--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্ট খেলৰ পৰা ব্যক্তিগত কাৰণত নিজকে আঁতৰাই আনিছিল বিৰাট কোহলীয়ে। সোমবাৰে ব’ৰ্ডে এক বিবৃতিত এই কথা প্ৰকাশ কৰে। ফলত ভাৰতীয় দলত এক ব্যৱধানৰ সৃষ্টি হ’ল। কোহলীৰ সলনি ইতিমধ্যে তিনিজন ক্ৰিকেটাৰ দৌৰত নামিছে।

১) ৰজত পাটিদাৰঃ শেহতীয়াকৈ ভাৰতৰ ‘এ’ দলৰ হৈ তেওঁ ডাঙৰ ফৰ্মত আছে। একেৰাহে দুখন টেষ্টত শতক অৰ্জন কৰে। বগা বল ক্ৰিকেটত ভাল খেলাৰ বাবে তেওঁ পৰিচিত যদিও শেহতীয়াকৈ ৰেড বল ক্ৰিকেটত তেওঁৰ চকু কপালত তুলিছে। দলত বাছি ল’লে পাটিদাৰ মিডল অৰ্ডাৰত বিকল্প হ’ব পাৰে।

২) সৰফৰাজ খানঃ ইণ্ডিয়া ‘এ’ দলৰ হৈ ভাল খেলি, তেওঁ এজন প্ৰতিদ্বন্দ্বীও। প্ৰথম টেষ্টত ৯৬ ৰান আৰু পৰৱৰ্তী টেষ্টৰ দ্বিতীয় ইনিংছত ৫৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা ভ্ৰমণতো তেওঁৰ অৰ্ধশতক আছে। ইয়াৰ বাহিৰেও তেওঁ বছৰ বছৰ ধৰি ঘৰুৱা ক্ৰিকেটত ৰান সংগ্ৰহ কৰি আহিছে। এতিয়াও খোল খাব পৰা নাই জাতীয় দলৰ দুৱাৰ। নিৰ্বাচকসকলে তেওঁক সুযোগ দিব পাৰে।

৩) চেতেশ্বৰ পূজাৰাঃ নতুনকৈ অহা কোনো এজনক যদি তেওঁলোকে সুযোগ দিব নিবিচাৰে তেন্তে নিৰ্বাচকসকলে পুৰণি মুখবোৰক বিশ্বাস কৰিব পাৰে। তেনে ক্ষেত্ৰত পূজাৰাৰ নাম প্ৰথমে আহিব। ৰঞ্জিত ভাল খেলি জাতীয় দললৈ ঘূৰি আহিবলৈ অশেষ চেষ্টা কৰিছে। শেহতীয়াকৈ ঝাৰখণ্ডৰ বিৰুদ্ধে ২৪৩ ৰান সংগ্ৰহ কৰিছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো ২০ হাজাৰ ৰান সম্পূৰ্ণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু