--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে অতি দৰকাৰী।   ফিটনেছ বিশেষজ্ঞসকলৰ মতে, যদি আপোনাৰ জিমলৈ যাবলৈ সময় নাথাকে  আপুনি ঘৰতে কিছুমান নিয়ম অনুসৰণ কৰি ব্যায়াম কৰিব পাৰে। এনেদৰে ব্যায়াম কৰিলে ওজন হ্ৰাস পোৱাৰ লগতে শৰীৰ সুস্থ হৈ থাকে।  বহুলোকে চৰ্বি হ্ৰাস কৰিবলৈ পুছ-আপ ব্যায়াম কৰে। এনেদৰে ব্যায়াম কৰোতে   শৰীৰৰ ওজন দুখন হাতৰ ওপৰত ৰখা হয়।  যদি আপুনি এই ব্যায়ামটো নিয়মীয়াকৈ কৰিব পাৰে তেন্তে  পেশীৰ শক্তি বৃদ্ধি পাব, কেলৰি দহন হ’ব, মানসিক শক্তি বৃদ্ধি পাব আৰু আত্মবিশ্বাস বাঢ়িব।

অৱশ্যে আপুনি যদি এই ব্যায়ামটো সঠিক ধৰণে নকৰে তেন্তে ক্ষতি হোৱাৰ আশংকা থাকে।  পুছ-আপৰ ক্ষেত্ৰত বহুতে কৰা ভুলবোৰ এনেধৰণৰ- 
১) ডিঙি তললৈ নমাওতে তললৈ চোৱা: পুছ-আপ কৰোঁতে ডিঙি তললৈ নমাওতে তললৈ চালে ব্যায়াম কৰাত সুবিধা হয় যদিও বাৰে বাৰে এনে কৰিলে  ডিঙিৰ বিষ হোৱাৰ লগতে  আঘাতৰ আশংকা বৃদ্ধি পায়। গতিকে ডিঙিটো সকলো সময়তে পোন কৰি ৰাখিব লাগে, তললৈ বাৰে বাৰে চাই থাকিব নালাগে।

২) আপোনাৰ হাত ভুল স্থানত নাৰাখিব: এই ব্যায়াম কৰোতে   আপুনি আপোনাৰ হাত কান্ধৰ সৈতে পোন কৰি ৰাখিব লাগিব। হাতৰ তলুৱা মাটিৰ ওপৰত থাকিব। অন্যথা আপুনি ব্যায়ামৰ সম্পূৰ্ণ লাভালাভ নাপাব।

৩) কঁকালত বেঁকা নকৰিব: পুছ-আপ কৰোঁতে গোটেই শৰীৰটো সমানভাবে থাকিব লাগে। কিন্তু বেছিভাগ ক্ষেত্ৰত, বহুলোকে তললৈ যাওঁতে কঁকাল বেঁকা কৰে। ইয়াৰ ফলত কঁকালত বিষ হ'ব পাৰে।

৪) শৰীৰটো মাটিত স্পৰ্শ কৰিব নালাগিব: মনত ৰাখিব যে এই ব্যায়াম কৰোঁতে শৰীৰে কেতিয়াও মাটি স্পৰ্শ কৰিব নালাগিব। যদি আপুনি খৰধৰ কৰে তেন্তে ভুল হ’ব পাৰে। কম সময়ৰ ভিতৰত  আপুনি ৩০ বাৰ  পুছ-আপ কৰিলে, কিন্তু পদ্ধতিটো ভুলভাবে কৰিলে, তেনেক্ষেত্ৰত গোটেই প্ৰচেষ্টাটো বিফল  হ'ব। পুছ-আপৰ সঠিক পদ্ধতি অনুসৰণ কৰিবলৈ সময় লওঁক, খৰধৰ কৰি এনে ব্যায়াম নকৰিব। নহ’লে শৰীৰৰ পেশীৰ ক্ষতি হোৱাৰ ভয় থাকে।

৫) উশাহ লোৱাৰ ভুল নিয়ম: পুছ আপ কৰোঁতে সদায় নাকেৰে  উশাহ ল'ব, মুখেৰে নহয়। শৰীৰটো তললৈ নমাই থাকোঁতে উশাহ লওঁক আৰু ওপৰলৈ উঠি যাওঁতে উশাহ এৰি দিয়ক। উশাহৰ এনে নিয়ম নামানিলে এনে ব্যায়াম কৰাৰ সুফল পোৱা নাযায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ