--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহক সহজ আৰু সুখী জীৱন যাপনৰ পথ দেখুৱাই থৈ গৈছে চাণক্যই।  প্ৰায় ২৫০০ বছৰ পূৰ্বে  চাণক্যই মানুহৰ জীৱনশৈলীকলৈ  কৈ যোৱা কথাবোৰ আজিও প্ৰাসংগিক হৈ আছে। চাণক্যৰ মতে ধনেই সকলো বুলি ভবাটো কেতিয়াও সমীচিন নহয়। ধন থাকিলে বিছনা খন কিনিব পাৰি টোপনি নোৱাৰি, খাদ্য কিনিব পাৰি ভোক নোৱাৰি। সেয়ে চাণক্যই ধনেই সকলো বুলি ভবাটো ভুল বুলি কৈছে। দৰাচলতে প্ৰায় ২৫০০ বছৰ আগতেই চাণক্যই কৈ যোৱা কথা বোৰ আজিও প্ৰাসংগিক হৈ আছে৷

 চাণক্যৰ নীতি শাস্ত্ৰৰ কথাবোৰ   জীৱনৰ পথত নিজকে চলাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ
আচাৰ্য চাণক্যই নৈতিকতা আৰু  ধন সম্পৰ্কীয়  গুৰুত্বপূৰ্ণ  নীতিৰ কথা কৈ গৈছে৷  প্ৰতিজন ব্যক্তিৰ জীৱনত ধনৰ এক বিশেষ গুৰুত্ব আছে। ধনেৰে তেওঁ তেওঁৰ প্ৰয়োজনীয়তাৰ লগতে তেওঁৰ ৰুচিবোৰো পূৰণ কৰিব পাৰে।

চাণক্যৰ কথাবোৰ বহুতৰে বাবে তিক্ত যেন লাগিব পাৰে, কিন্তু সেইবোৰে জীৱনত সফলতাক অনুপ্ৰাণিত কৰে। চাণক্য নীতি অনুসৰি, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানি লও আহক-

বহু  মানুহে ধনকলৈ  গৌৰৱ কৰে,কিন্তু  ধনৰ গৌৰৱে মানুহ এজনক  আকাশৰ পৰা মাটিলৈ নমাই আনিব পাৰে। চাণক্যই কয় যে টকা হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু যদি তিনিটা বস্তু হেৰাই যায় তেন্তে তাক পুনৰ ঘূৰাই পাব নোৱাৰি৷ 
 আচাৰ্য চাণক্যৰ মতে, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানো আহক

আত্মসন্মান – আত্মসন্মানে ব্যক্তি এজনৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে। ধন হেৰুওৱালে  পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু পুনৰ আত্মসন্মান প্ৰাপ্ত কৰা কঠিন। যদি কোনোবাই আত্মসন্মান সুৰক্ষিত কৰিবলৈ ধন ত্যাগ কৰিব লগা হয়, তেন্তে এইক্ষেত্ৰত  পিছ পৰি থাকিব নালাগে।

ধৰ্ম: ধৰ্ম সদায় সম্পদৰ উৰ্ধত। ধৰ্মৰ জৰিয়তে এজন ব্যক্তিয়ে শুদ্ধ আৰু ভুলৰ মাজৰ পাৰ্থক্য বুজিব পাৰে। চাণক্যই কৈছিল যে যিজন ব্যক্তিয়ে ধন উপাৰ্জনৰ বাবে ধৰ্ম ত্যাগ কৰে, সমাজত তেওঁৰ মৰ্যাদা হ্ৰাস পায়। সেইকাৰণে ধৰ্মক সদায় ধনৰ ওপৰত ৰাখিব লাগে৷ 

প্ৰেম- চাণক্যই বিশ্বাস কৰে যে প্ৰেম টকাৰে ক্ৰয় কৰিব নোৱাৰি। গতিকে সম্পৰ্কটো সুৰক্ষিত কৰা উচিত। প্ৰেম নাথাকিলে পৰিয়াল আৰু প্ৰিয়জনৰ সন্মুখত ধনৰ কোনো মূল্য নাই। চাণক্য নীতি অনুসৰি এজন ব্যক্তি ধনী হ’লেও  যদি কোনেও তেওঁক ভাল নাপায় তেন্তে তেওঁ ধনী হোৱাটো অৰ্থহীন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ