়তে জানি লওক ডালিমৰ বাকলিৰ  উপকাৰিতা।

• এনেদৰে খোলাৰ গুড়ি বনাওক: ডালিমৰ খোলাখিনি কেৰাহীত ভৰাই অভেনত ৩৫০ ডিগ্ৰীত ২০ মিনিট বেক কৰক। খোলাবোৰ শুকাই গ’লে পিহি গুড়ি বনাব। এই গুড়ি সেৱন কৰিব পাৰে। ইচ্ছা কৰিলে ডালিমৰ বাকলি শুকুৱাই লোৱাৰ পাছত সৰু সৰু টুকুৰাও খাব পাৰে।

• ডালিমৰ চাহ কেনেকৈ বনাব: প্ৰথমে এটা খালী চাহৰ বেগ লৈ তাত এচামুচ ডালিমৰ বাকলিৰ গুড়ি দিব। ইয়াৰ পাছত এই চাহৰ বেগটো এগিলাচ গৰম পানীত ভৰাই থওক। সোৱাদৰ বাবে ইয়াত মৌ দিব পাৰে।

• এইদৰে ফেচ পেক বনাওক: ফেচ পেক বনাবলৈ পিহি লোৱা গুড়িত নেমুৰ ৰস মিহলাই পেষ্ট হোৱালৈকে মিহলাই লওক। ইয়াৰ পিছত মুখত লগাব আৰু ২০ মিনিট ৰাখিব। তাৰ পিছত ধুই দিব

ডালিমৰ বাকলি কি কি ক্ষেত্ৰত সহায়ক জানি লওক: 

১/ ছালৰ সমস্যাত সহায়ক: ডালিমৰ বাকলিত এন্টিঅক্সিডেন্ট আৰু পলিফিনল বেছি থাকে, যিয়ে হাইপাৰপিগমেণ্টেচন (ছালত ক’লা দাগ) চিকিৎসাত সহায়ক।

২/ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল: ডালিমৰ বাকলিয়ে হৃদযন্ত্ৰ আৰু মধুমেহ ৰোগৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ডালিমৰ বাকলিৰ ৰসে এন্টি-ইনফ্লেমেটৰী এজেণ্ট হিচাপে কাম কৰে যিয়ে অতিৰিক্ত ওজন আৰু মেদবহুল লোকৰ কলেষ্টেৰল আৰু তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰে।

৩/ কৰ্কট ৰোগত ফলপ্ৰসূ: ডালিমৰ বাকলিত পুনিকালেজিনৰ পৰিমাণ বেছি। ই এবিধ পলিফিনল এন্টিকাৰ্চিনোজেনিক গুণ থকা বুলি জনা যায়। ডালিমৰ বাকলিয়ে মুখ, পেট আৰু স্তনৰ কৰ্কট কোষৰ প্ৰসাৰত বাধা দিয়ে আৰু কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৪/ মুখৰ স্বাস্থ্যৰ বাবে ভাল: ডালিমৰ বাকলি দাঁতত প্লেক গঠন হোৱাত সহায় কৰে। ইয়াত এন্টিবেক্টেৰিয়েল গুণ পোৱা যায় যিয়ে দাঁত আৰু দাঁতৰ ৰোগৰ চিকিৎসাত সহায়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক