--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই কোন নাৰী ভাল পত্নীহ’ব পাৰে সেই বিষয়ে বহু কথা কৈ গৈছে। চাণক্যৰ  মতে যি পত্নীয়ে মনে প্রাণে পতিব্রতা হয় আৰু কামৰ জৰিয়তে সেই কথাৰ প্রমাণ দিয়ে তেৱেই শ্রেষ্ঠ পত্নী। তেনে পত্নী সদায় সত্যবাদী হয় আৰু স্বামীক সকলো কথাই খুলি-ভাঙি কয়। 

তেনে পত্নীয়ে কেতিয়াও চলনাৰ আশ্ৰয় নলয় । আৰু স্বামীক বিপথে পৰিচালিত নকৰে। তেনে পত্নীকেই শ্রেষ্ঠ পত্নী হিচাপে মর্যাদা দিছে চাণক্যই।চাণক্যই লগতে কৈছে যে পুত্রহীন ব্যক্তিৰ গৃহ শূন্য, বন্ধু-বান্ধৱ নথকা ব্যক্তিৰ দিশ শুন্য, মুৰ্খতাই কৰে হৃদয় শূন্য আৰু দৰিদ্ৰতাই সকলো শূন্য কৰি পেলায়। মানুহে সংসাৰ কৰে পুত্ৰ-কন্যা সন্তানেৰে ঘৰ সুশোভিত কৰি তুলিবলৈ। কিন্তু সকলো লোকৰ ভাগ্যত পুত্র লাভৰ যোগ নাথাকে।

 বহুতে  পৰম আগ্ৰহেৰে সংসাৰ কৰিলেও ঈশ্বৰে তেওঁলোকক পুত্র সন্তান নিদিয়ে। কোনো পুত্ৰ নথকা ঘৰ সেয়ে সকলো থাকিও শূন্য হৈ পৰে বুলি চাণক্যই কৈছে। চাণক্যই  পুত্রহীন গৃহক শূন্য গৃহ বুলি কৈছে। একেদৰে যি লোকৰ কোনো বন্ধু-বান্ধৱ নাই তেনে লোকো দিশহাৰা হৈ পৰে। বন্ধু-বান্ধৱে লোক এজনক বিপদ তথা সম্পদৰ সময়ত সংগ দি যায়। 

প্রতিকূল পৰিস্থিতিৰ মুখামুখি হোৱাৰ সময়ত লোক এজনক যদি পৰামৰ্শ দিবলৈ অথবা সহায় কৰিবলৈ বন্ধু-বান্ধৱ নাথাকে তেন্তে তেওঁ বিপদৰ পৰা উদ্ধাৰ পোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। একেদৰে মুৰ্খতাই হৃদয় শূন্য কৰি পেলায়। মুৰ্খতাৰ বাবেই মানুহে হিত-অহিতৰ বিচাৰ কৰিব নোৱাৰে। দৰিত্ৰতাই সকলো পুৰি চাৰখাৰ কৰে বুলিও চাণক্যই কৈছে।দৰিদ্ৰ লোক এজনে কোনো পৰিকল্পনাই ধনৰ অভাৱত সফল কৰিব নোৱাৰে। সেয়ে চাণক্যই সকলোকে যোগ্যতা আৰু সামৰ্থ অনুসৰি দেহত বল থকালৈকে কাম কৰি যোৱাৰ কথা কৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ