--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চাৰিদিনৰ পূৰ্বে অপহৃত হৈছিল এগৰাকী সাংবাদিক। চাৰিদিনৰ পাছত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ । তাকো জ্বলি যোৱা অৱস্থাত পথৰ দাতিত কোনোবাই পেলাই থৈ গ’ল সাংবাদিকজনৰ মৃতদেহ। ভাৰতত সাংবাদিক হত্যা তথা সংবাদ মাধ্যমৰ কণ্ঠৰোধৰ চেষ্টা নতুন কথা নহয় যদিও এই শিহৰণকাৰী ঘটনাই এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাংবাদিকগৰাকী বুদ্ধিনাথ ঝা ওৰফে অবিনাশ ঝা বুলি চিনাক্ত কৰা হৈছে। ২২বছৰীয়া সাংবাদিক তথা আৰটিআই কৰ্মীগৰাকী বিহাৰৰ মধুবনী জিলাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা।

তেওঁ স্থানীয় এটা প’ৰ্টেলৰ বাবে কাম কৰি আছিল। এখন ভুৱা মেডিকেল ক্লিনিকৰ বাতৰি প্ৰচাৰ কৰাৰ দুদিনৰ পাছতে তেওঁ সন্ধানহীন হৈ পৰিছিল। তেওঁৰ ধাৰাবাহিক বা-বাতৰিৰ বাবেই এনে বহু ভুৱা ক্লিনিক বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছিল আৰু বহুতেই বুজন পৰিমাণৰ জৰিমণা ভৰিবলগীয়া হৈছিল। এই প্ৰতিবেদনবোৰ প্ৰকাশ হোৱাৰ পাছতে তেওঁক বাৰম্বাৰ ভাবুকি দিছিল এই ক্লিনিকবোৰৰ অসাধু চক্ৰই।

আনকি তেওঁক কেইবালাখ টকাৰ ভেটিও যচা হৈছিল। কিন্তু একোটে তেওঁ সৈমান নহ’ল আৰু এই ভুৱা ক্লিনিকৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰকাশ কৰি গ’ল। অৱশেষত অপৰাধৰ ৰম্যভূমি বিহাৰৰ সাংবাদিকগৰাকীক পথৰ পৰা আঁতৰোৱাৰ চৰম ব্যৱস্থা গ্ৰহণ কৰিলে দুষ্কৃতিকাৰীয়ে। সাংবাদিকজনৰ জ্বলি যোৱা মৃতদেহ পথৰ দাতিত উদধাৰ হোৱাৰ পাছতে আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰাৰ বাবে কিন্তু এতিয়ালৈ কোনো ক্লু লাভ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা