--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ অ’মিক্ৰনে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। নতুন এই প্ৰজাতিৰ সৈতে যুঁজিবলৈ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই বৰ্তমান সাজু হৈছে৷ শেহতীয়াকৈ ভাৰতে চুবুৰীয়া দেশলৈ সহায়ৰ হাত আগবঢ়াইছে। নৰেন্দ্ৰ মোদীৰ চৰকাৰে আফগানিস্তানলৈ ১০ লাখ ক’ভিড-১৯ ভেকচিন প্ৰেৰণ কৰিছে। তালিবানে আফগানিস্তান দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতে দেশখনলৈ ক’ভিড-১৯ ভেকচিন প্ৰেৰণ কৰিছে।

খবৰ অনুসৰি, ভাৰতে আফগানিস্তান বায়োটেক ৰেডিটক ভাৰতত নিৰ্মিত থলুৱা কৰ’না ভেকচিন ক’ভাক্সিন প্ৰদান কৰিছে। নতুন দিল্লীৰ পৰা নতুন বছৰৰ প্ৰথম দিনটোতে আফগানিস্তানলৈ ৫০০,০০০ পালি ক’ভাক্সিন প্ৰেৰণ কৰিছিল। বাতৰিটো নিশ্চিত কৰি এজন কেন্দ্ৰীয় বিষয়াই কয় যে শনিবাৰে মাহান এয়াৰৱেজৰ দ্বাৰা আফগানিস্তানৰ ৰাজধানী কাবুললৈ ৫,০০,০০০ পালি ক’ভাক্সিন প্ৰেৰণ কৰা হৈছিল। বাকী ৫ লাখ পালি জানুৱাৰীৰ দ্বিতীয় সপ্তাহত প্ৰেৰণ কৰা হ’ব।

নৰেন্দ্ৰ মোদী চৰকাৰে ইয়াৰ পূৰ্বে বিশ্বৰ নিম্ন উপাৰ্জন আৰু উন্নয়নশীল দেশসমূহক ক’ভিড ভেকচিন প্ৰদান কৰাৰ বাবে ‘ভেকচিন বন্ধুত্ব’ শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেই কাৰ্যসূচীৰ অধীনত ভাৰতে উপহাৰ হিচাপে আফগানিস্তানলৈ ভেকচিন যোগান ধৰিছে৷ ইয়াৰ পূৰ্বে বাংলাদেশ, নেপাল, ম্যানমাৰ, ভূটান, শ্ৰীলংকা, মালদ্বীপ, ব্ৰাজিল, মৰক্কো, দক্ষিণ আফ্ৰিকা, ডি আৰ কঙ্গো, নাইজেৰিয়াকে ধৰি বহুতো দেশে নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘ভেকচিন বন্ধুত্ব’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ পৰা লাভান্বিত হৈছে। ইয়াৰ পূৰ্বেও ভাৰতে আফগানিস্তানক ভেকচিন প্ৰদান কৰিছিল।

বৰ্তমানে, প্ৰতিমাহে ভাৰত বায়োটেকে প্ৰায় ৭০ নিযুত পালি ক’ভিড-১৯ ভেকচিন উৎপাদন কৰে। প্ৰতিষ্ঠানটোৰ গৱেষকসকল আশাবাদী যে অহা কেইমাহমানৰ ভিতৰত ইয়াৰ উৎপাদন ১ বিলিয়নলৈ বৃদ্ধি পাব। ভাৰত বায়’টেকে ইতিমধ্যে ইয়াৰ ক’ভিড ভেকচিন উৎপাদনৰ কেন্দ্ৰশাখা হায়দৰাবাদৰ পৰা অংকলেশ্বৰ, পুণে আৰু মালুৰলৈ সম্প্ৰসাৰিত কৰিছে। কোম্পানীটোৱে অনাগত দিনবোৰতো ইয়াৰ শাখা আৰু সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা ৰাখিছে।

উল্লেখ্য যে, এতিয়ালৈকে ভাৰত বায়োটেকৰ ক’ভিড ভেকচিন কেৱল প্ৰাপ্তবয়স্ক অৰ্থাৎ ১৮ বছৰীয়া লোকৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল। দেশখনৰ কোম্পানীটোৱে শেহতীয়াকৈ ১৫ বছৰীয়া শিশুৰ পৰা ১৮ বছৰীয়া শিশুৰ বাবে কৰ’না ভেকচিন ক’ভাক্সিন মুকলি কৰিছে। ই ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা অনুমোদন লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক