--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিশা পানীৰ পিয়াহ লাগিলে বাৰে বাৰে উঠি গৈ পানী খাই অহাটো বহুতৰে বাবে আমনিদায়ক কাম । সেয়ে বহুতেই নিশা বিচনাৰ কাষতে পানীৰ পাত্ৰ ৰাখে। শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো বহুতৰে অভ্যাস। বিশেষকৈ নিশাৰ ভাগত বহুতেই বিছনাৰ কাষতে পানীৰ বটল অথবা জাগ আদি ৰাখে। কিন্তু শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো ভাল নে?  

সাধাৰণতে মানুহ যিটো কোঠাত শোৱে সেই কোঠাটোত  সহজে ঢুকি পাব পৰা অৱস্থাত পানীৰ পাত্ৰ, ফিল্টাৰ, জলাধাৰ আদি ৰাখে। কিন্তু শোৱা কোঠাত  পানীৰ পাত্ৰ  ৰখাটো মুঠেও ভাল নহয় বুলি ফেংছুই বিশেষজ্ঞসকলে কৈ আহিছে।  ফেংছুইৰ মতে যিটো কোঠাত মানুহে শোৱে সেই কোঠাটোত কেতিয়াও পানীৰ কোনো পাত্র, জলাধাৰ, একুৱাৰিয়াম, ফিল্টাৰ আদি ৰাখিব নালাগে। এনেদৰে পানীৰ কোনো পাত্ৰ আদি শোৱনি কোঠাত ৰখাটো অমংগলৰ পৰিচায়ক বুলি ফেংছুইয়ে গণ্য কৰে। কেবল পানীৰ পাত্ৰই নহয়, শোৱনি কোঠাৰ ভিতৰত নৈ, নিজৰা, সমুদ্ৰ আদিৰ ছবিও ৰাখিব নালাগে ।

এনেদৰে শোৱনি কোঠাত নৈ, নিজৰা আদিৰ ছবি ৰাখিলে ঘৰত অশান্তি হ'ব পাৰে। সেয়ে যদি আপোনাৰ শোৱনি কোঠাৰ ভিতৰত কোনোধৰণৰ জলাধাৰ অথবা পানী সম্পৰ্কীয় কোনো ছবি আদি থাকে তেন্তে সেয়া তৎকালে আঁতৰাই পেলোৱা ভাল বুলি ফেংছুইয়ে বিধান দিছে।

পানী হৈছে উত্তৰ দিশত থকা প্ৰধান উপাদান। প্রকৃতিৰ পাঁচটা মূল উপাদানৰ ভিতৰত পানী হৈছে মুখ্য উপাদান। এই উপাদানে মানুহক জীয়াই ৰখাত সহায় কৰি আহিছে। কিন্তু এই উপাদান শোৱনি কোঠাত ৰাখিলে ইয়াৰ বিপৰীত প্ৰভাৱ পৰে। 

ফেংছুইৰ মতে শোৱনি কোঠাটো যদি উত্তৰ পিনে নিৰ্মাণ কৰা হয় তেন্তে সুখ-সমৃদ্ধি লাভত ব্যাঘাত জন্মিব পাৰে। উত্তৰ দিশটো যিহেতু পানীৰ অৱস্থানৰ দিশ সেইবাবে সেই দিশত শোৱনি কোঠা নিৰ্মাণ কৰিলেও সুখ-শান্তি বিঘ্নিত হ’ব পাৰে । ফেংছুই বিশেষজ্ঞসকলে সেয়ে শোৱা কোঠাত পানী নাৰাখিবলৈ পৰামৰ্শ দি আহিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক