--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতত বিজেপিৰ প্ৰভাৱ ভাল, কিন্তু দক্ষিণত বিজেপিৰ অৱস্থা সিমান ঠিক নহয় বুলিয়েই বহুতে ধাৰণা কৰি আহিছে। এনে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দৃঢ়তাৰে কয়- চাই থাকক দক্ষিণ ভাৰততো চলিব মোদী মেজিক ।শ্বাহ শুকুৰবাৰে গান্ধীনগৰত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই  মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি এনেদৰে কয়।  সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি  তেওঁ দাবী কৰা কৰে  যে এইবাৰ ৪০০ খন আসন লাভ কৰি এন ডি এ পুনৰ ক্ষমতালৈ ঘূৰি আহিব। গৃহমন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে ।  শ্বাহে কয় যে এই নিৰ্বাচনে প্ৰমাণ  কৰিব যে দক্ষিণ ভাৰততো  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা কিমান বৃদ্ধি পাইছে।

শ্বাহে কয় "মই বিশ্বাস কৰোঁ যে দক্ষিণত আমাৰ প্ৰদৰ্শন  সৰ্বশ্ৰেষ্ঠ হ'ব। তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক – আমি এই ৰাজ্যবোৰত ভাল প্ৰদৰ্শন কৰিম। দক্ষিণ ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে আমি যথেষ্ট ভোট লাভ কৰিম। "

২০১৪  চনত  বিজেপিয়ে তামিলনাডুত ৫.৫ শতাংশ ভোট লাভ কৰিছিল। ২০১৯ চনত সেয়া ৩.৭ শতাংশলৈ হ্ৰাস পাইছিল। অৱশ্যে, কেৰালাত ভোটৰ অংশ১০ শতাংশৰ পৰা ১২.৯৩  শতাংশলৈ বৃদ্ধি পাইছিল । অৱশ্যে, দুয়োখন ৰাজ্যতে বিজেপিয়ে এখনো  আসন জিকিব পৰা নাছিল । কৰ্ণাটক হৈছে দক্ষিণ ভাৰতৰ একমাত্ৰ ৰাজ্য য'ত বিজেপিৰ শক্তিশালী ভেটি আছে। যোৱাবাৰ, বিজেপিয়ে ২৮  খন আসনৰ ভিতৰত ২৫ খন আসন লাভ কৰিছিল। 

গতিকে এইবাৰ মোদীয়ে  তামিলনাডু আৰু কেৰালাত অধিক   সভাত অংশগ্ৰহণ   কৰা দেখা গৈছে। গেৰুৱা দলটোৱে জানে যে ৪০০ খন আসনৰ সীমা  অতিক্ৰম কৰিবলৈ দক্ষিণ ভাৰতত  বিজেপিয়ে বহু  আসন জিকিব লাগিব।অমিত শ্বাহে সাংবাদিকক কয়"মই গান্ধীনগৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মোৰ মনোনয়ন দাখিল কৰিছো। এয়া অতি গৌৰৱৰ বিষয় যে বিজেপিয়ে মোক সন্মানীয় এল কে আদৱানী, সন্মানীয় অটল বিহাৰী বাজপেয়ী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিনিধিত্ব কৰা আসনখনক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছে। মই যোৱা ৩০ বছৰ ধৰি এই সমষ্টিটোৰ  পৰা এজন বিধায়ক আৰু সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছো" । অমিত শ্বাহে  তেওঁৰ মনোনয়ন দাখিল পৰ্বক "বিজয় মুহূৰ্ত" বুলিও অভিহিত কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement