--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোৱা হয় যে পুৱাটো যদি ভালকৈ আৰম্ভ হয়, তেন্তে গোটেই দিনটোৱে ভালৰে যায়। বেছিভাগ লোকে চাহ-কফিৰে দিনটো আৰম্ভ কৰে যদি এই অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এটা গৱেষণাৰ তথ্য  অনুসৰি পুৱা খালী পেটত চাহ-কফি খালে এচিডিটি আৰু পেটৰ লগত জড়িত বহু সমস্যা সৃষ্টি হ’ব পাৰে। গতিকে পুৱা চাহ-কফি খোৱাৰ সলনি এনে কিছুমান পানীয় সেৱন কৰিব লাগে যিবোৰ শক্তিৰে ভৰপূৰ আৰু শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। দিনটো আৰম্ভ কৰিবলৈ চাহ-কফিৰ সলনি কোনবোৰ পানীয় ব্যৱহাৰ কৰা উচিত সেই বিষয়ে জানো আহক।

 ১. গাখীৰঃ-গাখীৰ অতি পুষ্টিকৰ বুলি গণ্য কৰা হয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে পুৱাৰ ব্ৰেকফাষ্টত চাহৰ সলনি গাখীৰ খোৱাৰ অভ্যাস গঢ়ি তোলক। নিয়মিতভাৱে ভিটামিন, কেলচিয়ামযুক্ত গাখীৰ সেৱন কৰিলে হাড় আৰু দাঁত মজবুত হয়। পুৱা গাখীৰ সেৱন কৰিলে গোটেই দিনটো শক্তিশালী অনুভৱ হয়।

 ২. নেমুৰ পানী-নেমুৰ পানীক এনাৰ্জি ড্ৰিংক বুলি কোৱা হয়। গ্ৰীষ্মকালত যিকোনো সময়তে নেমুৰ পানী সেৱন কৰিব পাৰে, যাৰ ফলত পানীলগাৰ সমস্যা কম হয় আৰু পুৱা নেমুৰ ৰস কুহুমীয়া পানীৰ সৈতে মিহলাই খালে শৰীৰত অধিক উপকাৰ পোৱা যায়। পুৱা খালী পেটত নেমুৰ গৰম পানীয়ে পাচনতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ওজন বৃদ্ধি ৰোধ কৰে আৰু দিনটোৰ বাবে সতেজ কৰি ৰাখে

৩. নাৰিকল পানীঃ-স্বাস্থ্যৰ ক্ষেত্ৰতো নাৰিকল পানী উপকাৰী। নাৰিকল পানীক এনাৰ্জি ড্ৰিংক হিচাপে গণ্য কৰা হয়। পুৱা নাৰিকল পানী সেৱন কৰিলে গোটেই দিনটোৰ বাবে শক্তিৰ অভাৱ নহয়। নাৰিকল পানীত চৰ্বি আৰু চেনিৰ পৰিমাণ অতি কম। সেইবাবেই নাৰিকল পানী সেৱন কৰিলে সকলো দিশতে স্বাস্থ্যৰ বাবে উপকাৰী।

৪. ফলৰ ৰসঃ-পুৱা সতেজ ফলৰ ৰস সেৱন কৰিলে স্বাস্থ্যৰ বাবে উপকাৰী।ফলৰ ৰসে শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে স্বাস্থ্য শক্তিশালী কৰে। কিন্তু আমলখিৰ ৰস, এলোভেৰাৰ ৰস, ডালিমৰ ৰস আদি পুৱা খালী পেটত অতি উপকাৰী বুলি বিবেচিত হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু