--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুজাতিক প্ৰতিষ্ঠানত আৰম্ভ হৈছে পুনৰ চাটাই অভিযান। বিশ্বৰ অগ্ৰণী তথ্য–প্ৰযুক্তি প্ৰতিষ্ঠানত এইবাৰ চাটাই অভিযান চলিছে৷ চলিত মাৰ্চ মাহত ৮ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱালে নিজৰ চাকৰি। ব্যয় সংকোচনৰ বাবে এনেদৰে কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰিলে প্ৰখ্যাত সংস্থা এপল, IBM, ডেল আৰু এৰিক্সনে। 

শেহতীয়া তথ্য অনুসৰি চলিত মাহৰ ২৫ তাৰিখে টেলিকম খণ্ডৰ প্ৰতিষ্ঠান এৰিক্সনে চাকৰিৰ পৰা ১২শ কৰ্মচাৰীক অপসাৰণৰ কথা ঘোষণা। বিগত বৰ্ষত এই একেটা প্ৰতিষ্ঠানে চাটাই কৰিছিল ৮ হাজাৰ ৫০০ কৰ্মচাৰীক। 

ইপিনে, ব্যয় সংকোচনৰ স্বাৰ্থত বিশ্ববিখ্যাত প্ৰতিষ্ঠান এপলে বন্ধ কৰিছে নিজৰ এক গৱেষণা গোট। যাৰ ফলত ইতিমধ্যে আমেৰিকা আৰু এছিয়াত চাকৰি হেৰুৱাইছে বহুসংখ্যক অভিযন্তাই। 

আনহাতে, প্ৰখ্যাত মাৰ্কিন প্ৰতিষ্ঠান ডেলে বিগত দুটা বছৰৰ ভিতৰত আটাইতকৈ বৃহৎ চাটাই অভিযান আৰম্ভ কৰিছে। এইবাৰ আমেৰিকাৰ প্ৰতিষ্ঠানটোৱে কামৰ পৰা আঁতৰালে ৬ হাজাৰ কৰ্মচাৰীক। এই চাটাই অভিযানৰ পাছত সম্প্ৰতি ডেলৰ কৰ্মচাৰীৰ সংখ্যা হ’ল ১ লাখ ২০ হাজাৰ। 

ইপিনে, আমেৰিকাৰ বিখ্যাত প্ৰতিষ্ঠান IBMয়েও আঁতৰালে বহুসংখ্যক কৰ্মচাৰীক। ১২ মাৰ্চত প্ৰতিষ্ঠানটোৱে কমিউনিকেচন ইউনিটৰ পৰা আঁতৰালে আধাসংখ্যক কৰ্মচাৰীক। 

একেদৰে এতিয়াৰে পৰা প্ৰতিষ্ঠানটোৱে ৮ হাজাৰ কৰ্মচাৰীৰ কাম AIৰ জৰিয়তে কৰাৰ কথাও ঘোষণা কৰিলে। স্বাভাৱিকতে ২০২৪ৰ আৰম্ভণিতে বিশ্বজুৰি আৰম্ভ হোৱা এনে চাটাই অভিযানৰ পাছত এতিয়া বহুজাতিক প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলৰ চাকৰি জীৱনলৈ নামি আহিছে অনিশ্চয়তা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ