--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ব্যতিক্ৰমী বিয়া। ভূপালত এই  বিয়াখন  অনুষ্ঠিত হোৱা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমে বাতৰি দিছে। যি খন বিয়াৰ খবৰে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। দৰা আৰু দৰা সন্মত হ'লে কাজীয়ে কি কৰিব? এই প্ৰবাদক সত্য প্ৰাণিত কৰিলে এগৰাকী ১০৩ বছৰীয়া বৃদ্ধই।  এই বিয়া খনকলৈ চৰ্চাৰ মূল কাৰণটো হৈছে  দৰাৰ বয়স ১০৩ বছৰ আৰু কইনাৰ বয়স ৪৯ বছৰ। 

বিয়াৰ  ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। স্বাধীনতা সংগ্ৰামী হাবিব নাজাৰৰ বয়স ১০৩ বছৰ আৰু তেওঁ ভূপালত বাস কৰে। তেওঁ ৪৯ বছৰীয়া ফিৰোজ জাহানক বিয়া কৰায়। হাবিব নাজাৰৰ এয়া  তৃতীয় বিবাহ।   হাবিবৰ কইনা ফিৰোজ জাহানেও  এজন নতুন জীৱন সঙ্গী বিচাৰি পালে। স্বামীৰ মৃত্যুৰ পিছত তেওঁ জাহানে  অকলে বাস কৰিছিল। ফিৰোজৰ মতে, তেওঁ এই বিবাহৰ বাবেও সন্মত হৈছিল,  কিয়নো হাবিবৰ  যত্ন ল'বলৈ কোনো নাই। 

বিয়াৰ ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে হাবিব নাজাৰ এখন অটোত বহি আছে আৰু  বিয়াৰ পিছত সেই অটোত তুলিয়েই  কইনাক নিজৰ ঘৰলৈ নিছে। মানুহে তেওঁক  অভিনন্দন জনোৱা দেখা গৈছে। হাবিবেও  হাঁহি  হাঁহি   সকলোকে ধন্যবাদ জনাইছে।
কিন্তু বিবাহৰ এই ঘটনাটো ডেৰ বছৰ পুৰণি বুলি বহুতে কৈছে।  ইয়াৰ ভিডিঅ' আজিহে ভাইৰেল হৈ পৰিছে বুলি বহুতে মন্তব্য কৰিছে।  বিবাহক বয়সৰ সৈতে সম্পৰ্কিত নকৰি হাবিবে  কয় যে এয়া  হৃদয়ৰ বিষয়, হৃদয়ত আবেগ  থাকিব লাগে।

হাবিবৰ  সম্পৰ্কীয়   আমিৰ খানে কয় যে বহাবিবৰ  দুয়োগৰাকী পত্নীৰে  মৃত্যু হৈছে, কিন্তু তেওঁলোকৰ কোনো সন্তান নাই । তেওঁৰ যত্ন ল'বলৈ কোনো নাছিল। বিবাহখন সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে স্পন্ন হৈছিল। প্ৰথমে, ফিৰাজ জাহানে বিবাহৰ বাবে অস্বীকাৰ কৰিছিল, কিন্তু পিছত তেওঁ  বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক