--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই হাজাৰ হাজাৰ বছৰ পূৰ্বে লিখি থৈ যোৱা কথাবোৰ আজিও আমাৰ সমাজত প্ৰাসংগিক হৈ আছে। চাণক্যৰ মতে আপুনি কেতিয়াও নিজৰ বিষয়ে সকলো কথা সকলোকে ক'ব নালাগে। ফলস্বৰূপে, লাভতকৈ অধিক লোকচানহে হ’ব পাৰে। যদি আপুনি এই গোপন কথাবোৰ আন কাৰোবাক কয়, আপোনাৰ সমস্যা বৃদ্ধি হ'ব। চাণক্যই কাকো কি ক'বলৈ নিষেধ কৰি গৈছে  চাওঁ আহক-

ব্যৱসায় বা আন কামত লোকচান হ’লে

আচাৰ্য চাণক্যৰ মতে  কেতিয়াও  কাকো লোক এজনে তেওঁৰ আৰ্থিক লোকচানৰ বিষয়ে ক’ব নালাগে। চাণক্যই কৈছিল যে যিসকলে তেওঁলোকৰ বিত্তীয় সংকটৰ বিষয়েআন লোকৰ সৈতে আলোচনা কৰে, তেওঁলোকৰ অসহায় অৱস্থা  কেতিয়াও শেষ নহ'ব। যদি আপুনি বাহিৰৰ কাৰোবাৰ সৈতে আপোনাৰ আৰ্থিক দুৰ্দশাৰ বিষয়ে আলোচনা কৰে আপুনি সেই দ্বিতীয় ব্যক্তিজনৰ পৰা আৰ্থিক সহায় নাপায়, ইয়াৰ বিপৰীতে সেই ব্যক্তিজনে আপোনাৰ দুৰ্দশাৰ সুযোগ ল'ব পাৰে। সমস্যাটোৰ বিষয়ে জানি তেওঁ আপোনাৰ সৈতে দূৰত্ব বৃদ্ধি কৰিব পাৰে।

বৈবাহিক জীৱনৰ সমস্যাৰ বিষয়ে

আপোনাৰ জীৱনসংগী আপোনাৰ মনৰ মতে  নহ'বও পাৰে। কিন্তু বাহিৰৰ কাৰো সৈতে এই বিষয়ে আলোচনা কৰিব নালাগে৷ এজন তৃতীয় ব্যক্তিক কেতিয়াও বৈবাহিক অশান্তি বা মতবিৰোধৰ কথা   জানিবলৈ দিয়া উচিত নহয়। লগতে যদি আপোনাৰ স্বামী বা পত্নীৰ কোনো গোপনীয়তা বা দুৰ্বলতা আছে, আন কাকো কেতিয়াও সেয়া  জনাব নালাগে৷  আনকি আন লোকসকলে আপোনাৰ সন্মুখত আপোনাৰ প্ৰতি সহানুভূতি দেখুৱালেও তেওঁলোকে পিছত  আপোনাক লৈ  হাঁহিব। কেৱল সেয়াই নহয়, ই বৈবাহিক সম্পৰ্ককো অপমান কৰে আৰু যদি আপোনাৰ সঙ্গীয়ে এই বিষয়ে জানিব পাৰে সম্পৰ্কৰ তিক্ততা আৰু বৃদ্ধি পাব।

আনে কৰা অপমান কৰিলে সেয়া বেলেগক জনাব  নালাগে

চাণক্যই কৈছিল যে যদি কোনোবাই কেতিয়াবা আপোনাক অপমান কৰে ঘটনাটোৰ বিষয়ে  আনক কোৱাৰ কোনো প্ৰয়োজন নাই। সেয়া নিজৰ মাজতে গোপনে  ৰাখিব। আপোনাৰ অপমানৰ বিষয়ে আন কাৰোবাক কোৱাৰ অৰ্থ হৈছে যে আপুনি সেই ব্যক্তিজনৰ পৰাও কেতিয়াবা অপমানিত হ’ব পাৰে৷ 

নিজৰ সমস্যা নিজৰ মাজতে ৰাখক
চাণক্য নীতি অনুসৰি, আপোনাৰ সমস্যাৰ বিষয়ে আন দহজন  লোকক নক'ব আৰু ইয়াক নিজৰ মাজতে  ৰাখিব। ইয়াৰ কাৰণ হৈছে বেছিভাগ সময়তে আন লোকে  আপোনাৰ সমস্যাবোৰৰ বিষয়ে শুনিব আৰু আপোনাৰ দুখত দুখ প্ৰকাশ কৰিব। কাৰণ সেইটো বেছিভাগ মানুহৰ চৰিত্ৰ। কিছুমানে আনকি আপোনাৰ বেয়া সময়ৰ সুবিধা ল'ব বিচাৰিব। গতিকে আপোনাৰ সমস্যাবোৰৰ বিষয়ে আন কাকো নক'ব, ,যেতিয়ালৈকে ই অতি প্ৰয়োজনীয় নহয়। চাণক্যই কয় যে যদি আপুনি আন কোনোবাই  সমস্যা সমাধান কৰিব বুলি আশা কৰে, তেন্তে আপুনি প্ৰতাৰণাৰ বলিও হ’ব পাৰে৷  আপুনি আপোনাৰ সমস্যাৰ সমাধান নিজেই কৰিব লাগিব। সেয়ে সমস্যা ধৈৰ্য ধৰি সমাধান কৰাতহে মন দিব লাগে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু