--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বয়সৰ লগে লগে চুলি ধূসৰ হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। বহু লোকৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া সময়তকৈ আগতেই দেখা যায়। যদি আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হয়, তেন্তে দৈনন্দিন জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি এই সমস্যা বহু পৰিমাণে দূৰ কৰিব পাৰি।

সঠিক পৰিমাণৰ ভিটামিন গ্ৰহণ কৰক-

যদি চুলিবোৰ সোনকালে বগা হ’বলৈ আৰম্ভ কৰিছে, তেন্তে এটা কথা নিশ্চিত যে আপোনাৰ খাদ্যত পুষ্টিৰ অভাৱ ঘটিছে। ইয়াৰ বাবে ভিটামিন-বি, বিশেষকৈ বি১২ আৰু বায়’টিন গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰি ভিটামিন-ডি, ই আৰু এৰ পৰিপূৰক গ্ৰহণ কৰিব লাগে।

 খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰক-

চুলি সৌন্দৰ্য্য বৃদ্ধিত খনিজ পদাৰ্থই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে জিংক, আইৰন, মেগনেছিয়াম, চেলেনিয়াম আৰু কপাৰ আদি খনিজ পদাৰ্থ খাদ্য বা পৰিপূৰক ৰূপত গ্ৰহণ কৰাৰ লগতে আপুনি এজন চুলিৰ বিশেষজ্ঞৰ পৰামৰ্শও ল’ব পাৰে।

ধূমপান ত্যাগ কৰক-

ধূমপান আৰু মদ্যপানে শৰীৰৰ স্বাস্থ্যৰ লগতে চুলিৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়। ধূমপানে চুলিৰ গুৰিৰ ক্ষতি কৰে আৰু সংকুচিত কৰে। গতিকে এইবোৰ এৰাই চলাটো স্বাস্থ্যৰ বাবে উচিত।

ৰ’দৰ ক্ষতিৰ পৰা ৰক্ষা কৰক-

যেনেকৈ আপুনি আপোনাৰ ছালখনক সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰে, ঠিক তেনেদৰে আপোনাৰ চুলিকো UV ৰশ্মিৰ পৰা ৰক্ষা কৰে। ইয়াৰ বাবে ৰ’দত ওলাই যোৱাৰ সময়ত চুলিখিনি টুপী বা কাপোৰেৰে ঢাকি ল’ব লাগে।

এইবোৰ কথা মনত ৰাখিব-

ইয়াৰ উপৰি ব্লিচিং কৰা, পাতল ব্ৰাছেৰে তিতা চুলি ব্ৰাছ কৰা, চুলিত অধিক তাপ থকা সামগ্ৰী ব্যৱহাৰ কৰা, ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা আৰু চুলি বেছিকৈ ধোৱা আদি কিছুমান কাৰণৰ বাবে চুলি সোনকালে ধূসৰ হ’বলৈ আৰম্ভ কৰে।

এনেদৰে চুলিৰ যত্ন ল’ব-

* মাজে মাজে চুলিত নাৰিকল তেলেৰে মালিচ কৰি পাছদিনা পুৱা চুলিখিনি ধুই পেলাব লাগে

* প্ৰতিদিনে এচামুচ আদা মিহলাই এচামুচ মৌ খাব লাগে

* তেল আৰু চুলি ধোৱা পানীত নৰসিংহ পাত উতলাই ঠাণ্ডা কৰি ব্যৱহাৰ কৰিব লাগে।

* খাদ্যত তালিকাত নিয়মীয়াকৈ ক’লা তিল অন্তৰ্ভুক্ত কৰিব লাগে

* চুলিৰ গুৰিত সপ্তাহত দুবাৰকৈ ঘিউৰে মালিচ কৰিব লাগে

* ঘেঁহুৰ পাৰ প্ৰস্তুত কৰা খাদ্য দৈনিক খাব লাগে

* নিয়মীয়াকৈ আমলখি সেৱন কৰিব লাগে

* সপ্তাহত দুবাৰকৈ পিঁয়াজৰ ৰস চুলিৰ গুৰিত লগাব লাগে আৰু আধা ঘণ্টাৰ পাছত চেম্পু কৰি পেলাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু