--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ বয়স ৫০ বছৰ। তেওঁ দুটা দশকৰো অধিক সময় বলিউডত কটাইছে। হৃতিক ৰোশনে ২০০০ চনত ২৬ বছৰ বয়সত ‘কহো না প্যাৰ হায়’ ছবিৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। প্ৰথমখন ছবি মুক্তি পোৱাৰ পিছতে দৰ্শক আৰু অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিলে হৃতিক।

শেহতীয়াকৈ এগৰাকী বৃদ্ধাই এটা অনুষ্ঠানৰ মঞ্চত হৃতিকক প্ৰেমৰ প্ৰস্তাৱ দিলে। ছ’চিয়েল মিডিয়া পেজত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে ঋত্বিক মঞ্চত থকাৰ সময়তে মাইক্ৰ’ফোন লৈ এজন বৃদ্ধা উপস্থিত হৈছিল। ভিডিঅ’টোৰ পৰা স্পষ্ট হৈ পৰিছে যে তেওঁ হৃতিকতকৈ যথেষ্ট বয়সীয়াল। বৃদ্ধাই ক'লে, "মই তোমাৰ অনুৰাগী। মই তোমাৰ প্ৰেমত পাগল! কিন্তু মই কি কৰিম? তোমাতকৈ মোৰ জন্ম আগত! নহ'লে মই তোমাক বিয়া কৰালোঁহেঁতেন।''

মাইকটো লৈ হৃতিকে তেওঁ সোধ- "আপুনি অবিবাহিত নেকি?" প্ৰশ্নৰ উত্তৰত বৃদ্ধাৰ উত্তৰ- "নাই"। উত্তৰ শুনি হৃতিক স্তম্ভিত হোৱাৰ অভিনয় কৰি ক'লে, "এইটোৱেই সমস্যা! আপুনি অবিবাহিত নহয়। অন্যথা বয়সৰ কোনো কথা নাই!'’

উল্লেখ্য যে চুজেন খানৰ সৈতে ১৪ বছৰ বিবাহৰ অন্তত হৃতিক বিবাহ বিচ্ছেদ কৰে। তেতিয়াৰ পৰাই ছাবা আজাদৰ প্ৰেমত পৰিছে ৰাকেশ ৰোশন-পুত্ৰ। যদিও আৰম্ভণিতে প্ৰেম স্বীকাৰ নকৰিলেও হৃতিক আৰু সবাই এতিয়া প্ৰেম লুকুৱাই ৰখা নাই। শেহতীয়াকৈ কৰ্ণ দেউল আৰু দৃষ্টি আচাৰ্যৰ বিবাহ অনুষ্ঠানত ঋতিক আৰু সবাক একেলগে দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক