--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চাৰিদিনৰ পূৰ্বে অপহৃত হৈছিল এগৰাকী সাংবাদিক। চাৰিদিনৰ পাছত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ । তাকো জ্বলি যোৱা অৱস্থাত পথৰ দাতিত কোনোবাই পেলাই থৈ গ’ল সাংবাদিকজনৰ মৃতদেহ। ভাৰতত সাংবাদিক হত্যা তথা সংবাদ মাধ্যমৰ কণ্ঠৰোধৰ চেষ্টা নতুন কথা নহয় যদিও এই শিহৰণকাৰী ঘটনাই এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাংবাদিকগৰাকী বুদ্ধিনাথ ঝা ওৰফে অবিনাশ ঝা বুলি চিনাক্ত কৰা হৈছে। ২২বছৰীয়া সাংবাদিক তথা আৰটিআই কৰ্মীগৰাকী বিহাৰৰ মধুবনী জিলাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা।

তেওঁ স্থানীয় এটা প’ৰ্টেলৰ বাবে কাম কৰি আছিল। এখন ভুৱা মেডিকেল ক্লিনিকৰ বাতৰি প্ৰচাৰ কৰাৰ দুদিনৰ পাছতে তেওঁ সন্ধানহীন হৈ পৰিছিল। তেওঁৰ ধাৰাবাহিক বা-বাতৰিৰ বাবেই এনে বহু ভুৱা ক্লিনিক বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছিল আৰু বহুতেই বুজন পৰিমাণৰ জৰিমণা ভৰিবলগীয়া হৈছিল। এই প্ৰতিবেদনবোৰ প্ৰকাশ হোৱাৰ পাছতে তেওঁক বাৰম্বাৰ ভাবুকি দিছিল এই ক্লিনিকবোৰৰ অসাধু চক্ৰই।

আনকি তেওঁক কেইবালাখ টকাৰ ভেটিও যচা হৈছিল। কিন্তু একোটে তেওঁ সৈমান নহ’ল আৰু এই ভুৱা ক্লিনিকৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰকাশ কৰি গ’ল। অৱশেষত অপৰাধৰ ৰম্যভূমি বিহাৰৰ সাংবাদিকগৰাকীক পথৰ পৰা আঁতৰোৱাৰ চৰম ব্যৱস্থা গ্ৰহণ কৰিলে দুষ্কৃতিকাৰীয়ে। সাংবাদিকজনৰ জ্বলি যোৱা মৃতদেহ পথৰ দাতিত উদধাৰ হোৱাৰ পাছতে আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰাৰ বাবে কিন্তু এতিয়ালৈ কোনো ক্লু লাভ কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক