--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিশা পানীৰ পিয়াহ লাগিলে বাৰে বাৰে উঠি গৈ পানী খাই অহাটো বহুতৰে বাবে আমনিদায়ক কাম । সেয়ে বহুতেই নিশা বিচনাৰ কাষতে পানীৰ পাত্ৰ ৰাখে। শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো বহুতৰে অভ্যাস। বিশেষকৈ নিশাৰ ভাগত বহুতেই বিছনাৰ কাষতে পানীৰ বটল অথবা জাগ আদি ৰাখে। কিন্তু শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো ভাল নে?  

সাধাৰণতে মানুহ যিটো কোঠাত শোৱে সেই কোঠাটোত  সহজে ঢুকি পাব পৰা অৱস্থাত পানীৰ পাত্ৰ, ফিল্টাৰ, জলাধাৰ আদি ৰাখে। কিন্তু শোৱা কোঠাত  পানীৰ পাত্ৰ  ৰখাটো মুঠেও ভাল নহয় বুলি ফেংছুই বিশেষজ্ঞসকলে কৈ আহিছে।  ফেংছুইৰ মতে যিটো কোঠাত মানুহে শোৱে সেই কোঠাটোত কেতিয়াও পানীৰ কোনো পাত্র, জলাধাৰ, একুৱাৰিয়াম, ফিল্টাৰ আদি ৰাখিব নালাগে। এনেদৰে পানীৰ কোনো পাত্ৰ আদি শোৱনি কোঠাত ৰখাটো অমংগলৰ পৰিচায়ক বুলি ফেংছুইয়ে গণ্য কৰে। কেবল পানীৰ পাত্ৰই নহয়, শোৱনি কোঠাৰ ভিতৰত নৈ, নিজৰা, সমুদ্ৰ আদিৰ ছবিও ৰাখিব নালাগে ।

এনেদৰে শোৱনি কোঠাত নৈ, নিজৰা আদিৰ ছবি ৰাখিলে ঘৰত অশান্তি হ'ব পাৰে। সেয়ে যদি আপোনাৰ শোৱনি কোঠাৰ ভিতৰত কোনোধৰণৰ জলাধাৰ অথবা পানী সম্পৰ্কীয় কোনো ছবি আদি থাকে তেন্তে সেয়া তৎকালে আঁতৰাই পেলোৱা ভাল বুলি ফেংছুইয়ে বিধান দিছে।

পানী হৈছে উত্তৰ দিশত থকা প্ৰধান উপাদান। প্রকৃতিৰ পাঁচটা মূল উপাদানৰ ভিতৰত পানী হৈছে মুখ্য উপাদান। এই উপাদানে মানুহক জীয়াই ৰখাত সহায় কৰি আহিছে। কিন্তু এই উপাদান শোৱনি কোঠাত ৰাখিলে ইয়াৰ বিপৰীত প্ৰভাৱ পৰে। 

ফেংছুইৰ মতে শোৱনি কোঠাটো যদি উত্তৰ পিনে নিৰ্মাণ কৰা হয় তেন্তে সুখ-সমৃদ্ধি লাভত ব্যাঘাত জন্মিব পাৰে। উত্তৰ দিশটো যিহেতু পানীৰ অৱস্থানৰ দিশ সেইবাবে সেই দিশত শোৱনি কোঠা নিৰ্মাণ কৰিলেও সুখ-শান্তি বিঘ্নিত হ’ব পাৰে । ফেংছুই বিশেষজ্ঞসকলে সেয়ে শোৱা কোঠাত পানী নাৰাখিবলৈ পৰামৰ্শ দি আহিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু