--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ বলীউডত এতিয়ালৈকে কোনো ডাঙৰ হিট চিনেমা নাই। শেহতীয়াকৈ অনুৰাগ কাশ্যপে বলীউডৰ অভিনেতাসকলৰ জীৱনশৈলী আৰু আড়ম্বৰপূৰ্ণ প্ৰয়োজনীয়তাৰ ওপৰত মন্তব্য কৰিছিল। অনুৰাগ সদায় স্পষ্টবাদী। প্ৰখ্যাত পৰিচালক হোৱাৰ পিছতো প্ৰয়োজন সাপেক্ষে প্ৰতিবাদ কৰিবলৈ লাজ নকৰে। এইবাৰো তেনেকুৱাই হৈছিল। 

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ‘গেংছ অৱ ৱাছেইপুৰ’ৰ খ্যাতি পৰিচালকে তাৰকাসকলৰ আড়ম্বৰপূৰ্ণ জীৱনশৈলী আৰু অপ্ৰয়োজনীয় দাবীক লৈ নিজৰ ক্ষোভ প্ৰকাশ কৰে। অনুৰাগেও তেওঁৰ মন্তব্যৰ সমৰ্থনত উদাহৰণ দাঙি ধৰিছে। তেওঁ ক'লে, "কিছুমান চেফে তাৰকাৰ স্বাস্থ্যকৰ খাদ্যৰ বাবে দিনটোত ২ লাখ টকা লয়৷’’

তেওঁ আন এক উদাহৰণ দাঙি ধৰিলে। ক’লে যে কোনোবা অভিনেতাই শ্বুটিং ফ্ল’ৰত বাৰ্গাৰ খাব বিচাৰিছিল। বিশেষ বানত বনোৱা সেই বাৰ্গাৰটো ষ্টাৰ হোটেলৰ পৰা আহিব। অনুৰাগৰ মতে, “ড্ৰাইভাৰে স্থানৰ পৰা ৩ ঘণ্টাৰ দূৰত্বত থকা হোটেল এখনলৈ গৈ সেই বিশেষ বাৰ্গাৰটো আনিব লাগিব। কিন্তু অভিনেতাৰ ওচৰ পালে বাৰ্গাৰটো ঠাণ্ডা হৈ পৰে।'' এই অহংকাৰৰ বাবে পৰিচালকে প্ৰযোজক আৰু তাৰকাৰ সহায়কক দোষাৰোপ কৰে। একে সময়তে তেওঁ কয় যে তেওঁৰ ছবিৰ চেটত এনে কোনো কাম কৰিবলৈ নিদিয়ে।

অনুৰাগে কয় যে এই উদ্যোগৰ বহু মেক-আপ আৰ্টিষ্টে অভিনেতাৰ সৈতে কাম কৰাৰ বাবে প্ৰতিদিনে ৭৫ হাজাৰ টকা পৰ্যন্ত ধন লয়। পৰিচালকজনে ধেমালিতে ক’লে যে তেওঁ পৰিচালকৰ সলনি শিল্পী হোৱা হ’লে ধনী হৈ পৰিলহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ