--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সমগ্ৰ দেশতে নিৰ্বাচনী বতাহ বলি থকাৰ সময়তে কৰ্ণাটকত ঘটিছে এক অঘটন।  কৰ্ণাটকৰ কংগ্ৰেছ নেতাএগৰাকীৰ কন্যা নেহাক  দিনৰ পোহৰতে  ঘপিয়াই  হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  তেওঁক মহাবিদ্যালয় চৌহদৰ ভিতৰতে দুৰ্বৃত্তই ঘপিয়াই   হত্যা কৰে। গোটেই ঘটনাটো মহাবিদ্যালয়ৰ চিচিটিভি কেমেৰাত ধৰা পৰিছে। 

ঘটনাটো কৰ্ণাটকৰ   সংঘটিত হৈছে। এই ঘটনাৰ পিছতে  যথেষ্ট উত্তেজনা বিয়পি পৰিছে। স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নেহাই হুবলিৰ বিভিবি মহাবিদ্যালয়ৰ কম্পিউটাৰ এপ্লিকেচন বিভাগত অধ্যয়ন কৰি আছিল। তেওঁ হুবলি জিলাৰ এগৰাকী কংগ্ৰেছ নেতা নিৰঞ্জন হীৰেমথৰ কন্যা। মহাবিদ্যালয়খনৰ এজন প্ৰাক্তন ছাত্ৰই তেওঁক  হত্যা কৰে। অভিযুক্তজনক ফৈয়াজ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি  অভিযুক্তজনে যোৱা কেইদিনমান ধৰি নেহাক  অনুসৰণ কৰি আহিছিল।

  নিৰ্বাচনৰ সময়তে কংগ্ৰেছ নেতাগৰাকীৰ কন্যাক  দিনৰ পোহৰতে  হত্যা কৰাৰ ঘটনাৰ আঁৰত কোনো ৰাজনৈতিক কাৰণো থাকিব পাৰে বুলি বহুতে ধাৰণা কৰিছে। ছাত্ৰ সংগঠনসমূহে অভিযুক্তৰ শাস্তি দাবী কৰি আহিছে। এবিভিপিয়ে ঘটনাটোক লৈ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা আৰম্ভ কৰিছে।অৱশ্যে, আৰক্ষীয়ে দাবী কৰিছে  যে এই হত্যাকাণ্ডৰ আঁৰত কোনো ৰাজনীতি নাই। কৰ্ণাটক আৰক্ষীৰ সূত্ৰ অনুসৰি, ফৈয়াজে কংগ্ৰেছ নেতাগৰাকীৰ কন্যাক  প্ৰেমৰ প্ৰস্তাৱ দিছিল।  তেওঁ সন্মত হোৱা নাছিল বাবেই প্ৰতিশোধ ল'বলৈ তেওঁক  হত্যা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement