--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিআইৰ এগৰাকী শীৰ্ষ বিষয়াৰ আত্মহত্যা। কোঠাৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰে বিষয়াগৰাকীয়ে। ৰাজধানী দিল্লীত সংঘটিত হৈছে এই ঘটনা। দিল্লীৰ ডিফেন্স কলনীৰ পৰা আৰক্ষী থানাই পুৱা প্ৰায় ৬.৪৭ মান বজাত এই আত্মহত্যাৰ বিষয়ে তথ্য লাভ কৰিছিল।

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (চিবিআই) লোধি ৰোড কাৰ্যালয়ত উপ আইনী উপদেষ্টা হিচাপে নিযুক্ত জিতেন্দ্ৰ কুমাৰ (৪৮)ক এছ-২২ ত তেওঁৰ ঘৰত ওলমি থকা অৱস্থাত পোৱা গৈছিল। জিতেন্দ্ৰ কুমাৰ হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ বাসিন্দা আছিল। কৰ্মসূত্ৰে তেওঁ বাস কৰিছিল দিল্লীত। জিতেন্দ্ৰ কুমাৰৰ পৰিয়াল হিমাচলত থাকে আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া ফ্লেটটোত অকলশৰীয়াকৈ আছিল জিতেন্দ্ৰ কুমাৰ। 

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে বৃহৎ সংখ্যক আৰক্ষী বাহিনী সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো নমাই নিজৰ জিম্মাত লৈ যায়। আৰক্ষীয়ে মৃতদেহৰ ওচৰতে এখন ছুইচাইড নোটো উদ্ধাৰ কৰে। য’ত লিখা আছে যে তেওঁ মানসিক চাপ আৰু অসুস্থতাৰ সৈতে যুঁজি আছিল আৰু ইয়াৰ দ্বাৰা হতাশ হৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। ছুইচাইড নোটত তেওঁ কাৰো প্ৰতি কোনো অভিযোগ উত্থাপন কৰা নাই। ছুইচাইড নোট অনুসৰি, তেওঁৰ এই চৰম সিদ্ধান্তৰ বাবে কোনো দায়বদ্ধ নহয়, ইয়াৰ একমাত্ৰ দায়ী তেওঁ নিজেই।

দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰীৰ তদন্ত কৰি থকা ACB শাখাটোত জিতেন্দ্ৰ কুমাৰক লিগেল এডভাইজাৰ হিচাপে নিযুক্তি দিয়া হৈছিল। এই গোচৰত এচিবিয়ে জিতেন্দ্ৰ কুমাৰক বিচাৰ বিভাগৰ উপ সঞ্চালক হিচাপে নিযুক্তি দিছিল। তেওঁ কিয় এনে পদক্ষেপ গ্ৰহণ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী