--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনে কয় যে বয়স সাফল্যৰ বাবে  বাধা হ’ব পাৰে? শেহতীয়াকৈ ভাৰতীয় খেলুৱৈ ৰোহন বোপান্নাই প্ৰমাণ কৰি দিছে যে বয়স মাত্ৰ এটা সংখ্যা। ভাৰতীয় তাৰকাগৰাকী টেনিছ ডাবলছত বিশ্বৰ এক নম্বৰৰ  প্ৰবীণ  খেলুৱৈ হৈ পৰিছে। বিশ্বৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম লিখি ৰোহন বোপান্নাই  কয়, "মই এতিয়াও সম্পূৰ্ণ হোৱা নাই। "

বোপান্নাই অষ্ট্ৰেলিয়ান অপেনত মেথিউ এবডগেনৰ সৈতে খেলিছে।  পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত উপনীত হৈ তেওঁ এক নতুন অভিলেখৰ গৰাকী হৈছে । ৪৩  বছৰ বয়সত তেওঁ পুৰুষৰ দ্বৈত ৰেংকিঙত শীৰ্ষস্থান লাভ কৰা বিশ্বৰ প্ৰথম জন খেলুৱৈ হিচাবে পৰিগণিত হৈছে। তেওঁ প্ৰতিযোগিতাখনৰ  অন্তিম চাৰিখন মেছত  উপনীত হৈ নিজৰ ৰেংকিং উন্নত কৰিবলৈ সক্ষম হৈছে। বোপান্না আৰু মেথিউৱে কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ মেক্সিমো গঞ্জালেজ আৰু এণ্ড্ৰিয়া গল্টিক পৰাস্ত কৰিছে।

 
ৰোহন বোপান্নাই কয় "প্ৰথমে, মই সকলোকে ধন্যবাদ জনাইছো। মই যোৱা ২০ বছৰ ধৰি এই প্ৰতিযোগিতাখনত খেলি আছো। বৰ ভাল লাগিছে। আৰু মই আজি এক নম্বৰ হ'বলৈ পাই বহুত গৌৰৱান্বিত। মোৰ এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই। মই মোৰ গোটেই দল, পৰিয়াল, প্ৰশিক্ষক, ফিজিঅ' আৰু মোক সদায় উৎসাহিত কৰা সকলোকে ধন্যবাদ জনাইছো। মই তেওঁলোকৰ ভূমিকা অবিহনে এই সাফল্য অৰ্জন কৰিব  নোৱাৰিলোহেঁতেন। ভাৰত আৰু ভাৰতীয়সকলক এনে এটা পৰিচয়ৰ আৱশ্যক আছিল। "

উল্লেখ্য ১৭ বাৰৰ দীঘলীয়া প্ৰচেষ্টাৰ পিছত বোপান্নাই অৱশেষত অষ্ট্ৰেলিয়ান অপেনৰ অন্তিম চাৰিখনত উপনীত হ'বলৈ সক্ষম  হৈছে। চীনৰ ঝিঝেন ঝাং আৰু চেক গণৰাজ্যৰ থমাছক পৰাস্ত কৰাৰ পিছত ৰোহন আৰু মেথিউৱে এতিয়া ফাইনেলৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক