--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) মাদ্ৰাজে এক আকৰ্ষণীয় গৱেষণাৰ বাবে ভাৰতীয় মছলাৰ ব্যৱহাৰৰ পেটেণ্ট লাভ কৰিছে। এই গৱেষণাত আই আই টি মাদ্ৰাজে দাবী কৰিছে যে ভাৰতীয় মছলাৰ পৰা কেন্সাৰ নিৰাময়ৰ ঔষধ তৈয়াৰ কৰিব পাৰি।

আই আই টি মাদ্ৰাজে দেওবাৰে কয় যে ইয়াৰ ক্লিনিকেল ট্ৰায়েল অতি সোনকালে আৰম্ভ হ’ব। বিষয়াসকলে দিয়া তথ্য অনুসৰি ২০২৮ চনৰ ভিতৰত এই ঔষধসমূহ বজাৰত উপলব্ধ কৰিব পাৰিব।

গৱেষকসকলে দাবী কৰিছে যে ভাৰতীয় মছলাবোৰে হাওঁফাওঁৰ কৰ্কট কোষ, স্তন কেন্সাৰ কোষ, কলন কেন্সাৰ কোষ, ছাৰ্ভাইকেল কেন্সাৰ কোষ, মৌখিক কেন্সাৰ কোষ আৰু থাইৰয়ড কেন্সাৰ কোষৰ বিৰুদ্ধে কাম কৰাৰ ক্ষমতা দেখুৱাইছে। অৰ্থাৎ এই মছলাবোৰৰ এনে গুণ আছে যিয়ে কেন্সাৰ সৃষ্টিকাৰী কোষবোৰক হত্যা কৰি কেন্সাৰ ৰোগীক নিৰাময় কৰিব পাৰে।

গৱেষকসকলে কয় যে জীৱ-জন্তুৰ ওপৰত কৰা এই গৱেষণা সফল হৈছে। তিনি-চাৰি বছৰৰ ভিতৰত এই ঔষধ বজাৰত উপলব্ধ কৰাৰ লক্ষ্য। তেওঁ কয় যে ক্লিনিকেল ট্ৰায়েলৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আই আই টি-মাদ্ৰাছৰ অধ্যাপক আৰ নাগাৰাজনে কয় যে কেন্সাৰ ঔষধ প্ৰস্তুতৰ বাবে আণৱিক স্তৰত স্থিৰতা আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ কয় যে তেওঁৰ লেবত সুস্থিৰ সামগ্ৰী প্ৰস্তুত কৰা হৈছে। ইয়াৰ ওপৰত গৱেষণা অব্যাহত থাকিব। এই ঔষধৰ কোনো পাৰ্শ্বক্ৰিয়া নহ’ব আৰু চিকিৎসাৰ খৰচো কম হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২০ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰায় এক কোটি লোকৰ মৃত্যু হয়। পৃথিৱীৰ অধিকাংশ মৃত্যুৰ কাৰণ হোৱা ৰোগৰ ভিতৰত হৃদযন্ত্ৰৰ ৰোগ প্ৰথম স্থানত আছে। ইয়াৰ পিছত কেন্সাৰ দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু