--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই কোন নাৰী ভাল পত্নীহ’ব পাৰে সেই বিষয়ে বহু কথা কৈ গৈছে। চাণক্যৰ  মতে যি পত্নীয়ে মনে প্রাণে পতিব্রতা হয় আৰু কামৰ জৰিয়তে সেই কথাৰ প্রমাণ দিয়ে তেৱেই শ্রেষ্ঠ পত্নী। তেনে পত্নী সদায় সত্যবাদী হয় আৰু স্বামীক সকলো কথাই খুলি-ভাঙি কয়। 

তেনে পত্নীয়ে কেতিয়াও চলনাৰ আশ্ৰয় নলয় । আৰু স্বামীক বিপথে পৰিচালিত নকৰে। তেনে পত্নীকেই শ্রেষ্ঠ পত্নী হিচাপে মর্যাদা দিছে চাণক্যই।চাণক্যই লগতে কৈছে যে পুত্রহীন ব্যক্তিৰ গৃহ শূন্য, বন্ধু-বান্ধৱ নথকা ব্যক্তিৰ দিশ শুন্য, মুৰ্খতাই কৰে হৃদয় শূন্য আৰু দৰিদ্ৰতাই সকলো শূন্য কৰি পেলায়। মানুহে সংসাৰ কৰে পুত্ৰ-কন্যা সন্তানেৰে ঘৰ সুশোভিত কৰি তুলিবলৈ। কিন্তু সকলো লোকৰ ভাগ্যত পুত্র লাভৰ যোগ নাথাকে।

 বহুতে  পৰম আগ্ৰহেৰে সংসাৰ কৰিলেও ঈশ্বৰে তেওঁলোকক পুত্র সন্তান নিদিয়ে। কোনো পুত্ৰ নথকা ঘৰ সেয়ে সকলো থাকিও শূন্য হৈ পৰে বুলি চাণক্যই কৈছে। চাণক্যই  পুত্রহীন গৃহক শূন্য গৃহ বুলি কৈছে। একেদৰে যি লোকৰ কোনো বন্ধু-বান্ধৱ নাই তেনে লোকো দিশহাৰা হৈ পৰে। বন্ধু-বান্ধৱে লোক এজনক বিপদ তথা সম্পদৰ সময়ত সংগ দি যায়। 

প্রতিকূল পৰিস্থিতিৰ মুখামুখি হোৱাৰ সময়ত লোক এজনক যদি পৰামৰ্শ দিবলৈ অথবা সহায় কৰিবলৈ বন্ধু-বান্ধৱ নাথাকে তেন্তে তেওঁ বিপদৰ পৰা উদ্ধাৰ পোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। একেদৰে মুৰ্খতাই হৃদয় শূন্য কৰি পেলায়। মুৰ্খতাৰ বাবেই মানুহে হিত-অহিতৰ বিচাৰ কৰিব নোৱাৰে। দৰিত্ৰতাই সকলো পুৰি চাৰখাৰ কৰে বুলিও চাণক্যই কৈছে।দৰিদ্ৰ লোক এজনে কোনো পৰিকল্পনাই ধনৰ অভাৱত সফল কৰিব নোৱাৰে। সেয়ে চাণক্যই সকলোকে যোগ্যতা আৰু সামৰ্থ অনুসৰি দেহত বল থকালৈকে কাম কৰি যোৱাৰ কথা কৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা