--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতত বিজেপিৰ প্ৰভাৱ ভাল, কিন্তু দক্ষিণত বিজেপিৰ অৱস্থা সিমান ঠিক নহয় বুলিয়েই বহুতে ধাৰণা কৰি আহিছে। এনে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দৃঢ়তাৰে কয়- চাই থাকক দক্ষিণ ভাৰততো চলিব মোদী মেজিক ।শ্বাহ শুকুৰবাৰে গান্ধীনগৰত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই  মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি এনেদৰে কয়।  সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি  তেওঁ দাবী কৰা কৰে  যে এইবাৰ ৪০০ খন আসন লাভ কৰি এন ডি এ পুনৰ ক্ষমতালৈ ঘূৰি আহিব। গৃহমন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে ।  শ্বাহে কয় যে এই নিৰ্বাচনে প্ৰমাণ  কৰিব যে দক্ষিণ ভাৰততো  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা কিমান বৃদ্ধি পাইছে।

শ্বাহে কয় "মই বিশ্বাস কৰোঁ যে দক্ষিণত আমাৰ প্ৰদৰ্শন  সৰ্বশ্ৰেষ্ঠ হ'ব। তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক – আমি এই ৰাজ্যবোৰত ভাল প্ৰদৰ্শন কৰিম। দক্ষিণ ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে আমি যথেষ্ট ভোট লাভ কৰিম। "

২০১৪  চনত  বিজেপিয়ে তামিলনাডুত ৫.৫ শতাংশ ভোট লাভ কৰিছিল। ২০১৯ চনত সেয়া ৩.৭ শতাংশলৈ হ্ৰাস পাইছিল। অৱশ্যে, কেৰালাত ভোটৰ অংশ১০ শতাংশৰ পৰা ১২.৯৩  শতাংশলৈ বৃদ্ধি পাইছিল । অৱশ্যে, দুয়োখন ৰাজ্যতে বিজেপিয়ে এখনো  আসন জিকিব পৰা নাছিল । কৰ্ণাটক হৈছে দক্ষিণ ভাৰতৰ একমাত্ৰ ৰাজ্য য'ত বিজেপিৰ শক্তিশালী ভেটি আছে। যোৱাবাৰ, বিজেপিয়ে ২৮  খন আসনৰ ভিতৰত ২৫ খন আসন লাভ কৰিছিল। 

গতিকে এইবাৰ মোদীয়ে  তামিলনাডু আৰু কেৰালাত অধিক   সভাত অংশগ্ৰহণ   কৰা দেখা গৈছে। গেৰুৱা দলটোৱে জানে যে ৪০০ খন আসনৰ সীমা  অতিক্ৰম কৰিবলৈ দক্ষিণ ভাৰতত  বিজেপিয়ে বহু  আসন জিকিব লাগিব।অমিত শ্বাহে সাংবাদিকক কয়"মই গান্ধীনগৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মোৰ মনোনয়ন দাখিল কৰিছো। এয়া অতি গৌৰৱৰ বিষয় যে বিজেপিয়ে মোক সন্মানীয় এল কে আদৱানী, সন্মানীয় অটল বিহাৰী বাজপেয়ী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিনিধিত্ব কৰা আসনখনক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছে। মই যোৱা ৩০ বছৰ ধৰি এই সমষ্টিটোৰ  পৰা এজন বিধায়ক আৰু সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছো" । অমিত শ্বাহে  তেওঁৰ মনোনয়ন দাখিল পৰ্বক "বিজয় মুহূৰ্ত" বুলিও অভিহিত কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু