--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ২৫ মাৰ্চ, সোমবাৰ৷ আজি ৰঙৰ উৎসৱ ফাকুৱা৷ কেনেকৈ অতিবাহিত হ’ব আপোনাৰ আজিৰ দিনটো? জানি লওক দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজি আপোনাৰ দিনটো সৌভাগ্যশালী। আজি আপোনাৰ ইচ্ছাশক্তি আৰু সংকল্প অধিক শক্তিশালী হৈ উঠিবলৈ দেখা পাব৷ আজি আপুনি নিজকে সুস্থ অনুভৱ কৰিব। সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব।

বৃষ ৰাশি: আজিৰ দিনটো শুভ৷ আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব৷ দিনটোক উপভোগ কৰক৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷ গাড়ী-বাহন ক্ৰয়ৰ বাবে সময়টো ভাল।

মিথুন ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব। সাৱধানে থাকিব৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব৷ বিবাদৰ পৰা আঁতৰি থাকক৷

কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে৷ এনেকুৱা কৰাটো আপোনাৰ ক্ষতি কৰিব পাৰে৷ শিক্ষাৰ্থীৰ বাবে বৰ্তমান সময় শুভ নহয়৷ নিৰাশ নহ'ব চেষ্টা অব্যাহত ৰাখক৷

সিংহ ৰাশি: স্বাস্থ্যৰ যত্ন লওক। অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে আওকাণ নকৰিব৷ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক৷ বিবাদৰ পৰা আঁতৰি থাকক। আৰাম কৰক৷

কন্যা ৰাশি: জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব। আনন্দ-উল্লাসেৰে আপোনাৰ দিনটো পৰিপূৰ্ণ হৈ থাকিব৷ বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব৷ আৰ্থিক দিশত উন্নতি। বন্ধুসকলৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব৷

তুলা ৰাশি: স্বাস্থ্যৰ যতন ল’ব৷ অভিমান আঁতৰাই প্ৰিয়জনৰ সৈতে কথা পাতক৷ মনৰ খবৰৰ আদান-প্ৰদান কৰক৷ যাক দেখিলেই, যাক লগ পালেই আপুনি মনত শান্তি পাই, তেওঁক আজি এবাৰ লগ কৰক৷

বৃশ্চিক ৰাশি: আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব। কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল হৈ থাকিব। আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব। সন্তানৰ সফলতাই আপোনাক আনন্দ দিব৷

ধনু ৰাশি: আজি আপুনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব৷ আজি আপুনি পিতৃৰ আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব৷ খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক। 

মকৰ ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে৷ নিজৰ ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক। আৰ্থিক দিশত সাৱধানে চলক৷

কুম্ভ ৰাশি: সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰ সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে। আৰ্থিক লাভৰ যোগ৷ শিক্ষাৰ্থীৰ বাবে দিনটো শুভ৷

মীন ৰাশি: আপুনি শৰীৰৰ যত্ন লওক৷ কৰ্মক্ষেত্ৰত শুভ৷ পূৰ্বপৰিকল্পনাসমূহ কাৰ্যকৰী হ’ব পাৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ৰ দিলে ঐতিহাসিক ৰায়
ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত