--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ উন্নতিৰ বাবে চাণক্যই বহু কথাই কৈ গাছে। জীৱনত উন্নতি কৰিবলৈ চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই বহু কথা কৈ গৈছে।। চাণক্যৰ মতে যি গছত কোনো ফল নাথাকে সেই গছ চৰায়ে ত্যাগ কৰে। কাৰণ চৰায়ে ক্ষুধা নিবাৰণৰ বাবে তেনে গছত কোনো ফল বিচাৰি নাপায়। একেদৰে আলহীয়ে গৃহস্থৰ ঘৰত ভোজন কৰাৰ পিছতেই সেই ঘৰ ত্যাগ কৰিব লাগে।

 আলহীয়ে যদি ভোজন কৰাৰ পিছতো সেই ঘৰত শয়ন কৰিব বিচাৰে অথবা আৰু কিছুদিন থাকি যাব বিচাৰে তেন্তে সেয়া গৃহস্থৰ বাবে আমনিদায়ক আৰু এক বোজা স্বৰূপ হৈ পৰে। সেইবাবে আলহীয়ে ভোজন কৰাৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰিব লাগে।চাণক্যই কোৱা মূল কথাটো হ’ল গণিকাই ধনহীন কৰে পুৰুষক, প্রজাই ক্ষমতাচ্যুত কৰে শক্তিহীন ৰজাক, চৰায়ে ফলহীন বৃক্ষক ত্যাগ কৰে। 

তেনেদৰে অতিথিসকলেও আহাৰ গ্ৰহণৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰা উচিত।একেদৰে ব্ৰাহ্মণে দক্ষিণা গ্রহণৰ পিছতেই যজমানক ত্যাগ কৰে। শিষ্যই বিদ্যা লাভৰ পিছতেই গুৰুক ত্যাগ কৰে আৰু হৰিণাই অগ্নিদগ্ধ অৰণ্য ত্যাগ কৰে। অর্থাৎ কার্য সিদ্ধি অথবা বিপদৰ আগজাননী অনুসৰি কেতবোৰ স্থান আৰু পাত্র ত্যাগ কৰিব লাগে। 

চাণক্যই তেওঁৰ শ্লোকৰ মাধ্যমেৰে মানুহে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পিছত কেতবোৰ নিৰ্দিষ্ট কাম কৰাৰ পৰামর্শ দিছে। ব্রাহ্মণে পূজা-পাঠ কৰিবলৈ যজমানৰ ঘৰলৈ যায়। যজমানৰ ঘৰত পূজা-পাঠ সম্পূৰ্ণ হোৱাৰ পিছতেই ব্রাহ্মণে যজমানৰ ঘৰ ত্যাগ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু