--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন এতিয়া বহু পৰিয়ালৰ বাবে সমস্যা হৈ পৰিছে। এই মন্তব্য প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীয়ে  সোমবাৰে তেওঁৰ অত্যন্ত জনপ্ৰিয় অনুষ্ঠান  'পৰীক্ষা পে চৰ্চা' (পিপিচি ২০২৪) ৰ সপ্তম সংস্কৰণত বিভিন্ন ব'ৰ্ড পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তালাপৰ সময়ত শিক্ষাৰ্থীসকলক আত্মবিশ্বাসী হৈ কঠোৰ অনুশীলন কৰিবলৈ কয়। 

তেওঁ কয় "তোমালোকে  যিমানে অনুশীলন কৰিবা, সিমানেই আত্মবিশ্বাসী হ'বা। পানী যিমানেই গভীৰ নহওঁক কিয়, যিজনে সাঁতুৰিব জানে তেওঁ পাৰ হৈ যাব। একেদৰে, প্ৰশ্নকাকত যিমানেই কঠিন নহওঁক, যদি আপুনি ভাল অনুশীলন থাকে, তেন্তে ভাল প্ৰদৰ্শন কৰিব পৰা যাব । তোমাৰ চাৰিওফালে কোনে কি কৰি আছে তাৰ প্ৰতি মনোযোগ দিয়া বন্ধ কৰিব লাগিব। তুমি  'তোমাৰ  ওপৰত মনোযোগ দিয়া'। তুমি  কি, তুমি কি কৰা, আৰু তুমি  কি অনুশীলন কৰিছা, সেইটোৱেই তোমাৰ  ভৱিষ্যত নিৰ্ণয় কৰিব,'' । প্ৰধানমন্ত্ৰী মোদীয়ে  দিল্লীত 'পৰীক্ষা পে চৰ্চা' ২০২৪ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে কয় । 

প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থীসকলক সতৰ্ক কৰি দিয়ে  যে  ম'বাইল ফোন আৰু অন্যান্য গেজেট ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ,  কিন্তু সেয়া মূল্যৱান সময়ৰ মূল্যত নহয়। এয়া এতিয়া  বেছিভাগ পৰিয়ালত এটা সমস্যা হৈ পৰিছে বুলিও তেওঁ কয় । শিশুসকলক প্ৰায়ে  ফোনত ইমান মগ্ন দেখা যায় যে  তেওঁলোকে  সময়বোৰ এনেয়ে অপচয় কৰে।  । ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ আছে, আৰু দুয়োটাৰ মাজত পাৰ্থক্য জনাটো গুৰুত্বপূৰ্ণ বুলিও মোদীয়ে কয়। । ইণ্টাৰনেটৰ ইতিবাচক ফলবোৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া বুজিব লাগিব,'' প্ৰধানমন্ত্ৰী মোদীয়ে কয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে বিগত ৬ বছৰে অনুষ্ঠিত কৰি আহিছে “পৰীক্ষাৰ পে চৰ্চা” অনুষ্ঠানৰ ৷ ২০১৮ বৰ্ষত আৰম্ভ কৰা হৈছিল  এই অনুষ্ঠানৰ । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক