--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্যস্ততাপূ্ৰ্ণ জীৱনত নিজকে সুস্থ কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কাৰণ দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ ফলত আমি সঘনাই স্বাস্থ্যজনিত সমস্যাত ভুগো। সেয়েহে যিকোনো ৰোগৰ পৰা হাত সাৰিবলৈ আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ পুষ্টিকৰ উপাদানৰ লগতে আমি খাদ্য তালিকাত অধিক পৰিমাণে সতেজ ফলমূলৰ অন্তৰ্ভুক্ত কৰা উচিত। কাৰণ ফলমূলে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু প্ৰশ্ন হয় যে পুৱা খালী পেটত কোনবোৰ ফল গ্ৰহণ কৰা উচিত বা আপুনি দিনটো কোনবোৰ ফলমূলৰে আৰম্ভ কৰিব। এই বিষয়ে কিছু কথা জানো আহক।

ফলমূল খোৱাৰ সঠিক সময়-

পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত কোনবোৰ ফল গ্ৰহণ কৰা উচিত, যিবোৰে স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পেলায়। পুৱা কোনবোৰ ফল অতি ফলপ্ৰসূ জানো আহক।

১. কিৱি:-খালী পেটত কিৱি খাব পাৰে, কিৱিত আঁহৰ লগতে বহু পুষ্টিকৰ উপাদানৰে পোৱা যায়। ডেংগু ৰোগৰ বাবে কিৱি অতি উপকাৰী। কিৱি খালে পাচনতন্ত্ৰ শক্তিশালী কৰে।

২. আপেলঃ-খালী পেটত আপেল খাব পাৰে, আপেল ওজন নিয়ন্ত্ৰণৰ বাবেও উপকাৰী। পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আপেলে কোষ্ঠকাঠিন্য, গেছৰ পৰা মুক্তি পোৱাত সহায় কৰাৰ উপৰি পাচনতন্ত্ৰ উন্নত কৰে।

৩. ডালিমঃ-এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণযুক্ত ডালিম খালী পেটত সেৱন কৰিব পাৰে। ডালিমে আইৰণৰ অভাৱ পূৰণ কৰাৰ উপৰি ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

৪. অমিতাঃ-অমিতা শৰীৰৰ বাবে বহু উপকাৰী। অমিতা খালী পেটত খাব পাৰি। অমিতা আঁহযুক্ত হোৱাৰ বাবে ই ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু কলেষ্টেৰলৰ মাত্ৰাও সঠিকভাৱে ৰখাৰ উপৰি বদহজম, কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ দৰে সমস্যাৰ পৰা সকাহ প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ