--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পপ মিউজিকৰ সম্ৰাট মাইকেল জেকছনৰ মৃত্যু বাৰ্ষিকী। ২০০৯ চনৰ ২৫ জুনত জীৱনৰ ভৰপক সময়তে মৃত্যু হৈছিল মাইকেলৰ। অন্ত পৰিছিল এটা সাংগিতীক জীৱনৰ। দুখত কাতৰ হৈ পৰিছিল অগণন অনুৰাগী। আজিও মাইকেল জেকছন চিৰসেউজ হৈ আছে। তেওঁৰ কালজয়ী সংগীতসমূহে এতিয়াও শ্ৰোতাক নতুন শিহৰণ জগাব পাৰে।

১৯৮২ চনত মুক্তি পোৱা জেকচনৰ 'থ্ৰিলাৰ’ এলবামটোৱে বিশ্বজুৰি আলোড়ণৰ সৃষ্টি কৰে। এলবামটোৰ সাতটা একক গীত আছে - দ্য গাৰ্ল ইজ মাইন, বিলি জিন, বিট ইট, ৱানা বি ষ্টাৰ্টিন' ছমেথিন', হিউমেন নেচাৰ, পি.ৱাই.টি. (প্ৰিটি ইয়ং থিং), আৰু থ্ৰিলাৰ। আটাইকেওটা গানেই এতিয়াও শ্ৰোতাৰ প্ৰিয়।

তাৰপাছৰে পৰা ইটোৰ পাছত সিটো এলবাম আৰু গানেৰে বিশ্বজয় কৰিছিল মাইকেলে। শ্ৰোতাৰ বাবে তেওঁৰ নাম হৈ পৰিছিল এম.জে.। গানৰ বিষয়সমূহো আছিল স্পৰ্শকাতৰ। 'হিষ্ট’ৰী’, 'আৰ্থ চং’, 'দে ডণ্ট কেয়াৰ এবাউট আছ’ আদি গানত তেওঁ সামাজিক বৈষম্য, প্ৰকৃতি ধ্বংস, যুদ্ধৰ বিৰোধিতা আদিক বিষয়বস্তু হিচাপে লৈছিল।

সংগীতৰ উপৰিও মাইকেল জেকচনে কেইবাটাও বিতৰ্কতো সোমাই পৰিছিল। তেওঁ আছিল এগৰাকী আফ্ৰিকান আমেৰিকান লোক। কিন্তু ক’লা ৰঙৰ সলনি শৰীৰৰ ৰং বগা কৰি লোৱাৰ বাবেও বিতৰ্ক হৈছিল। কিন্তু মাইকেল জেকচনে কৈছিল- "মোৰ ছালৰ বিকাৰ আছে যিয়ে ছালৰ ৰং সলনি কৰে। মই এজন ব্লেক আমেৰিকান। ইয়াক লৈ মই গৰ্বিত।

ড্ৰাগছ সেৱন, নিদ্ৰাহীনতা, ডিপ্ৰেছনৰ বাবেই মাইকেল জেকছনৰ মৃত্যু হৈছিল বুলি কোৱা হয়। অকালতে মৃত্যু হোৱাৰ পিছতো মাইকেল জেকছনক লৈ চৰ্চা হৈছিল। মাইকেল জেকছনৰ ভূত দেখিছিল অনেকে। শেহতীয়াকৈ পুনৰ পপসম্ৰাটগৰাকীৰ ভূত দেখা বুলি দাবী কৰিছে এজন লোকে।

যোৱা এপ্ৰিল মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিয়েল এষ্টেট এজেণ্ট মৰিছিঅ’ উমানস্কিয়ে কয় যে মাইকেল জেকচনৰ অশৰীৰি আত্মাই  এটা ঘৰ বিক্ৰী কৰাত সহায় কৰিছিল। উল্লেখ্য যে সেই ঘৰটো আছিল মাইকেল জেকছনৰ আৰু তাতে তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰিছিল।

'টিএমজেড লাইভ’ৰ সাক্ষাৎকাৰৰ সময়ত তেওঁ ২০০৯ চনত মাইকেলৰ মৃত্যু হোৱা হোলম্বি হিলছৰ ঘৰটো বিক্ৰী কৰাৰ অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰে। তেওঁ দাবী কৰে যে ঘৰটোত এটা ভয়ংকৰ অনুভূতিৰ অস্তিত্ব আছিল, আৰু অদ্ভুত কাণ্ড কিছুমান ঘটিছিল। এবাৰ উমানস্কিয়ে ঘৰৰ সকলো খিৰিকী আৰু ঘৰ বন্ধ কৰি দিছিল, কিন্তু কিছু পাছতে দেখে যে মাইকেলৰ মৃত্যু হোৱা কোঠাটোত এখন খিৰিকী খোলা আছিল আৰু গান বাজি আছিল।

অৱশ্যে মাইকেল জেকচনে কেতিয়াও হোলম্বি হিলছৰ ঘৰটোৰ মালিক নাছিল। মৃত্যুৰ সময়ত তেওঁ প্ৰতিমাহে এক লাখ ডলাৰত ভাড়াত লৈছিল।

উমানস্কিয়ে ২০১২ চনত ১৮.১ মিলিয়ন ডলাৰত ঘৰটোৰ বাবে এজন ক্ৰেতা বিচাৰি পায়। তাৰ আগতে কেইবাবছৰ ধৰি এই ঘৰটো বজাৰত বিক্ৰীৰ আছিল। কেইবাবাৰো বিক্ৰীৰ সময়ত অদ্ভূত কাণ্ড ঘটিছিল। অৱশেষত উমানস্কিয়ে মাইকেলৰ আত্মাক প্ৰাৰ্থনা কৰিছিল যাতে বিক্ৰীৰ লেনদেনত কোনো কাণ্ড নঘটায়। তাৰপাছতহে ঘৰটো বিক্ৰী কৰিব পাৰিছিল।

উমানস্কিৰ এই দাবী কিমান যুক্তিসংগত, সেয়া অজানা কিন্তু মাইকেল জেকচনক লৈ এইদৰে চৰ্চা চলি আহিছে আৰু যেতিয়ালৈকে মানুহে সংগীত শুনি থাকিব, চৰ্চা চলি থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু