--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন এতিয়া বহু পৰিয়ালৰ বাবে সমস্যা হৈ পৰিছে। এই মন্তব্য প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীয়ে  সোমবাৰে তেওঁৰ অত্যন্ত জনপ্ৰিয় অনুষ্ঠান  'পৰীক্ষা পে চৰ্চা' (পিপিচি ২০২৪) ৰ সপ্তম সংস্কৰণত বিভিন্ন ব'ৰ্ড পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তালাপৰ সময়ত শিক্ষাৰ্থীসকলক আত্মবিশ্বাসী হৈ কঠোৰ অনুশীলন কৰিবলৈ কয়। 

তেওঁ কয় "তোমালোকে  যিমানে অনুশীলন কৰিবা, সিমানেই আত্মবিশ্বাসী হ'বা। পানী যিমানেই গভীৰ নহওঁক কিয়, যিজনে সাঁতুৰিব জানে তেওঁ পাৰ হৈ যাব। একেদৰে, প্ৰশ্নকাকত যিমানেই কঠিন নহওঁক, যদি আপুনি ভাল অনুশীলন থাকে, তেন্তে ভাল প্ৰদৰ্শন কৰিব পৰা যাব । তোমাৰ চাৰিওফালে কোনে কি কৰি আছে তাৰ প্ৰতি মনোযোগ দিয়া বন্ধ কৰিব লাগিব। তুমি  'তোমাৰ  ওপৰত মনোযোগ দিয়া'। তুমি  কি, তুমি কি কৰা, আৰু তুমি  কি অনুশীলন কৰিছা, সেইটোৱেই তোমাৰ  ভৱিষ্যত নিৰ্ণয় কৰিব,'' । প্ৰধানমন্ত্ৰী মোদীয়ে  দিল্লীত 'পৰীক্ষা পে চৰ্চা' ২০২৪ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে কয় । 

প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থীসকলক সতৰ্ক কৰি দিয়ে  যে  ম'বাইল ফোন আৰু অন্যান্য গেজেট ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ,  কিন্তু সেয়া মূল্যৱান সময়ৰ মূল্যত নহয়। এয়া এতিয়া  বেছিভাগ পৰিয়ালত এটা সমস্যা হৈ পৰিছে বুলিও তেওঁ কয় । শিশুসকলক প্ৰায়ে  ফোনত ইমান মগ্ন দেখা যায় যে  তেওঁলোকে  সময়বোৰ এনেয়ে অপচয় কৰে।  । ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ আছে, আৰু দুয়োটাৰ মাজত পাৰ্থক্য জনাটো গুৰুত্বপূৰ্ণ বুলিও মোদীয়ে কয়। । ইণ্টাৰনেটৰ ইতিবাচক ফলবোৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া বুজিব লাগিব,'' প্ৰধানমন্ত্ৰী মোদীয়ে কয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে বিগত ৬ বছৰে অনুষ্ঠিত কৰি আহিছে “পৰীক্ষাৰ পে চৰ্চা” অনুষ্ঠানৰ ৷ ২০১৮ বৰ্ষত আৰম্ভ কৰা হৈছিল  এই অনুষ্ঠানৰ । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু