--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ অ’মিক্ৰনে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। নতুন এই প্ৰজাতিৰ সৈতে যুঁজিবলৈ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই বৰ্তমান সাজু হৈছে৷ শেহতীয়াকৈ ভাৰতে চুবুৰীয়া দেশলৈ সহায়ৰ হাত আগবঢ়াইছে। নৰেন্দ্ৰ মোদীৰ চৰকাৰে আফগানিস্তানলৈ ১০ লাখ ক’ভিড-১৯ ভেকচিন প্ৰেৰণ কৰিছে। তালিবানে আফগানিস্তান দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতে দেশখনলৈ ক’ভিড-১৯ ভেকচিন প্ৰেৰণ কৰিছে।

খবৰ অনুসৰি, ভাৰতে আফগানিস্তান বায়োটেক ৰেডিটক ভাৰতত নিৰ্মিত থলুৱা কৰ’না ভেকচিন ক’ভাক্সিন প্ৰদান কৰিছে। নতুন দিল্লীৰ পৰা নতুন বছৰৰ প্ৰথম দিনটোতে আফগানিস্তানলৈ ৫০০,০০০ পালি ক’ভাক্সিন প্ৰেৰণ কৰিছিল। বাতৰিটো নিশ্চিত কৰি এজন কেন্দ্ৰীয় বিষয়াই কয় যে শনিবাৰে মাহান এয়াৰৱেজৰ দ্বাৰা আফগানিস্তানৰ ৰাজধানী কাবুললৈ ৫,০০,০০০ পালি ক’ভাক্সিন প্ৰেৰণ কৰা হৈছিল। বাকী ৫ লাখ পালি জানুৱাৰীৰ দ্বিতীয় সপ্তাহত প্ৰেৰণ কৰা হ’ব।

নৰেন্দ্ৰ মোদী চৰকাৰে ইয়াৰ পূৰ্বে বিশ্বৰ নিম্ন উপাৰ্জন আৰু উন্নয়নশীল দেশসমূহক ক’ভিড ভেকচিন প্ৰদান কৰাৰ বাবে ‘ভেকচিন বন্ধুত্ব’ শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেই কাৰ্যসূচীৰ অধীনত ভাৰতে উপহাৰ হিচাপে আফগানিস্তানলৈ ভেকচিন যোগান ধৰিছে৷ ইয়াৰ পূৰ্বে বাংলাদেশ, নেপাল, ম্যানমাৰ, ভূটান, শ্ৰীলংকা, মালদ্বীপ, ব্ৰাজিল, মৰক্কো, দক্ষিণ আফ্ৰিকা, ডি আৰ কঙ্গো, নাইজেৰিয়াকে ধৰি বহুতো দেশে নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘ভেকচিন বন্ধুত্ব’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ পৰা লাভান্বিত হৈছে। ইয়াৰ পূৰ্বেও ভাৰতে আফগানিস্তানক ভেকচিন প্ৰদান কৰিছিল।

বৰ্তমানে, প্ৰতিমাহে ভাৰত বায়োটেকে প্ৰায় ৭০ নিযুত পালি ক’ভিড-১৯ ভেকচিন উৎপাদন কৰে। প্ৰতিষ্ঠানটোৰ গৱেষকসকল আশাবাদী যে অহা কেইমাহমানৰ ভিতৰত ইয়াৰ উৎপাদন ১ বিলিয়নলৈ বৃদ্ধি পাব। ভাৰত বায়’টেকে ইতিমধ্যে ইয়াৰ ক’ভিড ভেকচিন উৎপাদনৰ কেন্দ্ৰশাখা হায়দৰাবাদৰ পৰা অংকলেশ্বৰ, পুণে আৰু মালুৰলৈ সম্প্ৰসাৰিত কৰিছে। কোম্পানীটোৱে অনাগত দিনবোৰতো ইয়াৰ শাখা আৰু সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা ৰাখিছে।

উল্লেখ্য যে, এতিয়ালৈকে ভাৰত বায়োটেকৰ ক’ভিড ভেকচিন কেৱল প্ৰাপ্তবয়স্ক অৰ্থাৎ ১৮ বছৰীয়া লোকৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল। দেশখনৰ কোম্পানীটোৱে শেহতীয়াকৈ ১৫ বছৰীয়া শিশুৰ পৰা ১৮ বছৰীয়া শিশুৰ বাবে কৰ’না ভেকচিন ক’ভাক্সিন মুকলি কৰিছে। ই ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা অনুমোদন লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি