--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ২৫ মাৰ্চ, সোমবাৰ৷ আজি ৰঙৰ উৎসৱ ফাকুৱা৷ কেনেকৈ অতিবাহিত হ’ব আপোনাৰ আজিৰ দিনটো? জানি লওক দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজি আপোনাৰ দিনটো সৌভাগ্যশালী। আজি আপোনাৰ ইচ্ছাশক্তি আৰু সংকল্প অধিক শক্তিশালী হৈ উঠিবলৈ দেখা পাব৷ আজি আপুনি নিজকে সুস্থ অনুভৱ কৰিব। সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব।

বৃষ ৰাশি: আজিৰ দিনটো শুভ৷ আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব৷ দিনটোক উপভোগ কৰক৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷ গাড়ী-বাহন ক্ৰয়ৰ বাবে সময়টো ভাল।

মিথুন ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব। সাৱধানে থাকিব৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব৷ বিবাদৰ পৰা আঁতৰি থাকক৷

কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে৷ এনেকুৱা কৰাটো আপোনাৰ ক্ষতি কৰিব পাৰে৷ শিক্ষাৰ্থীৰ বাবে বৰ্তমান সময় শুভ নহয়৷ নিৰাশ নহ'ব চেষ্টা অব্যাহত ৰাখক৷

সিংহ ৰাশি: স্বাস্থ্যৰ যত্ন লওক। অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে আওকাণ নকৰিব৷ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক৷ বিবাদৰ পৰা আঁতৰি থাকক। আৰাম কৰক৷

কন্যা ৰাশি: জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব। আনন্দ-উল্লাসেৰে আপোনাৰ দিনটো পৰিপূৰ্ণ হৈ থাকিব৷ বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব৷ আৰ্থিক দিশত উন্নতি। বন্ধুসকলৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব৷

তুলা ৰাশি: স্বাস্থ্যৰ যতন ল’ব৷ অভিমান আঁতৰাই প্ৰিয়জনৰ সৈতে কথা পাতক৷ মনৰ খবৰৰ আদান-প্ৰদান কৰক৷ যাক দেখিলেই, যাক লগ পালেই আপুনি মনত শান্তি পাই, তেওঁক আজি এবাৰ লগ কৰক৷

বৃশ্চিক ৰাশি: আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব। কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল হৈ থাকিব। আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব। সন্তানৰ সফলতাই আপোনাক আনন্দ দিব৷

ধনু ৰাশি: আজি আপুনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব৷ আজি আপুনি পিতৃৰ আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব৷ খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক। 

মকৰ ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে৷ নিজৰ ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক। আৰ্থিক দিশত সাৱধানে চলক৷

কুম্ভ ৰাশি: সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰ সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে। আৰ্থিক লাভৰ যোগ৷ শিক্ষাৰ্থীৰ বাবে দিনটো শুভ৷

মীন ৰাশি: আপুনি শৰীৰৰ যত্ন লওক৷ কৰ্মক্ষেত্ৰত শুভ৷ পূৰ্বপৰিকল্পনাসমূহ কাৰ্যকৰী হ’ব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ