--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মণিপুৰ ম্যানমাৰ সীমান্তত সংঘটিত হৈছে এক ভয়ংকৰ উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা৷ এই আক্ৰমণত অসম ৰাইফলছৰ কৰ্ণেলসহ ৭জন নিহত হয়৷ আনকি কৰ্ণেলৰ পত্নী-পুত্ৰও নিহত হয় এই ভয়ংকৰ আক্ৰমণত৷ ম্যানমাৰ সীমান্তৱৰ্তী চূড়াচানপুৰত সংঘটিত হয় এই আক্ৰমণ৷ নিহতৰ মাজত আছে কৰ্ণেলৰ গাড়ী চালকজনো৷ লগতে এই আক্ৰমণত নিহত হয় ৪জনকৈ জোৱান৷

নিহত কৰ্ণেল জন হৈছে বিপ্লৱ ত্ৰিপাঠী৷ ৪৬ নং বেটেলিয়নৰ কামাণ্ডাৰ আছিল ত্ৰিপাঠী৷ তথ্য অনুসৰি, ঘন জংঘলৰ মাজত কৰ্ণেলৰ কনভয়ত আক্ৰমণ কৰে উপ্ৰপন্থীয়ে৷ এই আক্ৰামণত থিতাতেই নিহত হয় পত্নী-পুত্ৰ সহ কৰ্নেল বিপ্লৱ ত্ৰিপাঠী৷ মণিপুৰত আছাম ৰাইফলছৰ ৪ ছহিদৰ নাম প্ৰকাশ ইতিমধ্যেই প্ৰকাশ কৰিছে ৷

আক্ৰমণ ছহিদ হয় অসমৰ সুমন স্বৰ্গীয়াৰীও, ৰাইফলমেন কাটনেই কন্যাক, আৰ পি মিনা আৰু শ্যামল দাস ৷আনহাতে মণিপুৰত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে পিপুলছ লিবাৰেচন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠনটোৱে৷ অভিযানত জড়িত পিএলএৰ সদস্যৰ ফটোও প্ৰকাশ কৰে সংগঠনটোৱে৷ প্ৰাগ নিউজৰ হাতত পৰিছে আক্ৰমণকাৰী উগ্ৰপন্থীৰ ফটো৷ ইপিনে উগ্ৰপন্থীক ৰেহাই দিয়া নহয় বুলি ঘোষণা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক