--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গৰম আৰু প্ৰবল সূৰ্যৰ পোহৰৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰত পৰা দেখা যায়। এনে ঋতুত বিশেষকৈ মাইগ্ৰেইন ৰোগীৰ বাবে অতি কষ্টকৰ। গৰম আৰু সূৰ্যৰ পোহৰৰ বাবে মাইগ্ৰেইনৰ বিষ অধিক আমনিদায়ক হৈ পৰে। দৰাচলতে গ্ৰীষ্মকালত শৰীৰৰ পৰা অধিক ঘাম ওলোৱাৰ ফলত ইলেক্ট্ৰলাইটৰ অভাৱ হয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে গ্ৰীষ্মকালত শৰীৰক অধিক জলসিঞ্চিত কৰি ৰাখি মাইগ্ৰেইনৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ বাবে শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ দূৰ কৰিবলৈ নেমুৰ পানী খাব পাৰে।

মাইগ্ৰেইনৰ পৰা পৰিত্ৰাণৰ উপায়-

স্বাস্থ্য বিশেষজ্ঞৰ মতে ORS, গ্লুক’জ, নেমুৰ পানীয়ে গৰমৰ দিনত মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ অধিক ফলপ্ৰসূ। ইয়াৰ ফলত শৰীৰ হাইড্ৰেটেড হৈ থাকে আৰু মূৰৰ বিষৰ পৰা উপশম পাব পাৰি। সবিশেষ জানো আহক...।

১. বিশেষজ্ঞসকলৰ মতে ডিহাইড্ৰেছনৰ ফলতো মাইগ্ৰেইনৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত মগজুলৈ তেজৰ যোগান হ্ৰাস পায় আৰু ৰক্তবাহী নলীবোৰ সংকীৰ্ণ হৈ পৰে, ইয়াৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা হয়।

২. গ্ৰীষ্মকালত মাইগ্ৰেইনৰ বিষ পুষ্টিৰ অভাৱৰ বাবেও হ’ব পাৰে। শৰীৰত ভিটামিন-ডি, আইৰণ আৰু মেগনেছিয়ামৰ অভাৱত মূৰৰ বিষে আমনি কৰে। সেইবাবেই খাদ্য তালিকাত পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰা উচিত।।

৩. স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে গ্ৰীষ্মকালত উচ্চ উষ্ণতা, আৰ্দ্ৰতা আৰু দীৰ্ঘদিন সময় ধৰি ৰ’দত থাকিলে ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্যহীনতা হয়, ফলত ই মাইগ্ৰেইনৰ বিষৰ সূচনা কৰে।

৪. মাইগ্ৰেইনৰ সাধাৰণ কাৰণসমূহ-

* অত্যধিক চাপ

* হৰম’নৰ পৰিৱৰ্তন

* টোপনিৰ অভাৱ

* কেফেইনযুক্ত খাদ্য অধিক গ্ৰহণ

* বতৰৰ পৰিৱৰ্তন

* পোহৰ, শব্দ বা উৎকট গোন্ধ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে