--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান ছলমান খানে মঙলবাৰে ৫৭ সংখ্যক জন্মদিন উদযাপন কৰে। এই বিশেষ অনুষ্ঠানত তেওঁৰ ঘৰত গ্ৰেণ্ড চেলিব্ৰেচন কৰা হয় য'ত বলীউডৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে। ছলমানৰ প্ৰাক্তন প্ৰেমিকা তথা বলীউডৰ সুপৰিচিত অভিনেত্ৰী সংগীতা বিজলানীয়েও এই পাৰ্টিত উপস্থিত হয়। পাৰ্টিত ছলমান খানে তেওঁৰ প্ৰাক্তন প্ৰেয়সী সংগীতা বিজলানীক সাৱটি ধৰি কপালত চুমা খায়। বৰ্তমান এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

আপোনালোকক জনাওঁ যে সংগীতা বিজলানী ৯০ দশকৰ এগৰাকী বিখ্যাত অভিনেত্ৰী। যদিও তেওঁ এতিয়া চলচ্চিত্ৰ জগতত সক্ৰিয় নহয়, তথাপিও তেওঁক প্ৰায়ে বলীউডৰ চেলিব্ৰিটিৰ পাৰ্টিত দেখা যায়। সংগীতা বিজলানীৰ বয়স ৬২ বছৰ, কিন্তু তেওঁৰ ফিটনেছ, ছালৰ ষ্টাইল আৰু সৌন্দৰ্য্য দেখি সকলো আচৰিত হয়। ছলমান খানতকৈ ৫ বছৰ ডাঙৰ সংগীতা বিজলানী। আহকচোন তেওঁৰ ফিটনেছ আৰু সৌন্দৰ্য্যৰ আঁৰৰ ৰহস্য কি জানো।

সংগীতাৰ ফিটনেছ

ছলমান খানৰ প্ৰাক্তন প্ৰেমিকা সংগীতা বিজলানী প্ৰাক্তন ক্ৰিকেটাৰ আজহাৰুদ্দিনৰ প্ৰাক্তন পত্নীও। সংগীতা বিজলানীক যিয়েই দেখে, আচৰিত হয় যে ৬২ বছৰ বয়সতো তেওঁক কেনেকৈ ইমান ফিট আৰু ধুনীয়া দেখা যায়। সংগীতাৰ ফিটনেছৰ আঁৰৰ ৰহস্য হৈছে যোগাসন। ফিট হৈ থাকিবলৈ বছৰ বছৰ ধৰি যোগাসন কৰি আহিছে বুলি এটা সাক্ষাৎকাৰত কৈছিল সংগীতাই। সংগীতাই কয় যে তেওঁ দেউতাকৰ পৰা যোগ শিকিছিল।

মেডিটেছন কৰিলে বয়স বৃদ্ধি নহয়

আন এটা সাক্ষাৎকাৰত সংগীতা বিজলানীয়ে কৈছিল যে তেওঁ কেতিয়াও যোগাসন বাদ নিদিয়ে। ইয়াৰ উপৰিও তেওঁ মেডিটেছনো কৰে। সংগীতাৰ মতে মেডিটেছন কৰিলে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া হয়। সংগীতাই প্ৰায়ে ছ’চিয়েল মিডিয়াত ফিটনেছ সম্পৰ্কীয় পোষ্ট দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক