--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্ট খেলৰ পৰা ব্যক্তিগত কাৰণত নিজকে আঁতৰাই আনিছিল বিৰাট কোহলীয়ে। সোমবাৰে ব’ৰ্ডে এক বিবৃতিত এই কথা প্ৰকাশ কৰে। ফলত ভাৰতীয় দলত এক ব্যৱধানৰ সৃষ্টি হ’ল। কোহলীৰ সলনি ইতিমধ্যে তিনিজন ক্ৰিকেটাৰ দৌৰত নামিছে।

১) ৰজত পাটিদাৰঃ শেহতীয়াকৈ ভাৰতৰ ‘এ’ দলৰ হৈ তেওঁ ডাঙৰ ফৰ্মত আছে। একেৰাহে দুখন টেষ্টত শতক অৰ্জন কৰে। বগা বল ক্ৰিকেটত ভাল খেলাৰ বাবে তেওঁ পৰিচিত যদিও শেহতীয়াকৈ ৰেড বল ক্ৰিকেটত তেওঁৰ চকু কপালত তুলিছে। দলত বাছি ল’লে পাটিদাৰ মিডল অৰ্ডাৰত বিকল্প হ’ব পাৰে।

২) সৰফৰাজ খানঃ ইণ্ডিয়া ‘এ’ দলৰ হৈ ভাল খেলি, তেওঁ এজন প্ৰতিদ্বন্দ্বীও। প্ৰথম টেষ্টত ৯৬ ৰান আৰু পৰৱৰ্তী টেষ্টৰ দ্বিতীয় ইনিংছত ৫৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা ভ্ৰমণতো তেওঁৰ অৰ্ধশতক আছে। ইয়াৰ বাহিৰেও তেওঁ বছৰ বছৰ ধৰি ঘৰুৱা ক্ৰিকেটত ৰান সংগ্ৰহ কৰি আহিছে। এতিয়াও খোল খাব পৰা নাই জাতীয় দলৰ দুৱাৰ। নিৰ্বাচকসকলে তেওঁক সুযোগ দিব পাৰে।

৩) চেতেশ্বৰ পূজাৰাঃ নতুনকৈ অহা কোনো এজনক যদি তেওঁলোকে সুযোগ দিব নিবিচাৰে তেন্তে নিৰ্বাচকসকলে পুৰণি মুখবোৰক বিশ্বাস কৰিব পাৰে। তেনে ক্ষেত্ৰত পূজাৰাৰ নাম প্ৰথমে আহিব। ৰঞ্জিত ভাল খেলি জাতীয় দললৈ ঘূৰি আহিবলৈ অশেষ চেষ্টা কৰিছে। শেহতীয়াকৈ ঝাৰখণ্ডৰ বিৰুদ্ধে ২৪৩ ৰান সংগ্ৰহ কৰিছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো ২০ হাজাৰ ৰান সম্পূৰ্ণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক