--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাব-এ-বাৰাতৰ দিনা দিল্লীৰ জামা মছজিদে লাভ কৰিছে নতুন শ্বাহী ইমাম। শ্বাহী ইমাম ছৈয়দ আহমেদ বুখাৰীয়ে তেওঁৰ পুত্ৰ ছৈয়দ শ্বাবান বুখাৰীক জামা মছজিদৰ নতুন ইমাম হিচাপে ঘোষণা কৰে৷ ‘দাষ্টাৰবন্দী’ (পাগুৰি পৰিধান কৰা অনুষ্ঠান) অনুষ্ঠানত এই ঘোষণা আনুষ্ঠানিকভাৱে কৰা হয়৷ এই সময়ছোৱাত জামা মছজিদত আয়োজিত কাৰ্যসূচীৰ সময়ত বহু ব্যক্তি উপস্থিত থাকে। ইয়াৰ আগতে শ্বাবান নাইব ইমাম আছিল। বৰ্তমান শ্বাবানৰ বয়স ২৯ বছৰ। শ্বাবানৰ পৰিয়ালে যোৱা ১৩টা প্ৰজন্ম ধৰি জামা মছজিদৰ অধ্যক্ষতা কৰি আহিছে। ১৬৫০ চনত নিৰ্মাণ কৰা হৈছিল জামা মছজিদ।


১৯৯৫ চনৰ ১১ মাৰ্চত দিল্লীত জন্মগ্ৰহণ কৰিছিল ছৈয়দ শ্বাবান বুখাৰীয়ে। এমিটি বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইয়াৰ বাহিৰেও ইছলামিক ধৰ্মতত্ত্বত আলমিয়ত আৰু ফজীলত সম্পন্ন কৰিছে। ছৈয়দ শ্বাবান বুখাৰীয়ে দিল্লীৰ মাদ্ৰাছা জামিয়া আৰব ছামছুল উলুমৰ পৰা বিস্তৃত অধ্যয়নৰ লগতে ইছলামৰ মৌলিক বিষয়সমূহো অধ্যয়ন কৰিছে।


২০১৫ চনৰ ১৩ নৱেম্বৰত শ্বাবন বুখাৰীয়ে গাজিয়াবাদৰ এগৰাকী হিন্দু ছোৱালীক বিয়া কৰায়। প্ৰথম অৱস্থাত আনকি তেওঁলোকৰ পৰিয়ালটোও বিয়াৰ বাবে সাজু নাছিল যদিও পিছলৈ গোটেই পৰিয়ালটোৱে বিবাহৰ বাবে সন্মতি দিছিল আৰু তেওঁলোকে অতি আড়ম্বৰতাৰে সৈতে বিয়া পাতিছিল। বৰ্তমান শ্বাবানৰ ২টা সন্তান আৰু পত্নীৰ নাম শ্বাবানী।


ছৈয়দ শ্বাবান বুখাৰী জামা মছজিদৰ চতুৰ্দশ শ্বাহী ইমাম হিচাপে পৰিগণিত হৈছে। জামা মছজিদৰ সৈতে জড়িত লোকসকলৰ মতে ২০১৪ চনত শ্বাবানে নাইব ইমামৰ দায়িত্ব লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ কেৱল দেশতে নহয় বিদেশতো ধৰ্ম সম্পৰ্কীয় প্ৰশিক্ষণ লৈ আছিল।শ্বাহী ইমামৰ পদত থাকিবলৈ হ’লে ইছলামৰ লগত জড়িত সকলো ধৰণৰ তথ্য জনাটো প্ৰয়োজনীয়।বৰ্তমান শ্বাহী ইমামৰ দৰমহা ১৬ৰ পৰা ১৮ হাজাৰ টকা, যিটো ৱাকফ ব’ৰ্ডে প্ৰদান কৰে।


উল্লেখ্য যে, মোগল সম্ৰাট শ্বাহজাহানে ১৬৫০ চনত জামা মছজিদ নিৰ্মাণ কৰিছিল, তেতিয়া সম্ৰাটে বুখাৰাৰ শাসকসকলক ইমামৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ পাছত আব্দুল গুফৰ বুখাৰীক ভাৰতলৈ পঠিওৱাৰ পাছত শ্বাহী ইমাম উপাধি দিয়া হয়। শ্বাহী মানে ৰাজকীয় আৰু ইমাম হ’ল মছজিদত নামাজ কৰাজন। এনে পৰিস্থিতিত শ্বাহী ইমাম মানে ৰজাই নিযুক্ত কৰা  ইমাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী