--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ পৃথিৱীখন আশ্চৰ্য্য আৰু সুন্দৰ ঠাইৰে ভৰি আছে। এই সুন্দৰ পৃথিৱীখনত এনে দেশো আছে, কিছুমান অতি ডাঙৰ আৰু কিছুমান ইমানেই সৰু যে ভাৰতৰ বহু গাঁৱৰ তুলনাত সৰু বুলিব পাৰি। বহু দেশত মাত্ৰ এক বৰ্গ কিলোমিটাৰ এলেকাজুৰিহে আছে। তথাপিও সেই দেশৰ আছে এখন সম্পূৰ্ণ চৰকাৰ, নিজাববীয়া সংস্কৃতি আৰু পৰম্পৰা। বিশ্বৰ কেইখনমান সৰু দেশৰ বিষয়ে জানো আহক।

 এই তালিকাৰ শীৰ্ষত আছে ভেটিকান চিটি, যিখন দেশ বিশ্বৰ আটাইতকৈ সৰু দেশ। মাত্ৰ ১১০ একৰ মাটিত বিস্তৃত এই দেশখনৰ জনসংখ্যা মাত্ৰ প্ৰায় ১০০০। ইয়াৰ পাছতো এই দেশখন সমগ্ৰ বিশ্বৰ খ্ৰীষ্টানসকলৰ বাবে আটাইতকৈ পৱিত্ৰ দেশ হিচাপে পৰিচিত। এই দেশখনৰ ঐতিহাসিকভাৱে মাইকেলেঞ্জেলো আৰু লিঅনাৰ্ডো দ্যা ভিঞ্চিকে ধৰি বিশ্বৰ শ্ৰেষ্ঠ শিল্পীসকলৰ সৈতে জড়িত।

 বিশ্বৰ দ্বিতীয় সৰু দেশ মনাকোৰ মাটিকালি মাত্ৰ ৪৯৯ একৰ যদিও এই ক্ষুদ্ৰ ৰাষ্ট্ৰখনৰ বিষয়ে জানিলে এই দেশৰ সৌন্দৰ্য্য দেখি আপুনিও স্তম্ভিত হৈ পৰিব। ইয়াত মণ্টে কাৰ্লো কেচিনো আৰু গ্ৰেণ্ড প্ৰিক্স মটৰ ৰেচিং ইভেণ্টসমূহৰ বাবে বিশ্ববিখ্যাত।

 অবিশ্বাস্যভাৱে তৃতীয় নম্বৰত আছে নাউৰু, পূৰ্বতে প্লেজেণ্ট আইলেণ্ড নামেৰে জনাজাত। ই অষ্ট্ৰেলিয়াৰ পূব দিশত অৱস্থিত। এই দেশৰ বৰ্তমান জনসংখ্যা প্ৰায় ১৩,০০০জন। শান্তিপূৰ্ণ দেশখন অধিকাংশ পৰ্যটকৰ ৰাডাৰৰ পৰা আঁতৰত আছে।

 ওচেনিয়াৰ এই আচৰিত দেশ টুভালু পলিনেছিয়া বিশ্বৰ চতুৰ্থ সৰু দেশ। পূৰ্বতে এলিছ দ্বীপপুঞ্জ নামেৰে জনাজাত আছিল। এই দ্বীপ জাতিটোৰ জনসংখ্যা প্ৰায় ১১০০০। দূৰৱৰ্তী অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি দেশখন পৰ্যটকৰ তালিকাৰ বাহিৰত যদিও জনপ্ৰিয় অফবিট গন্তব্যস্থান।

 ছান মেৰিনো ৬১.২ বৰ্গ কিলোমিটাৰত অৱস্থিত। সৰুতম দেশৰ তালিকাত ই পঞ্চম স্থানত আছে। দেশৰ জনসংখ্যা প্ৰায় ৩৩০০০জন। ছান মেৰিনোৰ অৰ্থনীতি বহুলাংশে বিত্ত, উদ্যোগ, সেৱা আৰু পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল। ধুনীয়া দেশখনৰ প্ৰধান আকৰ্ষণ হল ইয়াৰ শিলৰ শিখৰৰ প্ৰাসাদ, যিবোৰ দেখাত যাদুকৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা