--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান ছলমান খানে মঙলবাৰে ৫৭ সংখ্যক জন্মদিন উদযাপন কৰে। এই বিশেষ অনুষ্ঠানত তেওঁৰ ঘৰত গ্ৰেণ্ড চেলিব্ৰেচন কৰা হয় য'ত বলীউডৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে। ছলমানৰ প্ৰাক্তন প্ৰেমিকা তথা বলীউডৰ সুপৰিচিত অভিনেত্ৰী সংগীতা বিজলানীয়েও এই পাৰ্টিত উপস্থিত হয়। পাৰ্টিত ছলমান খানে তেওঁৰ প্ৰাক্তন প্ৰেয়সী সংগীতা বিজলানীক সাৱটি ধৰি কপালত চুমা খায়। বৰ্তমান এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

আপোনালোকক জনাওঁ যে সংগীতা বিজলানী ৯০ দশকৰ এগৰাকী বিখ্যাত অভিনেত্ৰী। যদিও তেওঁ এতিয়া চলচ্চিত্ৰ জগতত সক্ৰিয় নহয়, তথাপিও তেওঁক প্ৰায়ে বলীউডৰ চেলিব্ৰিটিৰ পাৰ্টিত দেখা যায়। সংগীতা বিজলানীৰ বয়স ৬২ বছৰ, কিন্তু তেওঁৰ ফিটনেছ, ছালৰ ষ্টাইল আৰু সৌন্দৰ্য্য দেখি সকলো আচৰিত হয়। ছলমান খানতকৈ ৫ বছৰ ডাঙৰ সংগীতা বিজলানী। আহকচোন তেওঁৰ ফিটনেছ আৰু সৌন্দৰ্য্যৰ আঁৰৰ ৰহস্য কি জানো।

সংগীতাৰ ফিটনেছ

ছলমান খানৰ প্ৰাক্তন প্ৰেমিকা সংগীতা বিজলানী প্ৰাক্তন ক্ৰিকেটাৰ আজহাৰুদ্দিনৰ প্ৰাক্তন পত্নীও। সংগীতা বিজলানীক যিয়েই দেখে, আচৰিত হয় যে ৬২ বছৰ বয়সতো তেওঁক কেনেকৈ ইমান ফিট আৰু ধুনীয়া দেখা যায়। সংগীতাৰ ফিটনেছৰ আঁৰৰ ৰহস্য হৈছে যোগাসন। ফিট হৈ থাকিবলৈ বছৰ বছৰ ধৰি যোগাসন কৰি আহিছে বুলি এটা সাক্ষাৎকাৰত কৈছিল সংগীতাই। সংগীতাই কয় যে তেওঁ দেউতাকৰ পৰা যোগ শিকিছিল।

মেডিটেছন কৰিলে বয়স বৃদ্ধি নহয়

আন এটা সাক্ষাৎকাৰত সংগীতা বিজলানীয়ে কৈছিল যে তেওঁ কেতিয়াও যোগাসন বাদ নিদিয়ে। ইয়াৰ উপৰিও তেওঁ মেডিটেছনো কৰে। সংগীতাৰ মতে মেডিটেছন কৰিলে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া হয়। সংগীতাই প্ৰায়ে ছ’চিয়েল মিডিয়াত ফিটনেছ সম্পৰ্কীয় পোষ্ট দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু