--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) মাদ্ৰাজে এক আকৰ্ষণীয় গৱেষণাৰ বাবে ভাৰতীয় মছলাৰ ব্যৱহাৰৰ পেটেণ্ট লাভ কৰিছে। এই গৱেষণাত আই আই টি মাদ্ৰাজে দাবী কৰিছে যে ভাৰতীয় মছলাৰ পৰা কেন্সাৰ নিৰাময়ৰ ঔষধ তৈয়াৰ কৰিব পাৰি।

আই আই টি মাদ্ৰাজে দেওবাৰে কয় যে ইয়াৰ ক্লিনিকেল ট্ৰায়েল অতি সোনকালে আৰম্ভ হ’ব। বিষয়াসকলে দিয়া তথ্য অনুসৰি ২০২৮ চনৰ ভিতৰত এই ঔষধসমূহ বজাৰত উপলব্ধ কৰিব পাৰিব।

গৱেষকসকলে দাবী কৰিছে যে ভাৰতীয় মছলাবোৰে হাওঁফাওঁৰ কৰ্কট কোষ, স্তন কেন্সাৰ কোষ, কলন কেন্সাৰ কোষ, ছাৰ্ভাইকেল কেন্সাৰ কোষ, মৌখিক কেন্সাৰ কোষ আৰু থাইৰয়ড কেন্সাৰ কোষৰ বিৰুদ্ধে কাম কৰাৰ ক্ষমতা দেখুৱাইছে। অৰ্থাৎ এই মছলাবোৰৰ এনে গুণ আছে যিয়ে কেন্সাৰ সৃষ্টিকাৰী কোষবোৰক হত্যা কৰি কেন্সাৰ ৰোগীক নিৰাময় কৰিব পাৰে।

গৱেষকসকলে কয় যে জীৱ-জন্তুৰ ওপৰত কৰা এই গৱেষণা সফল হৈছে। তিনি-চাৰি বছৰৰ ভিতৰত এই ঔষধ বজাৰত উপলব্ধ কৰাৰ লক্ষ্য। তেওঁ কয় যে ক্লিনিকেল ট্ৰায়েলৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আই আই টি-মাদ্ৰাছৰ অধ্যাপক আৰ নাগাৰাজনে কয় যে কেন্সাৰ ঔষধ প্ৰস্তুতৰ বাবে আণৱিক স্তৰত স্থিৰতা আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ কয় যে তেওঁৰ লেবত সুস্থিৰ সামগ্ৰী প্ৰস্তুত কৰা হৈছে। ইয়াৰ ওপৰত গৱেষণা অব্যাহত থাকিব। এই ঔষধৰ কোনো পাৰ্শ্বক্ৰিয়া নহ’ব আৰু চিকিৎসাৰ খৰচো কম হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২০ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰায় এক কোটি লোকৰ মৃত্যু হয়। পৃথিৱীৰ অধিকাংশ মৃত্যুৰ কাৰণ হোৱা ৰোগৰ ভিতৰত হৃদযন্ত্ৰৰ ৰোগ প্ৰথম স্থানত আছে। ইয়াৰ পিছত কেন্সাৰ দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী