--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গছ-গছনিয়ে পৰিবেশ সুন্দৰ কৰি ৰাখে। সেয়ে ঘৰৰ কাষত গছ-গছনি ৰোপন কৰাটো ভাল। গছৰ পৰাই মানৱ জীৱনৰ সঞ্জীৱনী স্বৰূপ অক্সিজেনৰ সৃষ্টি হয়। গছে বায়ু মণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰি বায়ুমণ্ডলত মানৱ জীৱনৰ আধাৰ অক্সিজেন এৰি দি আহিছে। গছে সদায় প্ৰদূষণ ৰোধ কৰি মানুহক সুস্বাস্থ্য প্ৰদান কৰিছে। কেৱল সেয়াই নহয়, গছে মানুহক সূৰ্যৰ উত্তাপৰ পৰা ৰক্ষা কৰাৰ লগতে নানান প্রাকৃতিক বিপর্যয়ৰ পৰা ৰক্ষা কৰি আহিছে।

গছৰ পৰাই মানুহে বিভিন্ন খাদ্য আহৰণ কৰাৰ উপৰি গৃহ নির্মাণকে ধৰি আন ঘৰুৱা আচবাব আদিৰ বাবে কাঠ আদি লাভ কৰি আহিছে। গছে সদায় পৰিৱেশ শীতল কৰি ৰাখে। সেইবাবেই মানৱ জীৱনত গছৰ ভূমিকা অতি বেছি। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত সেয়ে ঘৰৰ বিভিন্ন দিশত বিভিন্ন ধৰণৰ গছ ৰোপণ কৰাটো অতি প্ৰয়োজনীয় কথা। ঘৰৰ চৌপাশে গছ ৰোপণ কৰিব লাগে বুলিয়েই যিকোনো দিশত যিকোনো গছ ৰোপণ কৰিলে তাৰ শুভ ফল লাভ নহ'বও পাৰে। গছ ৰোপণৰ ক্ষেত্ৰত যদি সঠিক দিশ নির্বাচন শুভৰ পৰিৱৰ্তে অশুভ ফলহে লাভ হ'ব। সেইবাবে গছ ৰোপণৰ সময়ত বাস্তুবিধি মানি চলাটো উচিত। 

বাস্তুশাস্ত্ৰই গছ ৰোপণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধি বান্ধি নিছে। বেলগছ সদায় ঘৰৰ উত্তৰ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। ঘৰৰ পূব দিশে অশ্বত্থ, দক্ষিণে পাখিৰি, উত্তৰে ডিমৰু, পশ্চিম দিশে বট  গছ ৰোপন কৰাটো উচিত নহয়। ঘৰৰ পূব দিশে আম, অশ্বথ, ক'লা জামু আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ পূব দিশে বট গছ ৰোপণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। ঘৰৰ পশ্চিম দিশে গোলাপ ফুল, ডিমৰু আদি গছ ৰোপণ কৰিলে ভাল। পশ্চিম দিশত কেতিয়াও কল, আম, বট আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ দক্ষিণ দিশত ডিমৰু, আম আদি গছ ৰোপণ কৰাটো অশুভ। ঘৰৰ উত্তৰ দিশত ডিমৰু, কল আদি গছ ৰোপণ কৰিলে গৃহস্থৰ ক্ষতি হয়। ঘৰৰ উত্তৰ দিশত পাখিৰি  গছ ৰোপণ কৰিব পাৰি। ঘৰৰ দক্ষিণ-পূব দিশত কেতিয়াও শিমলু, আকণ্ড, অশ্বত্থ, বট আদি গছ ৰোপণ কৰিব নালাগে। 

তদুপৰি যিবোৰ গছৰ ছাল এৰাই দিলে অথবা পাত মোহাৰি দিলে গাখীৰৰ দৰে আঠা ওলায় তেনে গছ ঘৰৰ দক্ষিণ-পূব দিশত ৰোপণ কৰাটো অনুচিত। ঘৰৰ দক্ষিণ-পূব দিশত ডালিম গছ ৰোপণ কৰিলে গৃহস্থৰ শ্রীবৃদ্ধি হয়। ঘৰৰ দক্ষিণ-পশ্চিম দিশত তেতেলি গছ ৰোপণ কৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি। দক্ষিণ-পশ্চিম দিশত কেতিয়াও কদম গছ ৰোপণ কৰিব নালাগে। ঘৰৰ উত্তৰ-পূব দিশত আমলখি গছ ৰোপণ কৰিলে ভাল ফল পোৱা যায়। উত্তৰ-পূব দিশত কল গছ কেতিয়াও ৰোপণ কৰিব নালাগে। । উত্তৰ-পশ্চিম দিশত কেতিয়াও কাঁইটযুক্ত গছ ৰোপণ কৰিব নালাগে। 

ঘৰৰ সন্মুখত সদায় তুলসী গছ ৰাখিব লাগে। তুলসী গছে বায়ুমণ্ডল প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ লগতে বতাহত উৰি ফুৰা বিভিন্ন ৰোগৰ বীজাণু ধ্বংস কৰিব পাৰে। সেইবাবে তুলসী গছ সদায় ঘৰৰ উত্তৰ-পূব দিশত ৰোপণ কৰিব লাগে। যিবোৰ গছৰ পাত ডাঙৰ হয় সেইবোৰ গছ ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কেতিয়াও আঠা ওলোৱা গছ ৰোপণ কৰিব নালাগে। একেদৰে ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কাঁইটযুক্ত গছ ৰোপণ কৰা অনুচিত।

 অৱশ্যে গোলাপ ফুল ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰোপণ কৰিব পাৰি। ঘৰৰ উত্তৰ-পশ্চিম দিশত ফুলৰ বাগিচা ৰাখিব লাগে। তেনে বাগিচাত বিভিন্ন ধৰণৰ ফুল ৰোপণ কৰিব লাগে। ফুলৰ উপৰি লতাজাতীয় উদ্ভিদো তেনে বাগিচাত ৰোপণ কৰিব পাৰি। ঘৰৰ সদায় উত্তৰ-পূব দিশত ঔষধি গুণযুক্ত গছ ৰোপণ কৰিব লাগে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা