--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোৱা হয় যে পুৱাটো যদি ভালকৈ আৰম্ভ হয়, তেন্তে গোটেই দিনটোৱে ভালৰে যায়। বেছিভাগ লোকে চাহ-কফিৰে দিনটো আৰম্ভ কৰে যদি এই অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এটা গৱেষণাৰ তথ্য  অনুসৰি পুৱা খালী পেটত চাহ-কফি খালে এচিডিটি আৰু পেটৰ লগত জড়িত বহু সমস্যা সৃষ্টি হ’ব পাৰে। গতিকে পুৱা চাহ-কফি খোৱাৰ সলনি এনে কিছুমান পানীয় সেৱন কৰিব লাগে যিবোৰ শক্তিৰে ভৰপূৰ আৰু শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। দিনটো আৰম্ভ কৰিবলৈ চাহ-কফিৰ সলনি কোনবোৰ পানীয় ব্যৱহাৰ কৰা উচিত সেই বিষয়ে জানো আহক।

 ১. গাখীৰঃ-গাখীৰ অতি পুষ্টিকৰ বুলি গণ্য কৰা হয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে পুৱাৰ ব্ৰেকফাষ্টত চাহৰ সলনি গাখীৰ খোৱাৰ অভ্যাস গঢ়ি তোলক। নিয়মিতভাৱে ভিটামিন, কেলচিয়ামযুক্ত গাখীৰ সেৱন কৰিলে হাড় আৰু দাঁত মজবুত হয়। পুৱা গাখীৰ সেৱন কৰিলে গোটেই দিনটো শক্তিশালী অনুভৱ হয়।

 ২. নেমুৰ পানী-নেমুৰ পানীক এনাৰ্জি ড্ৰিংক বুলি কোৱা হয়। গ্ৰীষ্মকালত যিকোনো সময়তে নেমুৰ পানী সেৱন কৰিব পাৰে, যাৰ ফলত পানীলগাৰ সমস্যা কম হয় আৰু পুৱা নেমুৰ ৰস কুহুমীয়া পানীৰ সৈতে মিহলাই খালে শৰীৰত অধিক উপকাৰ পোৱা যায়। পুৱা খালী পেটত নেমুৰ গৰম পানীয়ে পাচনতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ওজন বৃদ্ধি ৰোধ কৰে আৰু দিনটোৰ বাবে সতেজ কৰি ৰাখে

৩. নাৰিকল পানীঃ-স্বাস্থ্যৰ ক্ষেত্ৰতো নাৰিকল পানী উপকাৰী। নাৰিকল পানীক এনাৰ্জি ড্ৰিংক হিচাপে গণ্য কৰা হয়। পুৱা নাৰিকল পানী সেৱন কৰিলে গোটেই দিনটোৰ বাবে শক্তিৰ অভাৱ নহয়। নাৰিকল পানীত চৰ্বি আৰু চেনিৰ পৰিমাণ অতি কম। সেইবাবেই নাৰিকল পানী সেৱন কৰিলে সকলো দিশতে স্বাস্থ্যৰ বাবে উপকাৰী।

৪. ফলৰ ৰসঃ-পুৱা সতেজ ফলৰ ৰস সেৱন কৰিলে স্বাস্থ্যৰ বাবে উপকাৰী।ফলৰ ৰসে শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে স্বাস্থ্য শক্তিশালী কৰে। কিন্তু আমলখিৰ ৰস, এলোভেৰাৰ ৰস, ডালিমৰ ৰস আদি পুৱা খালী পেটত অতি উপকাৰী বুলি বিবেচিত হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক