--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ বয়স ৫০ বছৰ। তেওঁ দুটা দশকৰো অধিক সময় বলিউডত কটাইছে। হৃতিক ৰোশনে ২০০০ চনত ২৬ বছৰ বয়সত ‘কহো না প্যাৰ হায়’ ছবিৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। প্ৰথমখন ছবি মুক্তি পোৱাৰ পিছতে দৰ্শক আৰু অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিলে হৃতিক।

শেহতীয়াকৈ এগৰাকী বৃদ্ধাই এটা অনুষ্ঠানৰ মঞ্চত হৃতিকক প্ৰেমৰ প্ৰস্তাৱ দিলে। ছ’চিয়েল মিডিয়া পেজত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে ঋত্বিক মঞ্চত থকাৰ সময়তে মাইক্ৰ’ফোন লৈ এজন বৃদ্ধা উপস্থিত হৈছিল। ভিডিঅ’টোৰ পৰা স্পষ্ট হৈ পৰিছে যে তেওঁ হৃতিকতকৈ যথেষ্ট বয়সীয়াল। বৃদ্ধাই ক'লে, "মই তোমাৰ অনুৰাগী। মই তোমাৰ প্ৰেমত পাগল! কিন্তু মই কি কৰিম? তোমাতকৈ মোৰ জন্ম আগত! নহ'লে মই তোমাক বিয়া কৰালোঁহেঁতেন।''

মাইকটো লৈ হৃতিকে তেওঁ সোধ- "আপুনি অবিবাহিত নেকি?" প্ৰশ্নৰ উত্তৰত বৃদ্ধাৰ উত্তৰ- "নাই"। উত্তৰ শুনি হৃতিক স্তম্ভিত হোৱাৰ অভিনয় কৰি ক'লে, "এইটোৱেই সমস্যা! আপুনি অবিবাহিত নহয়। অন্যথা বয়সৰ কোনো কথা নাই!'’

উল্লেখ্য যে চুজেন খানৰ সৈতে ১৪ বছৰ বিবাহৰ অন্তত হৃতিক বিবাহ বিচ্ছেদ কৰে। তেতিয়াৰ পৰাই ছাবা আজাদৰ প্ৰেমত পৰিছে ৰাকেশ ৰোশন-পুত্ৰ। যদিও আৰম্ভণিতে প্ৰেম স্বীকাৰ নকৰিলেও হৃতিক আৰু সবাই এতিয়া প্ৰেম লুকুৱাই ৰখা নাই। শেহতীয়াকৈ কৰ্ণ দেউল আৰু দৃষ্টি আচাৰ্যৰ বিবাহ অনুষ্ঠানত ঋতিক আৰু সবাক একেলগে দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু