--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বয়সৰ লগে লগে চুলি ধূসৰ হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। বহু লোকৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া সময়তকৈ আগতেই দেখা যায়। যদি আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হয়, তেন্তে দৈনন্দিন জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি এই সমস্যা বহু পৰিমাণে দূৰ কৰিব পাৰি।

সঠিক পৰিমাণৰ ভিটামিন গ্ৰহণ কৰক-

যদি চুলিবোৰ সোনকালে বগা হ’বলৈ আৰম্ভ কৰিছে, তেন্তে এটা কথা নিশ্চিত যে আপোনাৰ খাদ্যত পুষ্টিৰ অভাৱ ঘটিছে। ইয়াৰ বাবে ভিটামিন-বি, বিশেষকৈ বি১২ আৰু বায়’টিন গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰি ভিটামিন-ডি, ই আৰু এৰ পৰিপূৰক গ্ৰহণ কৰিব লাগে।

 খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰক-

চুলি সৌন্দৰ্য্য বৃদ্ধিত খনিজ পদাৰ্থই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে জিংক, আইৰন, মেগনেছিয়াম, চেলেনিয়াম আৰু কপাৰ আদি খনিজ পদাৰ্থ খাদ্য বা পৰিপূৰক ৰূপত গ্ৰহণ কৰাৰ লগতে আপুনি এজন চুলিৰ বিশেষজ্ঞৰ পৰামৰ্শও ল’ব পাৰে।

ধূমপান ত্যাগ কৰক-

ধূমপান আৰু মদ্যপানে শৰীৰৰ স্বাস্থ্যৰ লগতে চুলিৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়। ধূমপানে চুলিৰ গুৰিৰ ক্ষতি কৰে আৰু সংকুচিত কৰে। গতিকে এইবোৰ এৰাই চলাটো স্বাস্থ্যৰ বাবে উচিত।

ৰ’দৰ ক্ষতিৰ পৰা ৰক্ষা কৰক-

যেনেকৈ আপুনি আপোনাৰ ছালখনক সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰে, ঠিক তেনেদৰে আপোনাৰ চুলিকো UV ৰশ্মিৰ পৰা ৰক্ষা কৰে। ইয়াৰ বাবে ৰ’দত ওলাই যোৱাৰ সময়ত চুলিখিনি টুপী বা কাপোৰেৰে ঢাকি ল’ব লাগে।

এইবোৰ কথা মনত ৰাখিব-

ইয়াৰ উপৰি ব্লিচিং কৰা, পাতল ব্ৰাছেৰে তিতা চুলি ব্ৰাছ কৰা, চুলিত অধিক তাপ থকা সামগ্ৰী ব্যৱহাৰ কৰা, ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা আৰু চুলি বেছিকৈ ধোৱা আদি কিছুমান কাৰণৰ বাবে চুলি সোনকালে ধূসৰ হ’বলৈ আৰম্ভ কৰে।

এনেদৰে চুলিৰ যত্ন ল’ব-

* মাজে মাজে চুলিত নাৰিকল তেলেৰে মালিচ কৰি পাছদিনা পুৱা চুলিখিনি ধুই পেলাব লাগে

* প্ৰতিদিনে এচামুচ আদা মিহলাই এচামুচ মৌ খাব লাগে

* তেল আৰু চুলি ধোৱা পানীত নৰসিংহ পাত উতলাই ঠাণ্ডা কৰি ব্যৱহাৰ কৰিব লাগে।

* খাদ্যত তালিকাত নিয়মীয়াকৈ ক’লা তিল অন্তৰ্ভুক্ত কৰিব লাগে

* চুলিৰ গুৰিত সপ্তাহত দুবাৰকৈ ঘিউৰে মালিচ কৰিব লাগে

* ঘেঁহুৰ পাৰ প্ৰস্তুত কৰা খাদ্য দৈনিক খাব লাগে

* নিয়মীয়াকৈ আমলখি সেৱন কৰিব লাগে

* সপ্তাহত দুবাৰকৈ পিঁয়াজৰ ৰস চুলিৰ গুৰিত লগাব লাগে আৰু আধা ঘণ্টাৰ পাছত চেম্পু কৰি পেলাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী