--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সম্পত্তিৰ লোভত আমাৰ সমাজত যে কিমান যে জঘন্যতম কাণ্ড সংঘটিত হৈছে তাৰ হিচাপ নাই। মাটি-বাৰী, সম্পত্তিৰ লোভত পৰি আপোনজনেও আপোনজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। এইখিনিতে ওড়িশাৰ কটকৰ এগৰাকী মহিলাই তেওঁৰ সকলো সম্পত্তি এগৰাকী ৰিক্সাচালকক দান কৰি সমাজত এক অনন্য উদাহৰণ দাঙি ধৰিছে।

মিনতি পাটনায়ক নামৰ ৬৩ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ তিনিমহলীয়া ঘৰ, সোণৰ অলংকাৰ আৰু সকলো সা-সম্পত্তি ৰিক্সাচালক বুধা চামালক দান কৰিছে। মিনতিয়ে যোৱা বছৰ তেওঁৰ স্বামীক হেৰুৱাইছিল। যদিও মিনতিয়ে তেওঁৰ জীৱনৰ বাকী কালচোৱা জীয়েকৰ সৈতে কটোৱাৰ সিদ্ধান্ত লৈছিল কিন্তু নিয়তিয়ে সেয়া হ'বলৈ নিদিলে। স্বামীৰ মৃত্যুৰ ছয় মাহৰ পাছত মিনতিৰ কন্যা কোমলৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মিনতি পাটনায়ক একেবাৰে অকলশৰীয়া হৈ পৰিল। আনকি মিনতিৰ আত্মীয়সকলেও তেওঁৰ ফালে পিঠি দিছিল আৰু জীৱনৰ এই জটিল সন্ধিক্ষণত তেওঁৰ এষাৰ খবৰো লোৱা নাছিল।

আৰু পঢ়কঃ কংগনাই পদ্মশ্ৰী পালে, আপুনি কিয় নাপালে? এই প্ৰশ্নৰ উত্তৰত কি ক’লে চনু সুদে?

এনে সময়তে ৰিক্সাচালক বুধা চামালে মিনতিৰ কাষত থিয় দিছিল আৰু তেওঁক সকলো ধৰণে সহায় কৰিছিল। বুধা আৰু তেওঁৰ পৰিয়ালে মিনতিক চিকিৎসালয়লৈ লৈ যোৱা বা তেওঁৰ আন সমস্যাবোৰ চোৱাচিতা কৰাৰ পৰা আদি কৰি সকলো ধৰণৰ সেৱা আগবঢ়াইছিল। অকলশৰীয়া মিনতিৰ সেৱাত তেওঁলোকে নিজকে সমৰ্পিত কৰিছিল। মিনতি পাটনায়ক বুধা চামাল আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছিল। কৃতজ্ঞতাৰ চিন স্বৰূপে মিনতিয়ে তেওঁৰ সকলো সা-সম্পত্তি বুধা চামালৰ নামত কৰাৰ সিদ্ধান্ত লয়। এই সন্দৰ্ভত তেওঁ কয়, ''মই এটা অভাৱগ্ৰস্ত পৰিয়ালক সহায় কৰিব বিচাৰিছোঁ। মই বুধা আৰু তেওঁৰ পৰিয়ালক আইনীভাৱে সকলো দান কৰাৰ সিদ্ধান্ত ল'লো। মোৰ মৃত্যুৰ পাছত তেওঁলোকক যাতে কোনেও হাৰাশাস্তি নকৰে।মোৰ ভগ্নীসকলে মোৰ সম্পত্তি ৰিক্সাচালকক দান কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল। মোৰ ছোৱালী কোমলৰ মৃত্যুৰ পাছত কোনেও মোক ফোন কৰা নাছিল বা মোৰ ফোনৰ সঁহাৰি দিয়া নাছিল। যোৱা ২৫ বছৰ ধৰি বুধা আৰু তেওঁৰ পৰিয়াল মোৰ কাষত নিজৰ মানুহৰ দৰে থিয় দিছে। বুধা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে মোক সদায় সন্মান জনাই আহিছে আৰু মোৰ যত্ন লৈছে, গতিকে মোৰ যি আছে সেয়া তেওঁলোকেহে পোৱাৰ যোগ্য।"

বুধা আৰু তেওঁৰ পৰিয়ালে মিনতিৰ উদাৰতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। বুধা চামালে এই সন্দৰ্ভত কয়, "মই কেতিয়াও সম্পত্তিৰ সপোন দেখা নাছিলোঁ। মই আৰু মোৰ পৰিয়ালে সদায় মিনতিৰ কাষত নিঃস্বাৰ্থভাবে থিয় দি আছোঁ। তেওঁ জীয়াই থকালৈকে আমি তেওঁৰ চোৱাচিতা অব্যাহত ৰাখিম।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক