--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২,৫০০ বছৰ পূৰ্বে চাণক্যই কৈ যোৱা কথাবোৰ আজিও প্ৰাসংগিক হৈ আছে।  চাণক্যই কেতবোৰ বস্তুক বিশ্বাসত নলবলৈ পৰামৰ্শ দি গৈছে। সেইবোৰ হ'ল— নখযুক্ত হিংস্র পশু, শিংযুক্ত পশু, অস্ত্ৰধাৰী ৰজাৰ কৰ্মচাৰী, নদী, স্ত্ৰী, ৰজা আৰু ৰাজকুলৰ কৰ্মচাৰী। নখযুক্ত হিংস্র পশু যেনে বাঘ, সিংহ আদিয়ে কোন মুহূৰ্তত মানুহক আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই। এনে নখ-দন্তযুক্ত প্ৰাণীক বিশ্বাসত লোৱা মানে নিজৰ বিপদ নিজে মাতি অনা হ'ব।

চাণক্যৰ মতে নদীকো বিশ্বাস কৰিব নালাগে। কাৰণ শান্ত নদীয়ে হঠাতে অশান্ত ৰূপ ধাৰণ কৰি মানুহৰ মৃত্যু মাতি আনিব পাৰে। শিং যুক্ত প্ৰাণী, ঘৰচীয়াই হওক বা বনৰীয়াই হওক কেতিয়াও বিশ্বাস কৰিব নালাগে। কিয়নো এনে প্রাণীয়ে হঠাতে আক্ৰমণ কৰিব পাৰে। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীৰো কোনো বিশ্বাস নাই। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীয়ে তেওঁ যাক নিৰাপত্তা দি গৈছে তেওঁকেই হত্যা কৰিব পাৰে।

 আমাৰ ভাৰতবৰ্ষতেই ইন্দিৰা গান্ধীৰ হত্যাই এই কথাৰ প্রমাণ দাঙি ধৰে। স্ত্রীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। চাণক্যৰ মতে স্ত্ৰীৰ মন বুজা অতি টান। সেয়ে স্ত্রীয়ে কেতিয়া বিপদ ঘটায় তাৰ ঠিক নাই। ৰজাক আৰু ৰাজকুলৰ কৰ্মচাৰীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। কিয়নো সাধাৰণ কথাতে ৰজা অথবা ৰাজকুলৰ কৰ্মচাৰীয়ে মানুহৰ ভুল ধৰি কঠোৰ শাস্তি বিহিব পাৰে।( বিঃ দ্ৰঃ এই লেখা চাণক্যৰ নীতিৰ ওপৰত আধাৰিত। ইয়াত আমাৰ নিজস্ব কোনো মত প্ৰতিফলিত হোৱা নাই)

FOLLOW US F
POPULAR
FEATURE
TRENDY
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু