--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাব-এ-বাৰাতৰ দিনা দিল্লীৰ জামা মছজিদে লাভ কৰিছে নতুন শ্বাহী ইমাম। শ্বাহী ইমাম ছৈয়দ আহমেদ বুখাৰীয়ে তেওঁৰ পুত্ৰ ছৈয়দ শ্বাবান বুখাৰীক জামা মছজিদৰ নতুন ইমাম হিচাপে ঘোষণা কৰে৷ ‘দাষ্টাৰবন্দী’ (পাগুৰি পৰিধান কৰা অনুষ্ঠান) অনুষ্ঠানত এই ঘোষণা আনুষ্ঠানিকভাৱে কৰা হয়৷ এই সময়ছোৱাত জামা মছজিদত আয়োজিত কাৰ্যসূচীৰ সময়ত বহু ব্যক্তি উপস্থিত থাকে। ইয়াৰ আগতে শ্বাবান নাইব ইমাম আছিল। বৰ্তমান শ্বাবানৰ বয়স ২৯ বছৰ। শ্বাবানৰ পৰিয়ালে যোৱা ১৩টা প্ৰজন্ম ধৰি জামা মছজিদৰ অধ্যক্ষতা কৰি আহিছে। ১৬৫০ চনত নিৰ্মাণ কৰা হৈছিল জামা মছজিদ।


১৯৯৫ চনৰ ১১ মাৰ্চত দিল্লীত জন্মগ্ৰহণ কৰিছিল ছৈয়দ শ্বাবান বুখাৰীয়ে। এমিটি বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইয়াৰ বাহিৰেও ইছলামিক ধৰ্মতত্ত্বত আলমিয়ত আৰু ফজীলত সম্পন্ন কৰিছে। ছৈয়দ শ্বাবান বুখাৰীয়ে দিল্লীৰ মাদ্ৰাছা জামিয়া আৰব ছামছুল উলুমৰ পৰা বিস্তৃত অধ্যয়নৰ লগতে ইছলামৰ মৌলিক বিষয়সমূহো অধ্যয়ন কৰিছে।


২০১৫ চনৰ ১৩ নৱেম্বৰত শ্বাবন বুখাৰীয়ে গাজিয়াবাদৰ এগৰাকী হিন্দু ছোৱালীক বিয়া কৰায়। প্ৰথম অৱস্থাত আনকি তেওঁলোকৰ পৰিয়ালটোও বিয়াৰ বাবে সাজু নাছিল যদিও পিছলৈ গোটেই পৰিয়ালটোৱে বিবাহৰ বাবে সন্মতি দিছিল আৰু তেওঁলোকে অতি আড়ম্বৰতাৰে সৈতে বিয়া পাতিছিল। বৰ্তমান শ্বাবানৰ ২টা সন্তান আৰু পত্নীৰ নাম শ্বাবানী।


ছৈয়দ শ্বাবান বুখাৰী জামা মছজিদৰ চতুৰ্দশ শ্বাহী ইমাম হিচাপে পৰিগণিত হৈছে। জামা মছজিদৰ সৈতে জড়িত লোকসকলৰ মতে ২০১৪ চনত শ্বাবানে নাইব ইমামৰ দায়িত্ব লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ কেৱল দেশতে নহয় বিদেশতো ধৰ্ম সম্পৰ্কীয় প্ৰশিক্ষণ লৈ আছিল।শ্বাহী ইমামৰ পদত থাকিবলৈ হ’লে ইছলামৰ লগত জড়িত সকলো ধৰণৰ তথ্য জনাটো প্ৰয়োজনীয়।বৰ্তমান শ্বাহী ইমামৰ দৰমহা ১৬ৰ পৰা ১৮ হাজাৰ টকা, যিটো ৱাকফ ব’ৰ্ডে প্ৰদান কৰে।


উল্লেখ্য যে, মোগল সম্ৰাট শ্বাহজাহানে ১৬৫০ চনত জামা মছজিদ নিৰ্মাণ কৰিছিল, তেতিয়া সম্ৰাটে বুখাৰাৰ শাসকসকলক ইমামৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ পাছত আব্দুল গুফৰ বুখাৰীক ভাৰতলৈ পঠিওৱাৰ পাছত শ্বাহী ইমাম উপাধি দিয়া হয়। শ্বাহী মানে ৰাজকীয় আৰু ইমাম হ’ল মছজিদত নামাজ কৰাজন। এনে পৰিস্থিতিত শ্বাহী ইমাম মানে ৰজাই নিযুক্ত কৰা  ইমাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু