--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মেঘালয়ৰ তুৰা আৰু বৰাকৰ বিভিন্ন স্থানলৈ অনা হয় এই তামোলৰ বস্তাসমূহ। লক্ষণীয় কথাটো হ'ল, নৈশ বাছত এই তামোলসমূহ কোনে কালৈ প্ৰেৰণ কৰে সেই কথা নাজানে বাছৰ চালক আৰু পৰিচালকে।

ডিজিটেল ডেস্কঃ আৰক্ষীৰ চকুৰ সন্মুখেৰেই নৈশ বাছেৰে গুৱাহাটীলৈ সৰবৰাহ হৈ আছে বস্তাই বস্তাই চোৰাং বার্মিজ কেঁচা তামোল। ইয়াৰ পূৰ্বে ৰে'ল আৰু ট্রাকেৰে চোৰাংভাৱে বার্মিজ চুপাৰিৰ সৰবৰাহ হৈ আছিল যদিও এই ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰাৰ পাছত এইবাৰ চুপাৰি চোৰে অৱলম্বন কৰিছে নতুন কৌশল।


সেই অনুসৰি চুপাৰি চোৰে বাৰ্মাৰ পৰা কৰবিহীনভাৱে কেঁচা তামোল ক্ৰয় কৰি সেই কেঁচা তামোল অসমৰ বিভিন্ন স্থানত প্রচেছিং কৰি পাছত অসমৰ থলুৱা চুপাৰিৰ টেগ লগাই বহিঃৰাজ্যৰ বজাৰত বিক্ৰী কৰে। ইয়াৰ বাবে অসাধু লোকসকলে বৰাক উপত্যকাৰ লগতে উত্তৰ-পূবৰ বিভিন্ন স্থানত মজুত কৰি ৰখা বাৰ্মাৰ তামোল গুৱাহাটীলৈ নিতৌ নৈশ বাছেৰে সৰবৰাহ কৰিছে।


উল্লেখযোগ্য যে গুৱাহাটীৰ আই এছ বি টিত 'প্রাগ নিউজ'ৰ ষ্টিং অপাৰেশ্যনত বাৰ্মাৰ কেঁচা তামোল ছিণ্ডিকেটৰ বহুতো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, নৈশ বাছ ব্যৱহাৰ কৰি বার্মিজ তামোলৰ অবৈধ সৰবৰাহৰ নেতৃত্বত আছে হীৰেন আলী নামৰ লোকজন। 'প্রাগ নিউজ'ৰ সাংবাদিকৰ দলে মঙলবাৰে চলোৱা অভিযান কালত উদ্ধাৰ হয় বস্তাই বস্তাই বাৰ্মাৰ কেঁচা তামোল। ৰয়েল ট্রেভেলছ, নেটৱৰ্ক ট্রেভেলছ আৰু সীমা ট্রেভেলছৰ বাছত এইদৰে কঢ়িয়াই অনা হয় বাৰ্মাৰ কেঁচা তামোল।


মেঘালয়ৰ তুৰা আৰু বৰাকৰ বিভিন্ন স্থানলৈ অনা হয় এই তামোলৰ বস্তাসমূহ। লক্ষণীয় কথাটো হ'ল, নৈশ বাছত এই তামোলসমূহ কোনে কালৈ প্ৰেৰণ কৰে সেই কথা নাজানে বাছৰ চালক আৰু পৰিচালকে। ইয়াৰ বিপৰীতে নৈশ বাছৰ পৰা কেঁচা তামোলৰ বস্তাবোৰ গুৱাহাটীৰ আই এছ বি টিত মুকলিকৈ নমোৱাৰ পাছত শ্ৰমিকৰ জৰিয়তে নির্দিষ্ট স্থানলৈ প্ৰেৰণ কৰে কিছু নির্দিষ্ট লোকে। অভিযোগ মতে, দীর্ঘদিনৰ পৰা আই এছ বি টিত চলি আছে এই নিষিদ্ধ বেহা।


ইফালে পুৱাৰ ভাগতে প্ৰাগ নিউজৰ সাংবাদিকে অভিযান চলোৱাৰ খবৰ বিয়পি পৰাত বহু নৈশ বাছ মঙলবাৰে আই এছ বি টিত প্ৰৱেশেই নকৰিলে। কিছু বাছে আকৌ তামোলৰ বস্তাবোৰ গাড়ীৰ পৰা ননমালেই। আন এক সূত্রই সদৰী কৰা মতে, বার্মিজ চুপাৰি আৰু কেঁচা তামোলৰ ব্যৱসায়ত জড়িত আছে সীমা ট্রেভেলছ নামৰ নৈশ বাছৰ গৰাকী হীৰেন আলী। হীৰেন আলীয়ে নিজৰ ২২খনকৈ নৈশ বাছত চুপাৰি-তামোল কঢ়িওৱাৰ লগতে আন আন নৈশ বাছেৰেও চুপাৰি আৰু কেঁচা তামোল সৰবৰাহ কৰে। পৰৱৰ্তী সময়ত এই কেঁচা তামোল হীৰেন আলীৰ গড়চুকত থকা গুদামত মজুত কৰা হয়।


প্রণিধানযোগ্য যে চৰকাৰক কোটি কোটি টকাৰ কৰ ফাঁকি দি বার্মিজ চুপাৰি আৰু কেঁচা তামোলৰ চোৰাং ব্যৱসায় চলোৱা হীৰেন আলী ১০ বছৰত গৰাকী হ'ল ২২খন নৈশ বাছৰ। যি কি নহওক, যাত্রীবাহী নৈশ বাছত কৰবিহীনভাৱে নিতৌ নিষিদ্ধ বার্মিজ কেঁচা তামোল এইদৰে সৰবৰাহ কৰাৰ পাছতো কিয় সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্রহণ কৰা নাই সেয়াহে ৰহস্যৰ বিষয়। ইফালে প্রাগ নিউজৰ কেমেৰাত বন্দী হোৱা চোৰাং বার্মিজ কেঁচা তামোল কঢ়িওৱা নৈশ বাছৰ নম্বৰকেইটা হৈছে ক্রমে- AS 01 SC 804 (ARHANS), AR 20 9099 (MAA TRAVELS), AS 01 LC 7439 (ROYAL TOURS & TRAVELS,) AR 01 P 8383 (AMARJIT)।


উক্ত নৈশ বাছকেইখনৰ উপৰি মঙলবাৰে আই এছ বি টিত প্ৰৱেশ কৰা সীমা ট্রেভেলছৰ নৈশ বাছত আহিছিল চোৰাং বার্মিজ তামোল। এতিয়া এইসমূহ বাহনৰ গৰাকী আৰু চালক-পৰিচালকক সোধা-পোছা কৰিলেই ওলাই পৰিব নৈশ বাছেৰে কৰবিহীনভাৱে তথা চোৰাংভাৱে কেঁচা তামোল নিতৌ গুৱাহাটীলৈ কঢ়িওৱা ঘটনাৰ প্ৰকৃত ৰহস্য।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ