--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সমগ্ৰ দেশতে নিৰ্বাচনী বতাহ বলি থকাৰ সময়তে কৰ্ণাটকত ঘটিছে এক অঘটন।  কৰ্ণাটকৰ কংগ্ৰেছ নেতাএগৰাকীৰ কন্যা নেহাক  দিনৰ পোহৰতে  ঘপিয়াই  হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  তেওঁক মহাবিদ্যালয় চৌহদৰ ভিতৰতে দুৰ্বৃত্তই ঘপিয়াই   হত্যা কৰে। গোটেই ঘটনাটো মহাবিদ্যালয়ৰ চিচিটিভি কেমেৰাত ধৰা পৰিছে। 

ঘটনাটো কৰ্ণাটকৰ   সংঘটিত হৈছে। এই ঘটনাৰ পিছতে  যথেষ্ট উত্তেজনা বিয়পি পৰিছে। স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নেহাই হুবলিৰ বিভিবি মহাবিদ্যালয়ৰ কম্পিউটাৰ এপ্লিকেচন বিভাগত অধ্যয়ন কৰি আছিল। তেওঁ হুবলি জিলাৰ এগৰাকী কংগ্ৰেছ নেতা নিৰঞ্জন হীৰেমথৰ কন্যা। মহাবিদ্যালয়খনৰ এজন প্ৰাক্তন ছাত্ৰই তেওঁক  হত্যা কৰে। অভিযুক্তজনক ফৈয়াজ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি  অভিযুক্তজনে যোৱা কেইদিনমান ধৰি নেহাক  অনুসৰণ কৰি আহিছিল।

  নিৰ্বাচনৰ সময়তে কংগ্ৰেছ নেতাগৰাকীৰ কন্যাক  দিনৰ পোহৰতে  হত্যা কৰাৰ ঘটনাৰ আঁৰত কোনো ৰাজনৈতিক কাৰণো থাকিব পাৰে বুলি বহুতে ধাৰণা কৰিছে। ছাত্ৰ সংগঠনসমূহে অভিযুক্তৰ শাস্তি দাবী কৰি আহিছে। এবিভিপিয়ে ঘটনাটোক লৈ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা আৰম্ভ কৰিছে।অৱশ্যে, আৰক্ষীয়ে দাবী কৰিছে  যে এই হত্যাকাণ্ডৰ আঁৰত কোনো ৰাজনীতি নাই। কৰ্ণাটক আৰক্ষীৰ সূত্ৰ অনুসৰি, ফৈয়াজে কংগ্ৰেছ নেতাগৰাকীৰ কন্যাক  প্ৰেমৰ প্ৰস্তাৱ দিছিল।  তেওঁ সন্মত হোৱা নাছিল বাবেই প্ৰতিশোধ ল'বলৈ তেওঁক  হত্যা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু