--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিআইৰ এগৰাকী শীৰ্ষ বিষয়াৰ আত্মহত্যা। কোঠাৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰে বিষয়াগৰাকীয়ে। ৰাজধানী দিল্লীত সংঘটিত হৈছে এই ঘটনা। দিল্লীৰ ডিফেন্স কলনীৰ পৰা আৰক্ষী থানাই পুৱা প্ৰায় ৬.৪৭ মান বজাত এই আত্মহত্যাৰ বিষয়ে তথ্য লাভ কৰিছিল।

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (চিবিআই) লোধি ৰোড কাৰ্যালয়ত উপ আইনী উপদেষ্টা হিচাপে নিযুক্ত জিতেন্দ্ৰ কুমাৰ (৪৮)ক এছ-২২ ত তেওঁৰ ঘৰত ওলমি থকা অৱস্থাত পোৱা গৈছিল। জিতেন্দ্ৰ কুমাৰ হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ বাসিন্দা আছিল। কৰ্মসূত্ৰে তেওঁ বাস কৰিছিল দিল্লীত। জিতেন্দ্ৰ কুমাৰৰ পৰিয়াল হিমাচলত থাকে আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া ফ্লেটটোত অকলশৰীয়াকৈ আছিল জিতেন্দ্ৰ কুমাৰ। 

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে বৃহৎ সংখ্যক আৰক্ষী বাহিনী সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো নমাই নিজৰ জিম্মাত লৈ যায়। আৰক্ষীয়ে মৃতদেহৰ ওচৰতে এখন ছুইচাইড নোটো উদ্ধাৰ কৰে। য’ত লিখা আছে যে তেওঁ মানসিক চাপ আৰু অসুস্থতাৰ সৈতে যুঁজি আছিল আৰু ইয়াৰ দ্বাৰা হতাশ হৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। ছুইচাইড নোটত তেওঁ কাৰো প্ৰতি কোনো অভিযোগ উত্থাপন কৰা নাই। ছুইচাইড নোট অনুসৰি, তেওঁৰ এই চৰম সিদ্ধান্তৰ বাবে কোনো দায়বদ্ধ নহয়, ইয়াৰ একমাত্ৰ দায়ী তেওঁ নিজেই।

দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰীৰ তদন্ত কৰি থকা ACB শাখাটোত জিতেন্দ্ৰ কুমাৰক লিগেল এডভাইজাৰ হিচাপে নিযুক্তি দিয়া হৈছিল। এই গোচৰত এচিবিয়ে জিতেন্দ্ৰ কুমাৰক বিচাৰ বিভাগৰ উপ সঞ্চালক হিচাপে নিযুক্তি দিছিল। তেওঁ কিয় এনে পদক্ষেপ গ্ৰহণ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু