--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনে কয় যে বয়স সাফল্যৰ বাবে  বাধা হ’ব পাৰে? শেহতীয়াকৈ ভাৰতীয় খেলুৱৈ ৰোহন বোপান্নাই প্ৰমাণ কৰি দিছে যে বয়স মাত্ৰ এটা সংখ্যা। ভাৰতীয় তাৰকাগৰাকী টেনিছ ডাবলছত বিশ্বৰ এক নম্বৰৰ  প্ৰবীণ  খেলুৱৈ হৈ পৰিছে। বিশ্বৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম লিখি ৰোহন বোপান্নাই  কয়, "মই এতিয়াও সম্পূৰ্ণ হোৱা নাই। "

বোপান্নাই অষ্ট্ৰেলিয়ান অপেনত মেথিউ এবডগেনৰ সৈতে খেলিছে।  পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত উপনীত হৈ তেওঁ এক নতুন অভিলেখৰ গৰাকী হৈছে । ৪৩  বছৰ বয়সত তেওঁ পুৰুষৰ দ্বৈত ৰেংকিঙত শীৰ্ষস্থান লাভ কৰা বিশ্বৰ প্ৰথম জন খেলুৱৈ হিচাবে পৰিগণিত হৈছে। তেওঁ প্ৰতিযোগিতাখনৰ  অন্তিম চাৰিখন মেছত  উপনীত হৈ নিজৰ ৰেংকিং উন্নত কৰিবলৈ সক্ষম হৈছে। বোপান্না আৰু মেথিউৱে কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ মেক্সিমো গঞ্জালেজ আৰু এণ্ড্ৰিয়া গল্টিক পৰাস্ত কৰিছে।

 
ৰোহন বোপান্নাই কয় "প্ৰথমে, মই সকলোকে ধন্যবাদ জনাইছো। মই যোৱা ২০ বছৰ ধৰি এই প্ৰতিযোগিতাখনত খেলি আছো। বৰ ভাল লাগিছে। আৰু মই আজি এক নম্বৰ হ'বলৈ পাই বহুত গৌৰৱান্বিত। মোৰ এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই। মই মোৰ গোটেই দল, পৰিয়াল, প্ৰশিক্ষক, ফিজিঅ' আৰু মোক সদায় উৎসাহিত কৰা সকলোকে ধন্যবাদ জনাইছো। মই তেওঁলোকৰ ভূমিকা অবিহনে এই সাফল্য অৰ্জন কৰিব  নোৱাৰিলোহেঁতেন। ভাৰত আৰু ভাৰতীয়সকলক এনে এটা পৰিচয়ৰ আৱশ্যক আছিল। "

উল্লেখ্য ১৭ বাৰৰ দীঘলীয়া প্ৰচেষ্টাৰ পিছত বোপান্নাই অৱশেষত অষ্ট্ৰেলিয়ান অপেনৰ অন্তিম চাৰিখনত উপনীত হ'বলৈ সক্ষম  হৈছে। চীনৰ ঝিঝেন ঝাং আৰু চেক গণৰাজ্যৰ থমাছক পৰাস্ত কৰাৰ পিছত ৰোহন আৰু মেথিউৱে এতিয়া ফাইনেলৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক