--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডায়েবেটিছ, যাক আমি সাধাৰণ ভাষাত ছুগাৰ বা চেনি বুলিও কওঁ, ই এনেকুৱা এবিধ ৰোগ যি এবাৰ হ’লেই ইয়াক নিৰাময় কৰাটো অসম্ভৱ হৈ পৰে বা গোটেই জীৱন এই ৰোগবিধ লগত লৈ ফুৰিবলগীয়া হয়। ইয়াৰ বাহিৰেও বহু অংগ-প্ৰতংগত ইয়াৰ প্ৰভাৱ লাহে লাহে পৰিবলৈ আৰম্ভ কৰে। ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ বৃক্ক, হৃদযন্ত্ৰ আৰু মগজুত পৰে, ইয়াৰ প্ৰভাৱ হাড়তো পৰিবলৈ আৰম্ভ কৰে। হয়তো আপুনি কল্পনা কৰিব নোৱাৰে যে এজন ডায়েবেটিছ ৰোগীৰ হাড় দুৰ্বল হোৱাৰ সম্ভাৱনা অধিক হয়, যাক আমি অষ্টিঅ’পৰ’ছিছ নামেৰে জানো। ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি গাঁঠিত পৰা দেখিবলৈ পোৱা যায়।

 দৰাচলতে অনিয়ন্ত্ৰিত দীৰ্ঘদিনীয়া ডায়েবেটিছ ৰোগীৰ হাড়ৰ গুণগত মান দুৰ্বল হয়। পেশীৰ ভৰ কম হয় যিয়ে এনে লোকৰ হাড়ৰ শক্তিক পৰোক্ষভাৱে প্ৰভাৱিত কৰাৰ লগতে তেওঁলোকৰ পতন আৰু ভাঙি যোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলৰ চকুৰ সমস্যা বা স্নায়ুতন্ত্ৰৰ সমস্যা প্ৰায়ে দেখা যায়। যেতিয়া শৰীৰত ছুগাৰৰ পৰিমাণ বৃদ্ধি হয়, তেতিয়া কলাজেন প্ৰভাৱিত হয় আৰু হাড়বোৰ দুৰ্বল হৈ পৰে।

 টাইপ-১ ডায়েবেটিছ ৰোগীৰ হাড় দুৰ্বল হোৱাৰ সম্ভাৱনা বেছি। হাড় দুৰ্বল হোৱাৰ বাবে সামান্য আঘাত বা সংঘৰ্ষৰ ফলতহে হাড় ভাঙি যায়, বেছিভাগেই সেইসকল লোকৰ ক্ষেত্ৰত দেখা গৈছে যিসকলে দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ অবিৰতভাৱে ইনচুলিন ব্যৱহাৰ কৰি আছে। এনে পৰিস্থিতিত তেজত চেনি বৃদ্ধিৰ বাবে হাড়বোৰ শক্তিশালী নহয়।

 ডায়েবেটিছ ৰোগীয়ে কেনেকৈ হাড়ভঙাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে?

১০ বছৰতকৈ অধিক সময়ৰ ডায়েবেটিছ ৰোগীয়ে ৫০ বছৰ বয়সত হাড়ৰ ঘনত্ব পৰীক্ষা কৰাব লাগে। ৫০ বছৰৰ তলৰ লোকৰ বাবেও ডায়েবেটিছ আছে নে নাই নিয়মিতভাৱে বিএমডি পৰীক্ষা কৰাটো বাঞ্ছনীয়। যদি আপুনি ছুগাৰ নিয়ন্ত্ৰণত ৰাখে তেন্তে ই আপোনাৰ হাড় আৰু অন্যান্য অংগকো সুৰক্ষা দিয়ে।

 কেলছিয়াম পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক, দুগ্ধজাত সামগ্ৰীয়েই কেলচিয়ামৰ আটাইতকৈ ডাঙৰ উৎস। যদি আপুনি দুগ্ধজাত সামগ্ৰীৰ প্ৰতি এলাৰ্জী হয় তেন্তে ইয়াৰ পৰিৱৰ্তে পৰিপূৰক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰি ভিটামিন-ডি থকাটো অতি প্ৰয়োজনীয়। গ্ৰীষ্মকালত যদি আপুনি সূৰ্যৰ পোহৰ পোৱাত অসুবিধা পায়, তেন্তে ভিটামিন-ডিযুক্ত গাখীৰৰ সামগ্ৰী বা পৰিপূৰক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

 ধূমপান আৰু মদ্যপান নিয়ন্ত্ৰণ কৰিলেও হাড় সুস্থ কৰি ৰখাত সহায়ক হয়। সকলো ধৰণৰ ব্যায়ামে আমাৰ পেশী আৰু হাড় শক্তিশালী কৰাত সহায় কৰে যদিও ওজন উত্তোলন ব্যায়াম আটাইতকৈ ফলপ্ৰসূ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু