--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুজাতিক প্ৰতিষ্ঠানত আৰম্ভ হৈছে পুনৰ চাটাই অভিযান। বিশ্বৰ অগ্ৰণী তথ্য–প্ৰযুক্তি প্ৰতিষ্ঠানত এইবাৰ চাটাই অভিযান চলিছে৷ চলিত মাৰ্চ মাহত ৮ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱালে নিজৰ চাকৰি। ব্যয় সংকোচনৰ বাবে এনেদৰে কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰিলে প্ৰখ্যাত সংস্থা এপল, IBM, ডেল আৰু এৰিক্সনে। 

শেহতীয়া তথ্য অনুসৰি চলিত মাহৰ ২৫ তাৰিখে টেলিকম খণ্ডৰ প্ৰতিষ্ঠান এৰিক্সনে চাকৰিৰ পৰা ১২শ কৰ্মচাৰীক অপসাৰণৰ কথা ঘোষণা। বিগত বৰ্ষত এই একেটা প্ৰতিষ্ঠানে চাটাই কৰিছিল ৮ হাজাৰ ৫০০ কৰ্মচাৰীক। 

ইপিনে, ব্যয় সংকোচনৰ স্বাৰ্থত বিশ্ববিখ্যাত প্ৰতিষ্ঠান এপলে বন্ধ কৰিছে নিজৰ এক গৱেষণা গোট। যাৰ ফলত ইতিমধ্যে আমেৰিকা আৰু এছিয়াত চাকৰি হেৰুৱাইছে বহুসংখ্যক অভিযন্তাই। 

আনহাতে, প্ৰখ্যাত মাৰ্কিন প্ৰতিষ্ঠান ডেলে বিগত দুটা বছৰৰ ভিতৰত আটাইতকৈ বৃহৎ চাটাই অভিযান আৰম্ভ কৰিছে। এইবাৰ আমেৰিকাৰ প্ৰতিষ্ঠানটোৱে কামৰ পৰা আঁতৰালে ৬ হাজাৰ কৰ্মচাৰীক। এই চাটাই অভিযানৰ পাছত সম্প্ৰতি ডেলৰ কৰ্মচাৰীৰ সংখ্যা হ’ল ১ লাখ ২০ হাজাৰ। 

ইপিনে, আমেৰিকাৰ বিখ্যাত প্ৰতিষ্ঠান IBMয়েও আঁতৰালে বহুসংখ্যক কৰ্মচাৰীক। ১২ মাৰ্চত প্ৰতিষ্ঠানটোৱে কমিউনিকেচন ইউনিটৰ পৰা আঁতৰালে আধাসংখ্যক কৰ্মচাৰীক। 

একেদৰে এতিয়াৰে পৰা প্ৰতিষ্ঠানটোৱে ৮ হাজাৰ কৰ্মচাৰীৰ কাম AIৰ জৰিয়তে কৰাৰ কথাও ঘোষণা কৰিলে। স্বাভাৱিকতে ২০২৪ৰ আৰম্ভণিতে বিশ্বজুৰি আৰম্ভ হোৱা এনে চাটাই অভিযানৰ পাছত এতিয়া বহুজাতিক প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলৰ চাকৰি জীৱনলৈ নামি আহিছে অনিশ্চয়তা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক