--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডায়েবেটিছ, যাক আমি সাধাৰণ ভাষাত ছুগাৰ বা চেনি বুলিও কওঁ, ই এনেকুৱা এবিধ ৰোগ যি এবাৰ হ’লেই ইয়াক নিৰাময় কৰাটো অসম্ভৱ হৈ পৰে বা গোটেই জীৱন এই ৰোগবিধ লগত লৈ ফুৰিবলগীয়া হয়। ইয়াৰ বাহিৰেও বহু অংগ-প্ৰতংগত ইয়াৰ প্ৰভাৱ লাহে লাহে পৰিবলৈ আৰম্ভ কৰে। ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ বৃক্ক, হৃদযন্ত্ৰ আৰু মগজুত পৰে, ইয়াৰ প্ৰভাৱ হাড়তো পৰিবলৈ আৰম্ভ কৰে। হয়তো আপুনি কল্পনা কৰিব নোৱাৰে যে এজন ডায়েবেটিছ ৰোগীৰ হাড় দুৰ্বল হোৱাৰ সম্ভাৱনা অধিক হয়, যাক আমি অষ্টিঅ’পৰ’ছিছ নামেৰে জানো। ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি গাঁঠিত পৰা দেখিবলৈ পোৱা যায়।

 দৰাচলতে অনিয়ন্ত্ৰিত দীৰ্ঘদিনীয়া ডায়েবেটিছ ৰোগীৰ হাড়ৰ গুণগত মান দুৰ্বল হয়। পেশীৰ ভৰ কম হয় যিয়ে এনে লোকৰ হাড়ৰ শক্তিক পৰোক্ষভাৱে প্ৰভাৱিত কৰাৰ লগতে তেওঁলোকৰ পতন আৰু ভাঙি যোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলৰ চকুৰ সমস্যা বা স্নায়ুতন্ত্ৰৰ সমস্যা প্ৰায়ে দেখা যায়। যেতিয়া শৰীৰত ছুগাৰৰ পৰিমাণ বৃদ্ধি হয়, তেতিয়া কলাজেন প্ৰভাৱিত হয় আৰু হাড়বোৰ দুৰ্বল হৈ পৰে।

 টাইপ-১ ডায়েবেটিছ ৰোগীৰ হাড় দুৰ্বল হোৱাৰ সম্ভাৱনা বেছি। হাড় দুৰ্বল হোৱাৰ বাবে সামান্য আঘাত বা সংঘৰ্ষৰ ফলতহে হাড় ভাঙি যায়, বেছিভাগেই সেইসকল লোকৰ ক্ষেত্ৰত দেখা গৈছে যিসকলে দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ অবিৰতভাৱে ইনচুলিন ব্যৱহাৰ কৰি আছে। এনে পৰিস্থিতিত তেজত চেনি বৃদ্ধিৰ বাবে হাড়বোৰ শক্তিশালী নহয়।

 ডায়েবেটিছ ৰোগীয়ে কেনেকৈ হাড়ভঙাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে?

১০ বছৰতকৈ অধিক সময়ৰ ডায়েবেটিছ ৰোগীয়ে ৫০ বছৰ বয়সত হাড়ৰ ঘনত্ব পৰীক্ষা কৰাব লাগে। ৫০ বছৰৰ তলৰ লোকৰ বাবেও ডায়েবেটিছ আছে নে নাই নিয়মিতভাৱে বিএমডি পৰীক্ষা কৰাটো বাঞ্ছনীয়। যদি আপুনি ছুগাৰ নিয়ন্ত্ৰণত ৰাখে তেন্তে ই আপোনাৰ হাড় আৰু অন্যান্য অংগকো সুৰক্ষা দিয়ে।

 কেলছিয়াম পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক, দুগ্ধজাত সামগ্ৰীয়েই কেলচিয়ামৰ আটাইতকৈ ডাঙৰ উৎস। যদি আপুনি দুগ্ধজাত সামগ্ৰীৰ প্ৰতি এলাৰ্জী হয় তেন্তে ইয়াৰ পৰিৱৰ্তে পৰিপূৰক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰি ভিটামিন-ডি থকাটো অতি প্ৰয়োজনীয়। গ্ৰীষ্মকালত যদি আপুনি সূৰ্যৰ পোহৰ পোৱাত অসুবিধা পায়, তেন্তে ভিটামিন-ডিযুক্ত গাখীৰৰ সামগ্ৰী বা পৰিপূৰক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

 ধূমপান আৰু মদ্যপান নিয়ন্ত্ৰণ কৰিলেও হাড় সুস্থ কৰি ৰখাত সহায়ক হয়। সকলো ধৰণৰ ব্যায়ামে আমাৰ পেশী আৰু হাড় শক্তিশালী কৰাত সহায় কৰে যদিও ওজন উত্তোলন ব্যায়াম আটাইতকৈ ফলপ্ৰসূ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক