--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ব্যতিক্ৰমী বিয়া। ভূপালত এই  বিয়াখন  অনুষ্ঠিত হোৱা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমে বাতৰি দিছে। যি খন বিয়াৰ খবৰে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। দৰা আৰু দৰা সন্মত হ'লে কাজীয়ে কি কৰিব? এই প্ৰবাদক সত্য প্ৰাণিত কৰিলে এগৰাকী ১০৩ বছৰীয়া বৃদ্ধই।  এই বিয়া খনকলৈ চৰ্চাৰ মূল কাৰণটো হৈছে  দৰাৰ বয়স ১০৩ বছৰ আৰু কইনাৰ বয়স ৪৯ বছৰ। 

বিয়াৰ  ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। স্বাধীনতা সংগ্ৰামী হাবিব নাজাৰৰ বয়স ১০৩ বছৰ আৰু তেওঁ ভূপালত বাস কৰে। তেওঁ ৪৯ বছৰীয়া ফিৰোজ জাহানক বিয়া কৰায়। হাবিব নাজাৰৰ এয়া  তৃতীয় বিবাহ।   হাবিবৰ কইনা ফিৰোজ জাহানেও  এজন নতুন জীৱন সঙ্গী বিচাৰি পালে। স্বামীৰ মৃত্যুৰ পিছত তেওঁ জাহানে  অকলে বাস কৰিছিল। ফিৰোজৰ মতে, তেওঁ এই বিবাহৰ বাবেও সন্মত হৈছিল,  কিয়নো হাবিবৰ  যত্ন ল'বলৈ কোনো নাই। 

বিয়াৰ ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে হাবিব নাজাৰ এখন অটোত বহি আছে আৰু  বিয়াৰ পিছত সেই অটোত তুলিয়েই  কইনাক নিজৰ ঘৰলৈ নিছে। মানুহে তেওঁক  অভিনন্দন জনোৱা দেখা গৈছে। হাবিবেও  হাঁহি  হাঁহি   সকলোকে ধন্যবাদ জনাইছে।
কিন্তু বিবাহৰ এই ঘটনাটো ডেৰ বছৰ পুৰণি বুলি বহুতে কৈছে।  ইয়াৰ ভিডিঅ' আজিহে ভাইৰেল হৈ পৰিছে বুলি বহুতে মন্তব্য কৰিছে।  বিবাহক বয়সৰ সৈতে সম্পৰ্কিত নকৰি হাবিবে  কয় যে এয়া  হৃদয়ৰ বিষয়, হৃদয়ত আবেগ  থাকিব লাগে।

হাবিবৰ  সম্পৰ্কীয়   আমিৰ খানে কয় যে বহাবিবৰ  দুয়োগৰাকী পত্নীৰে  মৃত্যু হৈছে, কিন্তু তেওঁলোকৰ কোনো সন্তান নাই । তেওঁৰ যত্ন ল'বলৈ কোনো নাছিল। বিবাহখন সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে স্পন্ন হৈছিল। প্ৰথমে, ফিৰাজ জাহানে বিবাহৰ বাবে অস্বীকাৰ কৰিছিল, কিন্তু পিছত তেওঁ  বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু