--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৮৭ চনত অৰুণাচল প্ৰদেশক নিজৰ দখললৈ আনিছিল ভাৰতে। শেহতীয়াকৈ অৰুণাচলক লৈ পুনৰ এনে অযুক্তিকৰ দাবী তুলিলে চীনে। দেশখনৰ বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তাৰ দাবী– ১৯৮৭ চনত ভাৰতে অবৈধভাৱে দখল কৰিছিল অৰুণাচল। 

চীনে সেই সময়ৰ পৰাই এনে কাৰ্যৰ বিৰোধিতা কৰি আহিছে বুলি দাবী কৰিছে চীনা প্ৰবক্তাগৰাকীয়ে। ইতিমধ্যে জাংনান নামেৰে অৰুণাচলক নামাকৰণ কৰিছিল চীনে। দেশখনৰ মতে ভাৰতৰ পূৰ্বে সমগ্ৰ অঞ্চলটোত শাসন চলাইছিল চীন দেশে। এনেদৰে যুক্তিহীন দাবীৰে বাৰে বাৰে অৰুণাচলক নিজৰ বুলি দাবী কৰি আহিছে আগ্ৰাসী চীন চৰকাৰে। 

ইতিমধ্যে চলিত মাহত চতুৰ্থবাৰলৈ অৰুণাচলক নিজৰ বুলি দাবী কৰিলে দেশখনে। চীনৰ এনে দাবীক শেহতীয়াকৈ ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে ভিত্তিহীন বুলি দাবী কৰিছিল। ছিংগাপুৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত চীনক এনেদৰে প্ৰত্যুত্তৰ দিছিল ভাৰতৰ বিদেশমন্ত্ৰীগৰাকীয়ে। 

দৰাচলতে ৯ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিছিল অৰুণাচল প্ৰদেশ। য’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৩ হাজাৰ ফুট উচ্চতাত মুকলি কৰিছিল সামৰিক দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ ছেলা সুৰংগ পথ। যাৰ জৰিয়তে অৰুণাচলৰ টাৱাং তথা নিচেই সমীপতে থকা চীনা সীমান্তলৈ সহজসাধ্য হৈ পৰিছে সামৰিক বাহিনীৰ যাতায়াত। যাক লৈ তীব্ৰ অসন্তুষ্টি দৰ্শাই আহিছে চীনে। ১.৫ কিলোমিটাৰ দৈৰ্ঘৰ অত্যধুনিক ছেলা সুৰংগ এতিয়া চীনৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি সদৃশ। যাৰ বাবে ছেলা সুৰংগ মুকলি কৰি ভাৰতে LACত উত্তেজনা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে দেশখনে। 

যাৰ পৰিণতিত এনেদৰে পুনৰবাৰ অৰুণাচলক লৈ অযুক্তিকৰ দাবী তুলিলে আগ্ৰাসী চীন চৰকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক