--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২৫০০ বছৰ আগতেই চাণক্যই কৈ যোৱা কথা বোৰ আজিও প্ৰাসংগিক হৈ আছে৷ চাণক্যৰ নীতি শাস্ত্ৰৰ কথাবোৰ   জীৱনৰ পথত নিজকে চলাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ
আচাৰ্য চাণক্যই নৈতিকতা আৰু  ধন সম্পৰ্কীয়  গুৰুত্বপূৰ্ণ  নীতিৰ কথা কৈ গৈছে৷  প্ৰতিজন ব্যক্তিৰ জীৱনত ধনৰ এক বিশেষ গুৰুত্ব আছে। ধনেৰে তেওঁ তেওঁৰ প্ৰয়োজনীয়তাৰ লগতে তেওঁৰ ৰুচিবোৰো পূৰণ কৰিব পাৰে।

চাণক্যৰ কথাবোৰ বহুতৰে বাবে তিক্ত যেন লাগিব পাৰে, কিন্তু সেইবোৰে জীৱনত সফলতাক অনুপ্ৰাণিত কৰে। চাণক্য নীতি অনুসৰি, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানি লও আহক-

বহু  মানুহে ধনকলৈ  গৌৰৱ কৰে,কিন্তু  ধনৰ গৌৰৱে মানুহ এজনক  আকাশৰ পৰা মাটিলৈ নমাই আনিব পাৰে। চাণক্যই কয় যে টকা হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু যদি তিনিটা বস্তু হেৰাই যায় তেন্তে তাক পুনৰ ঘূৰাই পাব নোৱাৰি৷ 
 আচাৰ্য চাণক্যৰ মতে, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানো আহক

আত্মসন্মান – আত্মসন্মানে ব্যক্তি এজনৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে। ধন হেৰুওৱালে  পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু পুনৰ আত্মসন্মান প্ৰাপ্ত কৰা কঠিন। যদি কোনোবাই আত্মসন্মান সুৰক্ষিত কৰিবলৈ ধন ত্যাগ কৰিব লগা হয়, তেন্তে এইক্ষেত্ৰত  পিছ পৰি থাকিব নালাগে।

ধৰ্ম: ধৰ্ম সদায় সম্পদৰ উৰ্ধত। ধৰ্ম্মৰ জৰিয়তে এজন ব্যক্তিয়ে শুদ্ধ আৰু ভুলৰ মাজৰ পাৰ্থক্য বুজিব পাৰে। চাণক্যই কৈছিল যে যিজন ব্যক্তিয়ে ধন উপাৰ্জনৰ বাবে ধৰ্ম ত্যাগ কৰে, সমাজত তেওঁৰ মৰ্যাদা হ্ৰাস পায়। সেইকাৰণে ধৰ্মক সদায় ধনৰ ওপৰত ৰাখিব লাগে৷ 

প্ৰেম- চাণক্যই বিশ্বাস কৰে যে প্ৰেম টকাৰে ক্ৰয় কৰিব নোৱাৰি। গতিকে সম্পৰ্কটো সুৰক্ষিত কৰা উচিত। প্ৰেম নাথাকিলে পৰিয়াল আৰু প্ৰিয়জনৰ সন্মুখত ধনৰ কোনো মূল্য নাই। চাণক্য নীতি অনুসৰি এজন ব্যক্তি ধনী হ’লেও  যদি কোনেও তেওঁক ভাল নাপায় তেন্তে তেওঁ ধনী হোৱাটো অৰ্থহীন।







FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক