--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২,৫০০ বছৰ পূৰ্বে চাণক্যই কৈ যোৱা কথাবোৰ আজিও প্ৰাসংগিক হৈ আছে।  চাণক্যই কেতবোৰ বস্তুক বিশ্বাসত নলবলৈ পৰামৰ্শ দি গৈছে। সেইবোৰ হ'ল— নখযুক্ত হিংস্র পশু, শিংযুক্ত পশু, অস্ত্ৰধাৰী ৰজাৰ কৰ্মচাৰী, নদী, স্ত্ৰী, ৰজা আৰু ৰাজকুলৰ কৰ্মচাৰী। নখযুক্ত হিংস্র পশু যেনে বাঘ, সিংহ আদিয়ে কোন মুহূৰ্তত মানুহক আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই। এনে নখ-দন্তযুক্ত প্ৰাণীক বিশ্বাসত লোৱা মানে নিজৰ বিপদ নিজে মাতি অনা হ'ব।

চাণক্যৰ মতে নদীকো বিশ্বাস কৰিব নালাগে। কাৰণ শান্ত নদীয়ে হঠাতে অশান্ত ৰূপ ধাৰণ কৰি মানুহৰ মৃত্যু মাতি আনিব পাৰে। শিং যুক্ত প্ৰাণী, ঘৰচীয়াই হওক বা বনৰীয়াই হওক কেতিয়াও বিশ্বাস কৰিব নালাগে। কিয়নো এনে প্রাণীয়ে হঠাতে আক্ৰমণ কৰিব পাৰে। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীৰো কোনো বিশ্বাস নাই। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীয়ে তেওঁ যাক নিৰাপত্তা দি গৈছে তেওঁকেই হত্যা কৰিব পাৰে।

 আমাৰ ভাৰতবৰ্ষতেই ইন্দিৰা গান্ধীৰ হত্যাই এই কথাৰ প্রমাণ দাঙি ধৰে। স্ত্রীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। চাণক্যৰ মতে স্ত্ৰীৰ মন বুজা অতি টান। সেয়ে স্ত্রীয়ে কেতিয়া বিপদ ঘটায় তাৰ ঠিক নাই। ৰজাক আৰু ৰাজকুলৰ কৰ্মচাৰীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। কিয়নো সাধাৰণ কথাতে ৰজা অথবা ৰাজকুলৰ কৰ্মচাৰীয়ে মানুহৰ ভুল ধৰি কঠোৰ শাস্তি বিহিব পাৰে।( বিঃ দ্ৰঃ এই লেখা চাণক্যৰ নীতিৰ ওপৰত আধাৰিত। ইয়াত আমাৰ নিজস্ব কোনো মত প্ৰতিফলিত হোৱা নাই)

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement