--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহজনৰ প্ৰকৃত নাম ব্রায়ান জনছন। কিন্তু তেওঁ নিজকে ‘লিভাৰৰ ৰজা’ বুলি কয়। কাৰণ কেঁচা লিভাৰ তেওঁৰ প্ৰিয় খাদ্য। নেট-প্ৰভাৱশালী আৰু ফিটনেছ প্ৰশিক্ষক ব্রায়ানে আদিবাসী ৰীতি-নীতি অনুসৰি নিজকে বিকশিত কৰিছে। তেওঁ কয় যে কেতিয়াবা চিকাৰ কৰিবলৈ যাওঁক। চিকাৰ কৰা মাছ আৰু পশুৰ মাংস ৰান্ধিব নালাগে। কেঁচাকৈ খাব।

শেহতীয়াকৈ ব্রায়ানে ছ’চিয়েল মিডিয়াত নিজৰ যৌৱনৰ এখন ফটো শ্বেয়াৰ কৰিছে৷ চুইমিং পুলৰ কাষত থিয় হৈ থকা সেই ছবিখনত তেওঁক বৰ ক্ষীণ যেন লাগে। ব্রায়ানে ছ’চিয়েল মিডিয়াত লিখিছে, সৰুতে তেওঁ নিজকে অতি অকলশৰীয়া অনুভৱ কৰিছিল৷ যৌৱন কালত কোনো তেওঁৰ কাষত নাছিল। আনকি, সেই সময়ত তেওঁ দেউতাককো কাষত বিচাৰি নাপালে। শেষত তেওঁ নিজৰ ইচ্ছামতে জীৱনটো পাৰ কৰাৰ সিদ্ধান্ত ল’লে। তেওঁ সিদ্ধান্ত ল’লে যে তেওঁ আধুনিক হোৱাৰ আগতে আদিম মানুহৰ জীৱন-যাপনৰ ধৰণটোও বাছি ল’ব। ভবামতেই তেওঁ কাম কৰিলে। তেওঁ কেঁচা মাংস খাইছিল আৰু লগতে ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছিল।

সেই এটা সিদ্ধান্তই তেওঁৰ জীৱন সলনি কৰিলে বুলি দাবী কৰে ব্রায়ানে। প্ৰাচীন ৰীতি-নীতিত তেওঁ নিজকে জীৱনৰ শ্ৰেষ্ঠ স্থানলৈ লৈ যোৱা বুলিও দাবী কৰে। বৰ্তমান তেওঁৰ বয়স ৪৫ বছৰ। আৰু এতিয়া তেওঁ আটাইতকৈ ফিট। তেওঁ লিখিছে, “আধুনিক জগতখনে যিখিনি ত্যাগ কৰিছে, সেই সকলোবোৰ মই আঁকোৱালি লওঁ।” 
আধুনিক পৃথিবীর আদিম মানুষ?
ছ’চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীৰ সংখ্যা কম নহয়। ইনষ্টাগ্ৰামত তেওঁৰ প্ৰায় ১৭ লাখ অনুৰাগী আছে। তাত তেওঁ নিয়মিতভাৱে কেঁচা কণী, কেঁচা হাড়ৰ মজ্জা আদি বিভিন্ন খাদ্য খোৱাৰ ভিডিঅ’ প্ৰকাশ কৰিছিল। লগতে কেঁচা লিভাৰ তেওঁৰ প্ৰিয় খাদ্য বুলি অভিহিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী